ইন্টেলেকচুৱেল প্ৰভাতে প্ৰভাতে


cartoon by Nituparna Rajbongshi. www.cartoonistnituparna.org

সুন্দৰো যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

সেয়েহে আজি ইমান ইন্টেলেকচুৱেল প্ৰভাতে প্ৰভাতে

অসমত এতিয়া জাতি, মাটি, ভেটিৰ সমস্যা চলি আছে। কোনোবাই কৈছে বিদেশীক আমি মানি ল’ব নোৱাৰো আৰু কোনোবাই কৈছে যে বিদেশী আহিলে আমাৰ বহুত ভাল হ’ব, কল্যাণ হ’ব। বাৰু এইখিনি পিছৰ কথা। মই ক’ব খোজা কথাটো হ’ল যে আমাৰ সমস্যাবোৰৰ সমাধান কোনোবাই দিব পাৰক নোৱাৰক, এটা কথা কিন্তু ঠিক যে গোমধান কামুৰি যুযুধান হোৱা বুদ্ধিজীৱীৰ কিন্তু আমাৰ অভাৱ নাই। ‘একদম ভাল হৈ থাকা নাই দেই। ইউ ন আৱাৰ অছ্মীয়া জাতি  ইমান ভাল। আমি হুৱাই মানি ল’ম আৰু মানুহ?”। বাহ! কি চিন্তা! আৰু চিন্তাতকৈও ওপৰৰ প্ৰকাশভংগী, ভাষা।

cartoon by Nituparna Rajbongshi.
www.cartoonistnituparna.org

কেইদিনমান আগতে টি.ভিৰ পৰ্দাত দেখিবলৈ আৰু শুনিবলৈ পাইছিলো অসমৰ এজন ক্ষমতাশালী ব্যক্তিৰ ড০ হীৰেন গোহাঁই ছাৰক জনোৱা এটা ‘বৌদ্ধিক তৰ্ক’ৰ চেলেঞ্জ। আপোনালোকে মন কৰিব কোনো যদু,মধু নহয় দেই একেবাৰে হীৰেন গোহাঁই। মই তেতিয়াই এটা কথা ঠিক  কৰি ল’লো যে যিজন ব্যক্তিয়ে হীৰেন গোহাঁইৰ নিচিনা মানুহ এজনক বৌদ্ধিক তৰ্কলৈ আহ্বান  জনাব পাৰিছে তেওঁৰ পদধূলা অলপমান যদি মই এই জীৱনত ল’ব নোৱাৰো তেন্তে মোৰ জীৱনটোৰ অৰ্থই বা কি থাকিলে। এটা অৰ্থহীন আন্‌ অৰ্থ ড’ক্স  জীৱন হৈ যাব। সেই ব্যক্তিজনে চাগে মাৰ্ক্সৰ পৰা লেনিন সাঁতুৰি বিবেকানন্দক মাত এষাৰ দি একেবাৰে আমাৰ শংকৰ-মাধৱ, জ্যোতি- বিষ্ণু, বেজবৰুৱালৈকে সকলো গিলি থোৱা নাই জানো। সেয়ে তেওঁক এবাৰ লগ পালে অমৃত লভিম।

আজিকালি কিতাপ কোনেও নপঢ়ে। যিখিনিয়ে কিতাপ আমি পঢ়ো বুলি দাবী কৰে তেওঁলোকক প্ৰিয় লেখক কোন বুলি সুধিলে এনেকুৱা নাম কিছুমান ল’ব যিবোৰ নাম আচলতে সেই জীৱনত প্ৰথমবাৰ গ্ৰন্থমেলালৈ যোৱা মানুহে ল’লে ভাল লাগে। গুৰুগম্ভীৰ ট’পিকত গুৰুগম্ভীৰ ডিস্কাশ্বনৰ পৰা তেওঁলোক বিৰত থাকিব। কিন্তু মন্তব্য ঠিকেই দিব। মন্তব্য দিয়াটো যে সহজ।

এইবোৰ ভাবি ভাবিয়েই নাজানো কেনেকৈ মোৰ কাপোৰ কানি ক’লা হ’ল  আৰু মই ঘৰলৈও ঘূৰি আহিলো।

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous ২০১৮ত জীৱবিজ্ঞানৰ আলোড়নকাৰী আৱিস্কাৰ
Next নাগৰিকত্ব (সংশোধনী) বিধেয়ক আৰু কংগ্ৰেছৰ স্থিতি

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে