চিকিৎসা বিজ্ঞানত শুশ্ৰূষা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু কিছু অন্যান্য প্ৰসংগ


শুশ্ৰূষা

                       “কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত যোৱা বুলাই

জয়ন্ত হাজৰিকাৰ কণ্ঠত এই গীতটি শুনিলে এক পৰিৱেশ ভাহি উঠে যেন নৰীয়াপাটীত কেঁকাই থাকোতে মাই কপালত হাত বুলাই দিছে আৰু সেই যাদুকৰী পৰশত সমস্ত যন্ত্ৰণাৰ উপশম হৈছে৷ 

ৰোগ আৰোগ্যৰ ক্ষেত্ৰত দৰৱৰ লগতে শুশ্ৰূষাৰ এক গুৰত্বপূৰ্ণ ভূমিকা আছে৷ অথচ জানি-নাজানি বহু সময়ত ইয়াক অৱজ্ঞা কৰা হয়৷ সৰুতে ফ্লোৰেন্স নাইটেংগলৰ কাহিনী পঢ়ি সেই “চাকি লোৱা তিৰোতাগৰাকীৰ” প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল৷ অকল তেওঁৰ মাতষাৰৰ বাবে কিমান সৈনিকে মনোবল পাই সুস্থ হৈ উঠিছিল, কিমানে তেওঁৰ মাত্ৰ উপস্থিতিত সাহস পাইছিল!  শুশ্ৰূষা এক সমন্বিত শব্দ অকল হাতৰ পৰশে নহয়, বা মালিচে নহয়; মিঠা মাত, আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ, ৰোগীক মানসিক সাহস যোগাব পৰা ব্যক্তিত্ব, সহানুভূতিশীল পৰিচৰ্যা, খবৰ লোৱা, তেওঁৰ কথা ধৈৰ্য আৰু আগ্ৰহেৰে শুনা ইত্যাদি সকলোবিলাক সামৰি শুশ্ৰূষা চিকিৎসা বিজ্ঞানৰ অন্যতম উপাদান৷ কেতিয়াবা ৰোগৰ দৰৱতকৈ শুশ্ৰূষাই বেছি কাম দিয়া দেখা যায়৷

মোৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ ঢুকাইছিল৷ যেতিয়া সকলো চিকিৎসা শেষ হৈ গৈছিল, অকল তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ, বিশেষকৈ ল’ৰা-ভতিজাসকলৰ শুশ্ৰূষাইহে তেওঁক কিছু দিন বচাই ৰাখিছিল৷ মোৰ মনত আছে, দিন-ৰাতি একাকাৰ কৰি আমি কেনেকৈ তেওঁৰ গা মালিচ কৰি টোপনি নিয়াইছিলোঁহঁক৷ অৱশ্য তেওঁৰ অসাধাৰণ মানসিক শক্তিয়ে সহায় কৰিছিল, কিন্তু আমাৰ নেৰানেপেৰা পৰিচৰ্যাই এই শক্তিক দুগূণ কৰিছিল৷ 

আৰু এটা কথা থাওকতে মনত পৰিছে৷ মই বোম্বাই প্ৰাকৃতিক ইতিহাস সংস্থাৰ গৱেষক বিজ্ঞানী হিচাপে বক্সা ব্যাঘ্ৰ প্ৰকল্পত কাম কৰিছিলোঁ৷ আমি উত্তৰ বংগৰ আলিপুৰদুৱাৰত শিবিৰ পাতি আছিলোঁ৷ মোৰ অধীনত শিৱ কুমাৰ (এতিয়া ড° শিৱকুমাৰ, এতিয়া পিৰৱেশিক শিক্ষা কেন্দ্ৰ, আহমেদাবাদত কৰ্মৰত) নামৰ এজন কনিষ্ঠ বিজ্ঞানী, এজন গাড়ীচালক, দুজন ক্ষেত্ৰসহায়ক আছিল; তাৰে এজন দিলীপ ৰায় শিৱ আৰু মোৰ লগত বাস কৰিছিল৷ তেওঁ আমাৰ ৰন্ধা-বঢ়াৰ দায়িত্বত আছিল৷ এৰাতি তেওঁৰ অতিপাত মূৰ কামোৰণিত চটফটাই আছিল৷ মই তেওঁৰ মূৰ পিটিকি শুশ্ৰূষা কৰি সুস্থ কৰি তুলিছিলোঁ৷ প্ৰথমতে তেওঁ আপত্তি কৰিছিল, (কৰাটোৱে স্বাভাৱিক, তেওঁৰ অফিচাৰে এয়া কৰিছে!) অস্বস্তি কৰিছিল, পাছলৈ যেতিয়া আৰাম পাব ধৰিলে মোৰ হাতত এৰি দিছিল৷ তেওঁ শুই নপৰালৈকে মই কাষতে বহি আছিলোঁ৷ 

এই সাধাৰণ ঘটনাই দিলীপৰ হৃদয়ত গভীৰ ৰেখাপাত কৰিছিল৷ তেওঁ অধিক বেছি কৃতজ্ঞ হৈ পৰিছিল৷ টকা-পইচাৰ ঋণ শোধ কৰিব পাৰি, কিন্তু শুশ্ৰূষাৰ ঋণ শোধ কৰিব নোৱাৰি, কেৱল গভীৰ অনুভূতিৰ দ্বাৰা ইয়াক উপলদ্ধিহে কৰিব পাৰি৷ কাৰণ প্ৰকৃত শুশ্ৰূষা মাত্ৰ যান্ত্ৰিক কাৰ্য নহয়, আৱেগমিশ্ৰিত পৰিচৰ্যা৷

চিকিৎসা বিজ্ঞানৰ লগত জড়িত শুশ্ৰূষা বিজ্ঞান শিক্ষা বৰ্তমান জনপ্ৰিয় শিক্ষাৰ বিষয় হৈ পৰিছে৷ মেধাবী ছাত্ৰীসকলে আগবাঢ়ি আহিছে৷ ভৱিষ্যতলৈ পেছাৰ বাবেও ই এক আকৰ্ষণীয় শিক্ষা-স্ৰোত৷ আধুনিক জ্ঞানেৰে জ্ঞানেৰে শিক্ষিত হৈ তেওঁলোকে সমাজক সুস্থ কৰি তোলাতো অংশ গ্ৰহণ কৰক৷ কাৰণ প্ৰশিক্ষণ কালত তেওঁলোক গাঁৱবিলাকলৈ গৈ জন-সাধাৰণৰ খা-খবৰো লয়৷ এই সুযোগতে গাঁৱৰ মাতৃসকলকো শিকাব পাৰে; নিসন্দেহে কোনো মাতৃকে সন্তান, কোনো পত্নীকে তেওঁৰ গিৰিয়েকক সেৱা-শুশ্ৰূষা কৰিবলৈ শিকাব নেলাগে, কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ আভাস দিয়াটো উচিত৷ বহু সময়ত অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ ফলত পৰম্পৰাগত জ্ঞানৰ পোহৰ আন্ধাৰতে থাকি যায়৷ মই ভাবোঁ, এয়া প্ৰত্যেক শুশ্ৰূষাকাৰী, শুশ্ৰূষাকাৰিণীৰ অতিৰিক্ত দায়িত্ব৷

মৃ্ত্যুঞ্জয়

                                                       “সবাতোকৈ আচৰিত সত্যটো কি?

ধৰ্মৰাজে সোধা এই প্ৰশ্নটোৰ উত্তৰত যুধিষ্ঠিৰে কোৱা কথাখিনি কিমান নিৰ্মম সত্য, মন কৰিছেনে বাৰু? “আমি যে এদিন মৰিম, বা যিকোনো মুহূৰ্ততে মৰিব পাৰোঁ, সেয়া কোনেও ভাবি নেচায়অথচ মানুহে পৰিকল্পনা কৰে, দীৰ্ঘম্যাদী আঁচনি লয়, কাইলৈ কি একো ঠিকনা নাই! এবাৰ এখন ধৰ্মালোচনা সভাত কিবা এটা বিষয় নুবুজা বাবে শিশু এটিয়ে সন্নাসিনীগৰাকীক প্ৰশ্ন কৰাত তেওঁ লে যে ডাঙৰ লেহে  সি বুজি পাব, এতিয়াই নহয় লগে লগে শিশুটিয়ে কৈ উঠিল, “মই যে ডাঙৰ হোৱালৈকে জীয়াই থাকিম, তাৰ নিশ্চয়তা আপুনি দিব পাৰিব নে?”

দৰাচলতে আমি প্ৰত্যেকে এই নিৰ্মম সত্যটোৰ পৰা আঁতৰি থাকিব বিচাৰোঁ; নহলে যে জীৱন নচলে, সংসাৰ নচলে! পৰিকল্পনাহীন জীৱন কল্পনাই কৰিব নোৱাৰি কিন্তু এগৰাকী মনিষীয়ে কৈ গৈছে, “আজিয়ে তোমাৰ অন্তিম দিন বুলি ভাবি কাম কৰি যোৱাঁ” “মোৰ ইমানবোৰ কাম কৰিবলগীয়া আছে, কেনেকৈ এদিনতে শেষ কৰিমবুলি হতাশ হৈ বহি পৰিলে এই কথাষাৰৰ তাৎপৰ্য বুজাত ভুল কৰা কথাষাৰৰ অৰ্থ হ’লঃ আজিয়ে কৰিব পৰা কামখিনি কাইলৈৰ কাৰণে পেলাই নথৈ আজিয়ে শেষ কৰিব লাগে। আনন্দৰাম বৰুৱা, স্বামী বিবেকানন্দ, ৰামানূজন, কবি সুকান্ত আদি গুণী ব্যক্তিয়ে জীয়াই থকা দিন কেইটা সৎ ব্যৱহাৰ কৰি কম সময়তে মহৎ কাৰ্য কৰি গৈছে৷ কিন্তু সোনকালে মৰিবলৈ কোনে বিচাৰে এই সুন্দর ভুবনে বাচিবারে চাই কবিগুৰু ৰবীন্দ্ৰনাথেও কৈ গৈছে৷ অথচ কবি হীৰেন ভট্টই মৃত্যুক শিল্পৰ লগত তুলনা কৰিছে, নিৰ্লোভ ভাস্কৰ্য বুলি অভিহিত কৰিছে৷

আজি যদি মোৰ মৃত্যু হয়, কি হ’ব নো?

“দিন গ’লে ৰাতি হ’ব/জোন বেলি ওলায়ে থাকিব/গছত ফুলিব ফুল/ বতাহ বলিব/ নিজ বাটে নক্ষত্ৰ ঘূৰিব”!

মৃত্যুকতো মই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, নিজৰ কৰ্তব্যহে কৰিব পাৰোঁ দৈনন্দিন৷ অসম্পূৰ্ণ কাম থাকিলে থাকি যাব, তাৰ বাবে আক্ষেপ কৰিলেতো নহ’ব। ইতিমধ্যে মৃত্যুক ওচৰৰ পৰা দেখিছোঁ কেবাবাৰো৷ শেহতীয়াকৈ মোৰ এই ভাববোৰ আহিছে৷ গতিকে মই প্ৰস্তুত! আপুনি?

 

Previous পথাৰ: আদিতম মানুহৰ এক সংগ্ৰামৰ ইতিহাস
Next গণিত চ’ৰাৰ ৱেবিনাৰ : এটি বাৰ্তা