জ্যেষ্ঠ সাংবাদিক-লেখক বুলন কুমাৰ শইকীয়া

আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে আছুতীয়া বাৰ্তালাপ

 

হঠাতে এটা ফোন কল আহিল। ফোনটোৰ সিটো মূৰত নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ সেনাপ্রধান পৰেশ বৰুৱা। ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতিত, পাতনি নেমেলাকৈয়ে তেওঁ আৰম্ভ কৰিলে সুদীর্ঘ আলাপ। উল্লেখ্য যে বিতর্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ প্ৰসংগত অসম উত্তাল হৈ পৰাৰ ক্ষণতে পুনৰ আলফাৰ যেন প্রাসংগিকতা বৃদ্ধি পাইছে। এফালে প্রচলিত ভাৰতীয় ব্যৱস্থাটোৰ মাজত মানুহৰ মনত ক্রমশঃ বাঢ়ি অহা ক্ষোভ আৰু আনফালে স্বেচ্চাচাৰী ভাৰত ৰাষ্ট্রযন্ত্র প্রতি মোহভংগ, এই দুয়োটা দিশে বহু ক্ষুদ্ধ যুৱকক প্ৰৰোচিত কৰিছে নিষিদ্ধ ঘোষিত আলফাৰ প্ৰতি। পৰেশ বৰুৱাৰ পথেই যুক্তিযুক্ত বুলি বহুতে মুকলিকৈ গণ্য কৰা সময়ত আমালৈ অহা নির্দিষ্ট ফোন কলটোত সংগঠনটোৰ নেতাগৰাকীয়ে স্পষ্ট কৰিলে বহুবোৰ কথাও যিবোৰ অসমীয়া মানুহে জনাটো অতি গুৰুত্বপূৰ্ণ আছিল। ৫৪ মিনিট ১৪ ছেকেণ্ডৰ সেই আলাপত তেওঁ সামৰি ল’লে বিতর্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পৰা ডঃ হীৰেন গোঁহাই, ভাৰতীয় গণতন্ত্রৰ স্বৰূপ, সামাজিক সংগঠনসমূহৰ আন্দোলন, অখিল গগৈ, অসমৰ সাংবাদিকতা, শিক্ষা ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়। আনহাতে তেওঁ উন্মোচিত কৰিলে অসমজনিত কেইবাটাও প্ৰসংগ, যি বাস্তৱিকতে বিশেষভাৱে তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে প্ৰসংগ কেইটাই বহন কৰা নতুনত্বৰে। আলফাৰ আপোচবিহীন নেতাগৰাকীৰ উক্ত আলাপৰ সম্পাদিত ৰূপটো পাঠকসকললৈ আগবঢ়াই দিয়া হৈছে।

 

আলফাও গণতন্ত্রত বিশ্বাসী

আলফাও গণতন্ত্ৰৰ বিৰোধী নহয়। আমিও গণতন্ত্রত বিশ্বাসী। কিন্তু সঁচা গণতন্ত্রত। ভাৰতীয় ভুৱা গণতন্ত্র বা এই ভুৱা গণতন্ত্ৰৰ দ্বাৰা পৰিচালিত সংসদীয় নির্বাচনী প্রক্রিয়াটোৰ প্ৰতি আমি কোনোপধ্যে লালায়িত নহয়। এই ভুৱা গণতন্ত্ৰত অসমীয়া মানুহে হামৰাও কাঢ়িব লাগিব। তাৰ বাদে আন কোনো আশা নাই। ভাৰতত যদি সঁচা গণতন্ত্র থাকিলহেঁতেন, তেন্তে আমি অসমৰ স্বাধীনতাৰ বাবে সংগ্রাম কৰিবলগীয়া নহ’লহেঁতেন। আমি মানুহক কওঁ – আপোনালোকে নির্বাচনী ৰাজনীতিক ৰিজাল্ট অৰিয়েন্টেড কৰিবলৈ চেষ্টা কৰক। কিবা পাবলৈ চেষ্টা কৰক। কেবল সমস্যা আৰু টোপবিলাককলৈ ব্যস্ত নাথাকিব। ভাৰতীয় গণতন্ত্রত বিশ্বাসীসকলে সঁচা গণতন্ত্র অনুশীলন কৰা নাই। তেওঁলোকে সাধাৰণ মানুহক ঠগিবলৈ দালালগিৰি কৰিছে। যদি ভাৰতত সঁচা গণতন্ত্ৰৰ অৱকাশ থাকিলহেতেন তেন্তে অসম কিয় ভাৰতৰ সকলো প্রান্ততে সম অধিকাৰ দেখিবলৈ পোৱা গ’লহেতেন। এই গণতন্ত্ৰত মানুহক সচেতন কৰাৰ পদক্ষেপেই নাই। তাৰ সলনি মানুহক অশিক্ষিত কৰা হৈছে। এখন কম্বল আৰু সস্তীয়া চাউলৰ ৰাজনীতিয়েই তাৰ প্ৰমাণ। প্রকৃত গণতন্ত্র থাকিলে ৰাতিটোৰ ভিতৰতে কোটি কোটি টকাৰ সম্পত্তি থকা ৰাজনৈতিক দালালবোৰৰ সৃষ্টিয়েই নহ’লহেঁতেন।

এই গণতন্ত্ৰত মানুহক সচেতন কৰাৰ পদক্ষেপেই নাই। তাৰ সলনি মানুহক অশিক্ষিত কৰা হৈছে। এখন কম্বল আৰু সস্তীয়া চাউলৰ ৰাজনীতিয়েই তাৰ প্ৰমাণ। প্রকৃত গণতন্ত্র থাকিলে ৰাতিটোৰ ভিতৰতে কোটি কোটি টকাৰ সম্পত্তি থকা ৰাজনৈতিক দালালবোৰৰ সৃষ্টিয়েই নহ’লহেঁতেন। 

 

অখিল গগৈ আৰু সামাজিক সংগঠনসমূহ

এই পৰিস্থিতিটোক ভালদৰে চকু ৰাখিব লাগিব। অখিল গগৈয়ে কৈছে, ‘আমি ২০১৯ ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিম।’ তাৰ অর্থ কি? অর্থটো হৈছে অখিল গগৈয়ো ভাৰতীয় ভুৱা গণতন্ত্রৰ মোহত আৱদ্ধ। সামাজিক সংগঠনসমূহে ভাবি চাবৰ হ’ল তেওঁলোকে আৰু কিমান দিন ভুৱা গণতন্ত্রৰ দ্বাৰা পৰিচালিত নির্বাচনী ব্যৱস্থাটোৰ মাজত অসমৰ সমস্যাৰ সমাধান বিচাৰি থাকি? নির্বাচনী ব্যৱস্থাটোৱে আমাক দিবই বা কি? আজি সত্তৰটা সংগঠনে সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিছে। কিন্তু কাইলৈ নির্বাচন আহিলেই তেওঁলোকৰ একাংশই নির্বাচনৰ জৰিয়তে ক্ষমতা দখলৰ অংক কৰিব। এনেকৈয়ে বহু নেতাই লালায়িত হৈ ভাৰতীয় ভুৱা গণতন্ত্রৰ মোহত আৱদ্ধ হৈ আছে। তেওঁলোকে অসমীয়াক প্ৰৱঞ্চনাৰ বাদে আন একো কৰিব পৰা নাই। ভুৱা গণতন্ত্রৰ  দ্বাৰা পৰিচালিত নির্বাচনী ব্যৱস্থাক তেওঁলোকে প্রত্যাহ্বান নজনায়।

 

 আমাৰ সাংসদে কিয় মাত মাতিব নোৱাৰে

আমাৰ ১৪ জন সাংসদে দিল্লীত কি মাত মাতিব পাৰিব? তেওঁলোক বিভাজিত ৰূপতহে প্ৰতিটো দলৰ পৰা যাব। তেওঁলোক সর্বভাৰতীয় নেতাৰ ভয়ত কম্পমান হৈ থাকে। বিভাজিত ৰূপত ইটো দলৰ পৰা দুজন, সিটো দুজনৰ পৰা তিনিজনকৈ গৈ তেওঁলোকে অসমৰ হৈ কি মাত মাতিব ?

https://biriyaa.com/

অসমৰ মানুহ কিয় সজাগ হোৱা উচিত

অসমৰ মানুহ সজাগ হোৱা উচিত। আমাৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন হৈ আছে। তাৰ বিনিময়ত অসমে ৰয়েল্টীহে লাভ কৰি আছে। আজি চাৰি-পাঁচ হাজাৰ কোটি টকাৰ ৰয়েল্টী মোকলাই আমাৰ দালাল বিলাকে বাহ্ বাহ্  ল’বলৈ যায় কিন্তু তেওঁলোকে অসমৰ ৰাইজক হিচাপ কৰি নেদেখুৱাই সেই ৰয়েল্টীৰ বিনিময়ত অসমৰ পৰা কিমান মিলিয়ন মিলিয়ন ডলাৰৰ সম্পদ লৈ যোৱা হ’ল। কেন্দ্ৰই ৰয়েন্টীখিনি একেবাৰে মোকলাই নিদিয়ে। কিন্তু তাতেই দালাল বিলাকে নিজৰ প্ৰচাৰ কৰি থাকে ইমানখিনি, সিমানখিনি ৰয়েল্টী মোকলোৱা হ’ল বুলি। কিন্তু অসমৰ পৰা আহৰিত কৰা প্রাকৃতিক সম্পদৰ হিচাপ কেতিয়ালৈ? অসমৰ মানুহে কিন্তু এই বিষয়ত সজাগ হ’ব লাগিবই।

 

অসম চুক্তি আৰু নিবাৰণ বৰা আদি

আলফাই কিয় অসম চুক্তিৰ বিৰোধিতা কৰিছিল? কাৰণ আলফাই জানিছিল পেকেজ নির্ভৰ চুক্তিৰ দ্বাৰা অসমৰ একো লাভ নহয়। আৰু সেয়ে প্ৰথমৰে পৰা আলফাই বিৰোধিতা কৰিছিল চুক্তিখন। কিন্তু চুক্তিখন সম্পন্ন হোৱাত আলফাৰো ভূমিকা আছিল। কাৰণ সেইসময়ত,  ১৯৮৩ ত এন.এছ.চি.এনৰ নগালেণ্ডৰ মনত থকা কেম্পৰ এজন নেতা ধৰা পৰিছিল। তেওঁৰ জেপত এখন চিঠি পাইছিল, যিখন চিঠি সংগঠনৰ ভিতৰৰ পৰা বাহিৰলৈ পঠিওৱা হৈছিল। এইবোৰ কথা সমুজ্জ্বলে হয়তো অলপ অলপ জানিব লাগে। সেই চিঠিৰ পৰা চোৰাংচোৱাই গম পাইছিল কেনেকৈ অসমৰ পৰা দলে দলে ল’ৰা স্বাধীনতাৰ দাবীত আলফাৰ ট্ৰেইনিং  ল’বলৈ গৈ আছে। পৰিস্থিতিৰ ভয়াৱহতা বুজি উঠিছিল ভাৰত চৰকাৰে। তেতিয়াৰে পৰা চুক্তিৰে আন্দোলনটো শেষ কৰিবলৈ বিচাৰিছিল ভাৰত চৰকাৰে। যুৱ চাম নেতা প্রলোভিত হ’ল। তেওঁলোকে নিজৰ অংক কৰি ল’লে ৰ’ৰ লগত। দিল্লীলৈ গৈছিল নিবাৰণ বৰাও। কিন্তু নিবাৰণ বৰাক একাংশই ওৰেটো ৰাতি মদ খুৱাই অচেতন কৰি তুলিলে। ফলাফল কি হ’ল দেখিলেই সকলোৱে।

 

নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক

এমেণ্ডমেন্ট বিল ধর্মীয় ভোটৰ আশাত ২০১৯ চনৰ নির্বাচন জিকিবলৈ বিজেপিৰ কুটকৌশল। কোনোবাই কোনোবাই কৈছে এমেণ্ডমেন্ট বিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগে। অসমীয়া মানুহৰ আৰু কাম নাই নেকি? দিল্লীয়ে আমাক এইবিলাকতে ব্যস্ত কৰি থ’ব নেকি? অসমীয়াই কি সকলো কাম এৰি আন্দোলনতে ব্ৰতী হৈ থাকিব লাগে ? ৰাইজে বিৰোধিতা কৰিছে ভাল। কিন্তু লগতে এইটোৱে চাব লাগে যাতে এই আন্দোলনৰ ফলশ্ৰুতিত পুনৰ প্ৰৱঞ্চনা কৰিব পৰা নেতাৰ জন্ম নহয়।

 

আলফাৰ নিজস্ব সংগ্রামখন

দীঘলীয়া এই সংগ্ৰামৰ পথছোৱাত আমি মানুহ চিনি পোৱাৰ গুণ আয়ত্ত্ব নকৰাকৈ আছেনে? কোনোবাই আমাৰ পিঠিত উঠি, আমাকে বিশ্বাসঘাতকতা কৰিবলৈ চেষ্টা কৰিব, সেয়া আমি কি উপলব্ধি নকৰিম? আমি শত্ৰু  কোন, মিত্র কোন চিনি পাইছো। সেয়ে মহা শক্তিমান ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি এতিয়াও যুঁজি থাকিবলৈ সক্ষম হৈছো। আমি কিবা পোৱাৰ আশাত সংগ্রাম কৰা নাই। আমি ‘গিভ এণ্ড টেক‘ পলিচীত বিশ্বাসী নহয়।

https://biriyaa.com/

কোনোবাই যদি ভাবিছে আমি সংসদীয় ৰাজনীতিৰ প্রতি লালায়িত হৈ এই পথ এৰিম, তেন্তে তেওঁ মুৰ্খৰ দৰে ভাবিছে। আমি পাবলৈ নহয়, দিবলৈ সংগ্রাম কৰিছো। আত্মত্যাগেই আমাৰ উদ্দেশ্য। স্বাধীনতাৰ প্ৰসংগটো জিঅপলিটিক্স নিৰ্ভৰ। আজিৰ তাৰিখত আলফাৰ সপক্ষে জিঅপলিটিক্স নাই। কিন্তু সদায়ে একে পৰিস্থিতি হৈ নাথাকে। পৰিস্থিতি সলনি হ’লে আমাৰ সংগ্ৰামখনেও ফলাফল লাভৰ দিশত গতি কৰিব। আমি নিজৰ লক্ষ্য-উদ্দেশ্য, নীতিৰ প্ৰতি অবিচল। এইবিলাক আমাৰ তেজৰ ৰন্ধ্রে ৰন্ধ্রে বিয়পি আছে। আমি বাস্তৱসম্মত লক্ষ্যত আছো। স্বাধীনতাৰ কাৰণে সশস্ত্র সংগ্রাম যুগে যুগে ঘটি আছে। এইটো অবাস্তৱ কথা নহয়।

 

প্রসংগঃ হীৰেন গোঁহাই

 

হীৰেন গোঁহাই দদাইদেউ আমাৰ নমস্য ব্যক্তি। তেওঁ শেহতীয়াকৈ স্বাধীন অসমৰ সম্পৰ্কত মাত মাতিবলৈ বাধ্য হৈছে। আমি তেওঁৰ বক্তব্যক আদৰণি জনাইছে। কিন্তু এই কথাটোকে যদি তেওঁৰ দৰে এগৰাকী ব্যক্তিয়ে দহ বা বিছ বছৰৰ আগতে কলেহেঁতেন,  অসমৰ ছবিখন এতিয়াতকৈ বহুত পৃথক হ’লহেঁতেন। আমি তেওঁৰ তুলনাত একোৱেই নাজানো। কিন্তু ভাৰতৰ বিৰুদ্ধে সংগ্রাম কৰি ৰাষ্ট্রৰ চৰিত্ৰ চিনি পাইছো। দদাইদেৱে আজিহে সেইটো উপলদ্ধি কৰিছে। মানুহে আমাক নুবুজে, আমাৰ বেথা নোহোৱা নহয়। কিন্তু হীৰেন গোঁহাই দদাইদেউৰ অৱস্থা কি হ’ল? আলোচনাপন্থীৰ দাবী চনদ তেওঁ লিখি উলিয়ালে তিনিশ পৃষ্ঠাৰ। কিন্তু দিল্লীত দাখিল হ’ল মাত্র তিনি পৃষ্ঠাৰ। দদাইদেউক সুধিছিলোঁ, কিয় এনেকুৱা হ’ল? এতিয়া আলোচনাপন্থী নেতাবিলাকক লগ পাই নে? তেওঁৰ উত্তৰ আছিল- ‘প্রদীপ গগৈক লগ পাইছিলোঁ। প্রদীপে ক’লে আমাৰ হাতভৰি বন্ধা। আমি একো কৰিব নোৱাৰোঁ’ … সেই হীৰেন গোঁহায়ে এতিয়া নিজৰ ভুল বুজি পাইছে। তেওঁৰ মোহভংগ ঘটিল।

 

আমাৰ শিক্ষা ব্যৱস্থা

আজি অসমক মানৱ সম্পদৰ দৰকাৰ হৈছিল। কিন্তু অসমৰ শিক্ষা ব্যৱস্থাটোৱে কি উৎপাদন কৰে? আই.এ.এছ মানে কি? ভাৰত ৰাষ্ট্রৰ চাকৰ। শিক্ষা ব্যৱস্থাটোৱে ভাৰতৰ চাকৰ কিছুমান সৃষ্টি কৰিছে। তাৰ বাদে শিক্ষা ব্যৱস্থাটোৰ সার্থকতা ক’ত। আমাক টেকন’লজী জনা ল’ৰা লাগে। কেনেকৈ আৱিষ্কাৰ কৰে, কেনেকৈ গাড়ী নির্মাণ কৰে তাক জনা ল’ৰা ছোৱালী লাগে। অসমৰ প্ৰাকৃতিক সম্পদক আধাৰ কৰি কেনেকৈ অসমক উন্নত হিচাপে গঢ়ি তুলিব পাৰি তেনেকুৱা গৱেষণা কৰা ল’ৰা-ছোৱালী লাগে। কিন্তু শিক্ষা ব্যৱস্থাত সেইটো নাই। ভাৰতক কেনেকৈ উন্নত কৰিব পাৰি সেইটোৰ ব্যৱস্থাহে শিক্ষা ব্যৱস্থাত আছে। অইল ইণ্ডিয়াৰ দৰে প্রতিষ্ঠানলৈ চাওক; য’ত অসমীয়া বুর্বক অভিযন্তা কিছুমান আছে। তেওঁলোকৰ অৰিহণা কি? বিলিয়ন বিলিয়ন ডলাৰৰ অসমৰ প্ৰাকৃতিক সম্পদ আমাৰ মাটিৰ পৰা খনন কৰি বাহিৰলৈ লৈ যোৱাত তেওঁলোকে সহায় কৰি দিয়াৰ বাদে আৰু কি কৰিছে?

আমাক টেকন’লজী জনা ল’ৰা লাগে। কেনেকৈ আৱিষ্কাৰ কৰে, কেনেকৈ গাড়ী নির্মাণ কৰে তাক জনা ল’ৰা ছোৱালী লাগে। অসমৰ প্ৰাকৃতিক সম্পর্ক আধাৰ কৰি কেনেকৈ অসমক উন্নত হিচাপে গঢ়ি তুলিব পাৰি তেনেকুৱা গৱেষণা কৰা ল’ৰা-ছোৱালী লাগে। কিন্তু শিক্ষা ব্যৱস্থাত সেইটো নাই। ভাৰতক কেনেকৈ উন্নত কৰিব পাৰি সেইটোৰ ব্যৱস্থাহে শিক্ষা ব্যৱস্থাত আছে।

 

নুমলীগড় ৰিফাইনেৰীৰ পৰা অসমে কি পাই জানে আপোনালোকে? সেইবোৰ কথাও চর্চা কৰক কেতিয়াবা। মাত্র তিনি শতাংশ, মাত্র তিনি শতাংশ লাভাংশৰ বাদে অসম চৰকাৰে আন একো নাপায় নুমলীগড় শোধনাগাৰৰ পৰা। এইবোৰেই হ’ল প্রফুল্ল (নামৰ আগত এটা চাৰিঠেঙীয়া প্ৰাণীৰ নাম সংযোগ) কাম। এতিয়া অৱশ্যে এঘাৰ শতাংশ হৈছেগৈ।

 

 

 

অসমৰ সংবাদ মাধ্যম

 

হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন ভাৰতীয় ভুৱা গণতন্ত্রই সৃষ্টি কৰা ধনাঢ্য দালাল। তেওঁলোকে টিভি চেনেল চলায়। হিমন্তৰ সৈতে সংঘাতৰ বাবে জয়ন্ত বৰুৱাই নিজৰ কাকত-চেনেলত বিজেপিৰ বিৰোধ কৰিবলৈ কিছু পূর্বৰে পৰা আৰম্ভ কৰি দিলে। বিজেপিক শাসনলৈ অনাত এক নম্বৰৰ মানুহ কোন আছিল? উৎপল বৰুৱা আৰু ননীগোপাল (সম্ভৱতঃ পৰেশ বৰুৱাই ননীগোপাল মহন্তৰ কথাই উল্লেখ কৰিছিল)। বিজেপিৰ অৱস্থা বেয়া দেখি এতিয়া উৎপল বৰুৱাৰ সুৰ সলনি হৈছে। প্ৰাগ চেনেলটো অলপ ইণ্ডিপেণ্ডেন্ট হৈ আছে। কেইদিনমান আগলৈকে বিজেপিৰ প্রশংসা গাই থকা ডি.ৱাই.- ৩৬৫এ এতিয়া পৰিস্থিতি দেখি দোধোৰ-মোধোৰত পৰি আছে। সাংবাদিক ভাইসকলে কি কৰিব? তেওঁলোকক পণ্য সামগ্রীৰ দৰে ব্যৱহাৰ কৰা হৈছে। তেওঁলোকৰ সততা থাকিও সেয়া দেখুৱাব পৰা নাই। আমাৰ কথা তেওঁলোকে সৱিশেষ নুলিয়ায়। নেগুৰ-শিং কাটি সেইটোৰ অৱস্থা গৰু নে গাধ নে শিয়াল ধৰিব নোৱাৰা কৰি পেলায়। আমি অনুৰোধ কৰিলেও উলিয়াবলৈ টান পায়। কিন্তু আজি জাতিৰ সংকটৰ ক্ষণত অসমৰ সংবাদ মাধ্যমৰ চৰিত্ৰ হ’ব লাগে এক জাতি এক স্থিতি।

 

২০২৬:  কোনে কি কয়

ইয়াণ্ডাবু সন্ধিৰ ম্যাদ শেষ হ’বলৈ হ’ল। মানুহে এতিয়া চৰ্চা কৰিব লাগিছিল অসম ভাৰতৰ লগত থাকিব নে নাথাকে। কিন্তু সেইবিলাক কথা আলোচনাৰ অৱকাশ ক’ত? সংবাদ মাধ্যমৰ সেই কথা আলোচনা কৰাৰ সৎসাহস আছেনে? বুদ্ধিজীৱিৰ চিন্তা দেখি আমি অবাক হওঁ। তেওঁলোকে আমাক সমর্থন নকৰে সেইটো বেলেগ কথা। কিন্তু তেওঁলোকে জাতীয় উন্নয়নৰ প্ৰসংগত দিগ্ নির্দেশনা দিব পৰা নাই। এইটো দুর্ভাগ্য।

সাংবাদিক ভাইসকলক পণ্য সামগ্রীৰ দৰে ব্যৱহাৰ কৰা হৈছে। তেওঁলোকৰ সততা থাকিও সেয়া দেখুৱাব পৰা নাই। আমাৰ কথা তেওঁলোকে সৱিশেষ নুলিয়ায়। নেগুৰ-শিং কাটি সেইটোৰ অৱস্থা গৰু নে গাধ নে শিয়াল ধৰিব নোৱাৰা কৰি পেলায়।  কিন্তু আজি জাতিৰ সংকটৰ ক্ষণত অসমৰ সংবাদ মাধ্যমৰ চৰিত্ৰ হ’ব লাগে এক জাতি এক স্থিতি।

 

 

 

 

বু ল ন কু মা ৰ শ ই কী য়া

অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, লেখক তথা ৰাজনৈতিক পৰ্যালোচক আৰু 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous নাগৰিকত্ব (সংশোধনী) বিধেয়ক আৰু কংগ্ৰেছৰ স্থিতি
Next গণিতৰ এক পীঠস্থান : গটিনগেন

2 Comments

  1. বিকাশ দাস
    জানুৱাৰী 18, 2019
    উত্তৰ দিয়ক

    প্ৰাসংগিক বিষয় আৰু আলোচনা

  2. জানুৱাৰী 19, 2019
    উত্তৰ দিয়ক

    সুন্দৰ

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে