হু আশা বুকুত বান্ধি গুদু আৰু মনু ঘৰৰ কাষতে হোৱা চাহিত্য চভাৰ অধিৱেশনলৈ গ’ল। সন্ধিয়া ক্লান্ত হৈ ঘৰলৈ ঘূৰি আহোঁতে বাটতে লগ পালো দুইটাকে। ক’লৈ গৈছিলি সুধিলত উত্তৰ দিলে ‘চাহিত্য চভা’ চাবলৈ গৈছিলো। মই বোলো বিচাৰি পালি নে ‘চাহিত্য’? ‘নাপালো দাদা’ বুলি দুখ মনেৰে উত্তৰ দিলে। হয়ো পিছে, সিহঁত সৰু ল’ৰা, নিমাখিত ল’ৰা। ভাবিছিলে সাহিত্য সভালৈ গৈ ‘চাহিত্য’ পাব। সিহঁতে ক’তনো জানে যে সাহিত্যৰ শেষকৃত্য হোৱা বহুদিনেই হ’ল।

www.cartoonistnituparna.org

সাহিত্য সভা এখনত জুনজুনি, পুনপুনি, চিকেন ৰ’ল, চাউমিনৰ যিমানকেইখন দোকান থাকে, সিমানকেইখন কিতাপৰ দোকান থকা হ’লে বহুত ভাল হ’লহেঁতেন। ভাষাটো আমি নিশ্চয় লাল চাহ আৰু এগ চপ খাই ফটা লেকচাৰ মাৰি বচাব নোৱাৰো। কিতাপ পঢ়িব লাগিব নহয় জানো? কিতাপ পঢ়িবলৈ, ভাল ভাল কথা জানিবলৈ মানুহ সাহিত্য সভালৈ যায়, সভাপতিৰ প্ৰাণ চুই যোৱা ভাষণ শুনিবলৈ যায়। আগৰ কথা নাজানো, এতিয়া ভাষণবোৰে প্ৰাণ নোচোৱে, ‘পাণ’ চোৱে।

কেইমাহমান আগতে সাহিত্য সভাই ছিংগাপুৰত এটা শাখা খুলিছে বুলি শুনিছিলো। ভাল কথা, খুব ভাল। কিন্তু ছিংগাপুৰত অসমীয়া ভাষা বচোৱাৰ আগতেই অসমত অসমীয়া ভাষাটো বচাই ল’লে ভাল নেকি? সাহিত্য সভা অসমৰ অভিমান স্বৰূপ। কিন্তু ইমানেই অভিমান নে যে আজিলৈ ইংৰাজী মাধ্যমৰ স্কুল এখনতো সোমাবগৈ নুখুজিলে! চাইনব’ৰ্ডত থকা ইংৰাজী মচি অসমীয়া কৰিলে বাৰু এসময়ত। কিন্তু ইমান জাতীয়তাবাদী হোৱাৰ পাছতো নিজৰ ল’ৰা-ছোৱালীকহে কিয় ইংৰাজী মাধ্যমৰ স্কুলত দিয়ে সেইটোহে নুবুজিলো।

আগতে অসম সাহিত্য সভাৰ সভাপতি সকলৰ নামবোৰ মনত পেলাই ভাল লাগিছিল। পদ্মনাথ, লক্ষ্মীনাথ, মিত্ৰদেৱ, হেম, নৱকান্ত, ভূপেন, হোমেন, বীৰেন আদি। এতিয়া একেই শাৰীতেই তেৰাৰ নামটো ল’লে কিবা মাৰ্চিডিজ এখনত মাৰুতিৰ চকা লগোৱা নিচিনা লাগে দৌ। ৰাইজৰ ইমান বেছি গালি খোৱা এজন সভাপতি সাহিত্য সভাই পুনৰ পাব নে নাই সন্দেহ আছে। সেইকাৰণে তেওঁক বিনতি কৰিছো ইয়াৰ পৰাই যে ভাষাটো কেনেকৈ বচাই বচাওক আৰু দৌ! সময় বহু গ’ল!

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous কেশৱ মহন্তৰ মাত
Next কলৰে পাততে কাউৰী পৰে: সমাজ সলনিৰ খতিয়ান

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে