কৃষিশস্য উৎপাদনেৰে জীৱনৰ বাট বুলিছে মাজুলীৰ প্ৰগতিশীল কৃষক বিনয় লেখকে


দেশৰ দহৰ আদৰ্শ আৰু অনুপ্ৰেৰণা

তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ যুগত  নতুন প্ৰজন্মই কৃষিকাৰ্যৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে। কৃষিক্ষেত্ৰখনক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা যূৱক-যুৱতীৰ আজি অভাৱ। শ্ৰমবিমুখিতাই ইয়াৰ ঘাই কাৰণ। ফলত ভয়ংকৰ গতিত বৃদ্ধি পাইছে দেশৰ নিবনুৱা সমস্যা। ইয়াৰ বিপৰীতে পৰিশ্ৰমৰ বলত কৃষিশস্য উৎপাদনৰ যোগেদি উজ্জ্বলি উঠিছে বহুতো প্ৰগতিশীল কৃষক। কৃষিক্ষেত্ৰখনকে জীৱনৰ সাৰথি আৰু বিপুল সম্ভাৱনাময় ক্ষেত্ৰ জ্ঞান কৰি অহা এইচাম আদৰ্শ খেতিয়ক সফলো হৈছে। সেইসকলৰ ভিতৰত মাজুলীৰ কৃষক বিনয় লেখক অন্যতম। বিজ্ঞানসন্মত কৃষিপদ্ধতিৰে বছৰি  উন্নত বীজ প্ৰয়োগেৰে অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হৈছে বিনয় লেখকে। ফলস্বৰূপে স্বাৱলম্বনৰ বাবে বেলেগ কোনো কথাই চিন্তা কৰিবলগীয়া হোৱা নাই লেখকৰ। বিনয় লেখকে প্ৰতিবছৰে কৃষিৰ পৰা গড়ে ত্ৰিশ কুইণ্টলতকৈয়ো বেছি ধান, মাহ, সৰিয়হ, মগু, মাটিমাহ ইত্যাদি খাদ্যশস্য উৎপাদন কৰে। ২০১৮ চনত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে কৃষিক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰয়োগেৰে অৰ্থনৈতিক স্বাৱলম্বীতাৰ দৃষ্টান্তমূলক নিদৰ্শন দাঙি ধৰাৰ স্বীকৃতি স্বৰূপে তেখেতলৈ প্ৰগতিশীল কৃষকৰ মান্যতা দি ‘কৃষি কৰ্মণ পুৰস্কাৰ’ প্ৰদান কৰে। এই বঁটাৰ  লগত আছিল এখন প্ৰশস্তিপত্ৰ আৰু দুই লাখৰ টকাৰ চেক। ইয়াৰ উপৰিও ৰাজ্যিক আৰু জিলা পৰ্যায়ত বহুবাৰ বঁটা, সন্মান, স্বীকৃতি প্ৰদান কৰা হৈছে এইগৰাকী আদৰ্শ খেতিয়কক। বিনয় লেখক এতিয়ালৈকে বহুবাৰ কৃষিক্ষেত্ৰখনৰ বিভিন্ন দিশৰ প্ৰশিক্ষণপ্ৰাপ্ত কৃষক। বিভিন্ন সময়ত তেখেতে অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰদান কৰা জৈৱিক কৃষি পদ্ধতি, কম মাটিত অধিক শস্য উৎপাদন, উদ্যান শস্য, তৈলবীজ আৰু খেজুৰ তেল উৎপাদন কৌশল, মানৱ স্বাস্থ্য আৰু পৰিৱেশত ৰাসায়নিক সাৰৰ প্ৰভাৱ, শালি খেতি পদ্ধতি আৰু ‘শ্ৰী’ পদ্ধতি আদি বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

মাজুলীৰ বিৰিণাবাৰী নামে ঠাইত কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা বিনয় লেখকৰ পিতৃও এজন সফল খেতিয়ক আছিল। সৰুৰে পৰাই দেউতাকৰ কৃষি কৰ্মত সহায় কৰি আহিছিল বিনয় লেখকে। ১৯৯৭ চনত  দেউতাকৰ মৃত্যুৰ পিছত প্ৰায় পঁচিশ বিঘা কৃষিভূমিত একমাত্ৰ ভায়েকৰ সৈতে লগলাগি আজি পৰ্যন্ত নিৰলসভাৱে খেতি কৰি আহিছে বিনয় লেখকে। পৰিয়ালত আছে বৃদ্ধা মাক ,পত্নী আৰু এজনী ছোৱালী সন্তান । সৰিয়হ, মাটিমাহ আৰু মগুমাহ বিক্ৰী কৰি বছৰি তিনি লাখ টকা উপাৰ্জন কৰা বিনয় লেখক নিবনুৱা যুৱক-যুৱতীসকলৰ আদৰ্শস্বৰূপ। এতিয়ালৈকে বাৰ জন নিবনুৱা যুৱকক নিজ কৃষিকৰ্মত সহায়ক হোৱাকৈ কৰ্মসংস্থাপন দিয়া বিনয় লেখক আধুনিক গ্ৰাম্য অৰ্থনীতি আৰু কৃষি আন্দোলনৰ  এজন বাটকটীয়া হিচাপে ৰাইজৰ মাজত পৰিচিত হৈ পৰিছে। কৃষিক্ষেত্ৰকে সপোনৰ থলী হিচাপে বিবেচনা কৰা বিনয় লেখকে নিজ কৃষিভূমিৰ লগতে উপৰঞ্চি সাতাইশ বিঘা বন্ধকী মাটিৰে মুঠ বাৱন্ন বিঘা মাটিত প্ৰতিবছৰে উৎপাদন কৰে শস্য। যোৱা বৰ্ষত ধানৰ উপৰিও লেখকে টি.এছ.৩৬, টি.এছ.৩৮, এম২৭, টি.এছ.৪৬, পি.এম.২৬ জাতৰ মুঠ ৪৩ কুইণ্টল সৰিয়হ, পি.ইউ.৩১ জাতৰ ২৮ কুইণ্টল মাটিমাহ আৰু ১৩ কুইণ্টল মগুমাহ উৎপাদন কৰিছিল । উল্লেখযোগ্য যে, ২০১৮ বৰ্ষত স্থানীয় বজাৰতে প্ৰতি কুইণ্টল বৰ্ণসংকৰ সৰিয়হ ৩,৬০০ টকা, মাটিমাহ ২,৬৫০ টকা, মগুমাহ ৫,০০০ টকাকৈ বিক্ৰী কৰি আৰ্থিকভাৱে যথেষ্ট লাভান্বিত হৈছিল। যোৱা বছৰৰ জুন মাহত  অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা ভিয়েটনাম যাত্ৰালৈ নিৰ্বাচিত হোৱা অসমৰ মুঠ পোন্ধৰ জন খেতিয়কৰ ভিতৰত বিনয় লেখকে ভিয়েটনামৰ কৃষি পদ্ধতি সম্পৰ্কে বহু চাক্ষুষ অভিজ্ঞতা আহৰণ কৰি ভিয়েটনামৰ কফিখেতি, ফুলখেতি, জালুক, ড্ৰেগন ফল, আনাৰস, সমন্বিত ধান আৰু মীন খেতি অসমৰ ভূমিত কেনেকৈ প্ৰয়োগ কৰিব পৰা যায় তাৰ চিন্তা-চৰ্চা, অনুশীলন অব্যাহত ৰাখিছে। ভৱিষ্যতে শৰ্কৰাৰ মাত্ৰা কমকৈ থকা পোখৰাজ আলু আৰু ক’লা চাউলৰ বড়ো খেতি কৰিবলৈ মন মেলিছে বিনয় লেখকে। ইতিমধ্যে পৰীক্ষামূলকভাৱে কম মাটিত এই দুবিধ শস্যৰ বীজ ৰোপন কৰিছে কৃষকজনে। মাজুলীৰ মহৰীচুকত তিনি ঘণ্টাত ৭৩,০০০ হাতীপোক ধৰি ‘ইণ্ডিয়া বুক অব ৰেকৰ্ডছ’ৰ অধিকাৰী হোৱা  ১০০ জন খেতিয়কৰ ভিতৰত বিনয় লেখকো এজন।

পিছে কৃষি মূল্য শৃংখলৰ সঠিক পৰিচালনাৰ অভাৱে এইজন কৃষককো চিন্তান্ৱিত কৰিছে। সেয়েই, ৰাজ্য চৰকাৰৰ প্ৰতি তেওঁৰ অনুৰোধ যে খাদ্য শস্যৰ চাহিদালৈ লক্ষ্য ৰাখি চৰকাৰে গ্ৰাম্য খেতিয়কসকলক এখন উপযুক্ত মূল্যৰ বজাৰৰ ব্যৱস্থা কৰি দিয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অভাৱত কম মূল্যতে উৎপাদিত শস্যসমূহ বিক্ৰী কৰিবলগীয়াত বাধ্য হৈ আহিছে তেওঁলোক। আমি আশা কৰোঁ, কৃষিশস্য উৎপাদনৰ কাৰ্যত একান্তভাৱে ব্ৰতী গ্ৰাম্য কৃষকসকলৰ মনৰ কথা শুনক চৰকাৰে। লগতে তেওঁলোকৰ দাবীসমূহকো গুৰুত্ব দিয়ক। তেহে, ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি প্ৰকৃতাৰ্থতে ঠন ধৰি উঠিব।

সঞ্জয় ৰবিদাস

শিক্ষকতা বৃত্তিৰ সতে জড়িত সঞ্জয় ৰবিদাস নতুন প্ৰজন্মৰ এগৰাকী লেখক

Previous এক উদ্যমী জীৱনৰ নাম গোপেন কলিতা
Next ছ্যনাইবিল-জোনবিল

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে