তোকে মোকে দুফাল কৰি/সিহঁতে পাতিলে জাল/সেই জালত ভৰি দি তই/ চপালি দুয়োৰে কাল/মই সঁকিয়াই দিলো ’/সঁকিয়াইছিলো/কিয় যে নলৰিল গা

মানুহৰ গহনলৈ গৈ মানুহ হিচাপে নিজক সন্মিলিত কৰি কবিয়ে কবিতাক দুস্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ হাথিয়াৰ কৰি তেওঁ হৈ পৰিছিল শোষিত সমাজৰ বলিষ্ঠ কণ্ঠ। তেওঁ গাঁৱৰ সেই নিঃপীড়িত মানুহ, বন্দী বতাহ, বন্দী আকাশ, নিষিদ্ধ ঘোষিত পথাৰবোৰ- এই সমস্ত শিপাৰ পৰা অতি পৰিশ্ৰমেৰে বুটলি আনিছিল খামিডাঠ শব্দবোৰ। যি শব্দই শোষিত আৰু নিঃপীড়িত জনৰ কলিজা টল্-মল্ কৰি তুলিছিল। প্ৰৱল জাতীয় চেতনাবোধৰ প্ৰতিভূ কেশৱ মহন্তৰ জাতিৰ প্ৰতি যি সকীয়নি, তাৰ প্ৰাসংগিকতা যুগমীয়া।

মানুহৰ চেতনাক জগাই তুলিবলৈ কবি কেশৱ মহন্তৰ কবিতাই যি সমাজবাদী ৰূপ ধাৰণ কৰিছিল, সেয়া অসমীয়া কাব্য জগতেই নহয়, অসমীয়া সমাজ জীৱনৰ বাবেও আছিল এক বিস্ময়। মানুহৰ গহনলৈ গৈ মানুহ হিচাপে নিজক সন্মিলিত কৰি কবিয়ে কবিতাক দুস্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ হাথিয়াৰ কৰি তেওঁ হৈ পৰিছিল শোষিত সমাজৰ বলিষ্ঠ কণ্ঠ। তেওঁ গাঁৱৰ সেই নিঃপীড়িত মানুহ, বন্দী বতাহ, বন্দী আকাশ, নিষিদ্ধ ঘোষিত পথাৰবোৰ- এই সমস্ত শিপাৰ পৰা অতি পৰিশ্ৰমেৰে বুটলি আনিছিল খামিডাঠ শব্দবোৰ। যি শব্দই শোষিত আৰু নিঃপীড়িত জনৰ কলিজা টল্-মল্ কৰি তুলিছিল। প্ৰৱল জাতীয় চেতনাবোধৰ প্ৰতিভূ কেশৱ মহন্তৰ জাতিৰ প্ৰতি যি সকীয়নি, তাৰ প্ৰাসংগিকতা যুগমীয়া। আশী কিম্বা নব্বৈৰ দশকতে তেওঁ অতি স্পষ্টকৈ কৈছিল জনগোষ্ঠীয় অসমীয়া সমাজখনক কিদৰে ৰাজনৈতিক চাতুৰিয়ে বিভেদৰ ছুৰীৰে নেফানেফ্ কৰি ভাগ-বটোৱাৰাৰ মাজেৰে ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবলৈ তৎপৰ হৈ থাকিছিল। আৰু এই ভাগ-বটোৱাৰাৰ সুযোগ ল’বলৈ অহৰ্নিশে জাগ্ৰত হৈ থাকিছিল অবৈধ বিদেশী। আজি এই ছবিখন আৰু অধিক স্পষ্ট হৈ পৰিছে। সমগ্ৰ জাতি আৰু দেশ সম্প্ৰতি সংকটত। জাতি-জনগোষ্ঠীৰ মাজত নিজস্ব অধিকাৰ সাব্যস্তকৰণ, পৰস্পৰৰ মাজত অধিকাৰকেন্দ্ৰিক সংঘাত এই সমস্ত বিষয়বোৰত সুযোগ গ্ৰহণ কৰিবলৈ ৰাজনৈতিক চাতুকাৰ আৰু অবৈধ বিদেশীয়ে পাং পাতিছে।

নাগৰিকত্ব (সংশোধনী) বিধেয়কক মূল অস্ত্ৰ হিচাপে লৈ জাতিধ্বংসী দুষ্কাৰ্যত লিপ্ত হৈছে এচাম স্বাৰ্থলোভী অসমীয়া। আৰু এনে প্ৰেক্ষাপটত কেশৱ মহন্তৰ সকীয়নীমূলক কবিতা আমি মন আৰু বিবেকেৰে উপলব্ধি কৰি খামি ডাঠ কৰাটো নিতান্তই দৰকাৰ। চৰকাৰ বাহাদুৰে বৰ দৃঢ়তাৰে কৈছে যে, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে হিন্দু বাংলাদেশীৰ প্ৰয়োজন। তেওঁলোকেও জানে প্ৰকৃততে অসমীয়া কোন। কিন্তু ভোটবেংকৰ স্বাৰ্থ আৰু দলীয় ‘এজেণ্ডা’ কাৰ্যকৰীকৰণৰ বাবেহে যে অসমীয়াত্বক নিঃশেষ কৰিব খুজিছে, সেয়া প্ৰকট। যদি, অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ চৰকাৰ বাহাদুৰৰ ইমানেই জাতীয়তাবোধ আছে, তেন্তে বিভাজিত অসমীয়া সমাজখন আৰু এই সমাজৰ পৰা ফালৰি কাটি যোৱা বা ফালৰি কাটিবলৈ উদ্যত হৈ থকা জনগোষ্ঠীসমূহক ফিৰাই আনি বৃহত্তৰ অসমীয়া সমাজখন মজবুত কৰিবলৈ আপত্তি ক’ত? কিন্তু আপত্তি আছে, কাৰণ জনগোষ্ঠীয় অসমীয়া সমাজখন একলগ হোৱা মানেই ‘জনগোষ্ঠীয়’ আৰু ‘জনজাতি’ ৰাজনীতি কৰি থকা চৰকাৰ বাহাদুৰ আৰু ৰাজনৈতিক চাতুকাৰসকলৰ সান্দহ খোৱা বালি তল যাব। কেশৱ মহন্তই তেওঁৰ কবিতাত সেয়ে এই চাতুৰীৰ বিৰুদ্ধে যুঁজিবলৈ কৈছিল – ‘নিজৰে ঘৰতে শুই/নিজ হাতে লগালি জুই/ ভিতৰৰ নল’লি গম/ তাতে কুটুমো আছিল শুই/ মই জগাই দিলো অ’/ জগাইছিলো/ তই মোলৈহে দাঙিলি দা/ অ’ কলিজাত লগালে ঘাঁ।’ কেশৱ মহন্তই এই চাতুৰীৰ বিৰুদ্ধে যুঁজিবলৈ গৈ চৰকাৰী বাধাৰো বাৰম্বাৰ সন্মুখীন হৈছিল। তেওঁৰ বাকস্বাধীনতাক ৰদ কৰিবলৈ চলিছিল চক্ৰান্ত। এটা সৰু উদাহৰণ – ‘ইয়াৰ ভেটিৰ কেঁচা মাটিত/কাৰ চৰণৰ চিন/ কথা আছিল ইয়ালে’ এদিন/ আহিব হো-চি-মিন’ – এই গীতটোত হো-চি-মিনৰ নাম শুনাৰ লগে লগেই তৎকালীন আকাশবাণীৰ একাংশ বিষয়াৰ বুকু কঁপিছিল। আনহাতে, সেই একেই অনাতাঁৰ কেন্দ্ৰত ‘কাউৰী পৰে’ শীৰ্ষক গীতটো এবাৰ কি দুবাৰ বজাই পিছলৈ সেই গীতটো বজোৱাৰ ক্ষেত্ৰত কৰ্তৃপক্ষ তাপ মাৰিছিল। কিন্তু ইমানৰ পাছতো কেশৱ মহন্তৰ এই জীৱনমুখী গীত আৰু কবিতাসমূহ দূৰ্দান্তৰূপত মানুহৰ কাষলৈ গৈছিল। আৰু তাৰ প্ৰাসংগিকতা দিনৌ বৃদ্ধি পাইছিল। বাকস্বাধীনতা ৰুদ্ধকৰণৰ দুষ্কাৰ্য চৰকাৰে আজিও চলাই আহিছে। কিন্তু দেশ আৰু জাতিৰ হকে এই বাক্ সদায় দৃঢ় আৰু সৱল। আজি কেশৱ মহন্তৰ জন্মদিনটোত আমি তেওঁলৈ শ্ৰদ্ধা জনাই তেওঁৰ ভাষাৰ প্ৰাসংগিকতাৰেই কওঁ – ‘ময়েই মাতিছো/পৰে পৰে মই মাটিৰ বুকুৰ ডাক/ সময় হ’লেই সঁকিয়াই দিওঁ/ জগাওঁ ময়েই তোমাক।।/এনেকৈয়ে মই সময়ে সময়ে/ দিয়েই আছিলো মাত/ নুবুজিলা নে নুশুনিলা তুমি/ হেৰুৱালা ঘাই বাট/ কাণ দিয়া যদি এতিয়াও মই/ পৰে পৰে দিওঁ ডাক।’ 

সম্পাদক

✉ editor@biriyaa.com

Previous  বৰ্তমানৰ বলিউদ আৰু নাৰীৰ 'মনমৰ্জিয়া'
Next অচম চাহিত্য চাফা

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে