কলৰে পাততে কাউৰী পৰে: সমাজ সলনিৰ খতিয়ান


য়সৰ জোখাৰে প্ৰায় ৬৫ বছৰ। গীতটিৰ বয়স। বিগত ৬৫ টা বছৰে সি এতিয়াও আমাক দূৰণিৰ ডাকোৱাল জনৰ খবৰ জনাই আছে, বুকু জুৰ পেলাই আছে, চকু সেমেকাই আছে। এতিয়াও জেউতিৰ পদূলিলৈ বাট চোৱা আকুল চাৱনিয়ে আমাক বিন্ধি আছে, জুনুকা আনিবলৈ বেগতে দেউতাকক ঘৰলৈ আহিবলৈ আব্দাৰ ধৰা পোনাৰ থুনুক-থানাক মাতটিয়ে এতিয়াও পৰিয়ালৰ পৰা দূৰত থকা মানুহবোৰক নিচুকাই আছে। কলৰ পাতত কাউৰী পৰিয়েই আছে, আমাৰ বুকুবোৰত আলোড়ন তুলি। অথচ গীতৰ স্ৰষ্টা, সুৰকাৰ আৰু গায়ক – কোনোৱেই আমাৰ মাজত নাই।

বিগত ৬৫ টা বছৰে গীতটিয়ে এতিয়াও আমাক দূৰণিৰ ডাকোৱাল জনৰ খবৰ জনাই আছে, বুকু জুৰ পেলাই আছে, চকু সেমেকাই আছে। এতিয়াও জেউতিৰ পদূলিলৈ বাট চোৱা আকুল চাৱনিয়ে আমাক বিন্ধি আছে, জুনুকা আনিবলৈ বেগতে দেউতাকক ঘৰলৈ আহিবলৈ আব্দাৰ ধৰা পোনাৰ থুনুক-থানাক মাতটিয়ে এতিয়াও পৰিয়ালৰ পৰা দূৰত থকা মানুহবোৰক নিচুকাই আছে। কলৰ পাতত কাউৰী পৰিয়েই আছে, আমাৰ বুকুবোৰত আলোড়ন তুলি। অথচ গীতৰ স্ৰষ্টা, সুৰকাৰ আৰু গায়ক – কোনোৱেই আমাৰ মাজত নাই।

ৰচনাকাল ১৯৫৪। অৰ্থাৎ স্বাধীনতাৰ সোৱাদ দেশে লাভ কৰাৰ প্ৰায় ৭ বছৰৰ পিছৰ কথা। মূলতঃ কৃষিজীৱী অসমীয়া ৰাইজৰ খেনো খেনোৱে ইংৰাজৰ শাসন কালতেই সুযোগটো পালেও চাকৰি তেতিয়াও অসমীয়া মানুহৰ জীৱিকাৰ সহায় হৈ উঠা নাই। বিহু গীতে তেতিয়াও কৈয়েই আছে, – ‘চৰকাৰী চাকৰি/নেলাগে লাহৰি/নেলাগে কোম্পানীৰ ধন।’ কিন্তু তাৰ মাজতেই, স্বাধীনতাৰ আগে-পিছে, অসমীয়া মানুহৰ জীৱিকাক সামান্য হ’লেও পৰিৱৰ্তনে স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে। কেৱল কৃষি-নিৰ্ভৰ চহা জীৱনকো চাকৰিয়ে চূই যায় আৰু এই পৰিৱৰ্তনৰ কথাকেই ‘কাউৰী পৰে’ত প্ৰকাশ পাইছে নিভাঁজভাৱে। পিছে নকৈ অহা এই পৰিৱৰ্তনক তেতিয়াও চহা অসমীয়াই মজ্জাগত কৰি ল’ব পৰা নাই আৰু সেই দোমোজাৰ কথাই ‘মৈত দিয়া বোকাই মন কঢ়া’ পিয়নজনৰ মনৰ কথাৰে কৈ গৈছে গীতিকাৰে। পিয়নৰ চাকৰিৰে জীৱিকা আৰ্জিবলৈ বাধ্য হোৱা ডেকাৰ মন সেয়ে কঠিয়া পৰা, গোছ লোৱা কামবোৰ নিয়াৰিকৈ হোৱা-নোহোৱাৰ চিন্তাত উচ-পিচ। সমাজ-অৰ্থনীতিলৈ অহা সমসাময়িক পৰিৱৰ্তনক তেনেই সৰল অথচ প্ৰছন্ন ভাষাৰে চিত্ৰায়িত কৰাৰ এই কাম কেৱল কেশৱ মহন্তৰ দৰে এজন সমাজ-সচেতন গীতিকাৰৰ পক্ষেহে সম্ভৱ।

বান চিৰদিনেই অসম আৰু অসমীয়াৰ লগৰীয়া আছিল। কিন্তু, এই বান সেইকালত কৃষকৰ বাবে ক্ষয়ংকৰী নাছিল। বৰঞ্চ বাৰিষাৰ ঢলে ধোৱা পথাৰত পৰা পলসৰ এঠাই সাৰুৱা কৰি গৈছিল পথাৰ আৰু সেয়েই, বাৰিষাৰ ঢল দেখি অসমীয়া কৃষকে মনৰ বল হেৰুৱাৰ কোনো কাৰণেই নাছিল। গীতৰ নায়ক পিয়নজনৰ মুখত সেয়েই কেশৱ মহন্তই অসমৰ এই প্ৰকৃতি নিৰ্ভৰ কৃষিৰো আভাস এৰি গৈছে।

কিন্তু তাৰ মাজতেই, স্বাধীনতাৰ আগে-পিছে, অসমীয়া মানুহৰ জীৱিকাক সামান্য হ’লেও পৰিৱৰ্তনে স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে। কেৱল কৃষি-নিৰ্ভৰ চহা জীৱনকো চাকৰিয়ে চূই যায় আৰু এই পৰিৱৰ্তনৰ কথাকেই ‘কাউৰী পৰে’ত প্ৰকাশ পাইছে নিভাঁজভাৱে। পিছে নকৈ অহা এই পৰিৱৰ্তনক তেতিয়াও চহা অসমীয়াই মজ্জাগত কৰি ল’ব পৰা নাই আৰু সেই দোমোজাৰ কথাই ‘মৈত দিয়া বোকাই মন কঢ়া’ পিয়নজনৰ মনৰ কথাৰে কৈ গৈছে গীতিকাৰে।

পিঠিত আনৰ মনৰ খবৰ কঢ়িওৱা পিয়নজনে কিন্তু পোৱা নাই নিজৰ ‘জেউতি’ৰ মনৰ খবৰ। কাৰণ, জেউতি অনাখৰী, চিঠি লিখাৰ সুবিধা জেউতিৰ নাই। হয়তো নাই মনৰ কথা উদঙাই দিয়াৰ সামাজিক পৰিৱেশো। সাধাৰণ চহা এহাল দম্পতীৰ বুকুৰ মাজত দূৰত্বই আনি দিয়া বেদনাৰ মাজেৰে এই গোটেই কথাখিনি ইমান নিটোল ৰূপত গীতটিয়ে তুলি ধৰিছে যে, সিয়েই আজি অতবছৰে মানুহক সন্মোহিত কৰি ৰাখিছে। অন্যহাতে, মূল ঘৰৰ পৰা বা পৰিয়ালৰ পৰা দূৰৈত থাকি চাকৰি কৰা, জীৱিকা অৰ্জা কথাবোৰ আজিৰ তাৰিখত আমাৰ বাবে সহজ হ’লেও তেতিয়াৰ দিনত নাছিল। সেয়েই নতুনকৈ মফছলত গৈ পিয়ন হোৱা দেউতাক অহালৈ কণমানি পোনাটোৱেও বাট চায়; দেউতাকৰো মনত কণমানিৰ মাত আৰু ছবিয়ে আমনি কৰে ঘনে ঘনে। এই আৱেগ আৰু আকুলতাই শ্ৰোতাৰো বুকুত ৰি-ৰিকৈ বেদনাৰ কঁপনি তোলে, পিয়ন আৰু জেউতিৰ জীৱনৰ গাঁথা কলৰ পাতত পৰা কাউৰীৰ চিত্ৰকল্পৰে থিৰ হৈ ৰয় কালৰ বাবে।

Avatar
মানসী গোস্বামী
Previous অচম চাহিত্য চাফা
Next

1 Comment

  1. Avatar
    Biswajit Saikia
    জানুৱাৰী 20, 2019
    উত্তৰ দিয়ক

    অসমীয়া পুৰনি গীতসমূহৰ ভিতৰত এটি অন্যতম মনপৰশা গীত য’ত আমি আমাৰ অতীত সমাজব্যৱস্থাৰ উমান পোৱাৰ লগতে মাটিৰ গোন্ধ ,মানুহৰ আবেগ অনুভুতিৰ অনুভৱ কৰিব পাৰোঁ৷ইমান সুন্দৰ বিশ্লেষণ দাঙি ধৰিলে ৷

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে