অৰ্থনৈতিক আধাৰ অথ সাম্প্ৰতিক পৰ্যটন আৰু আৰ্থ-সামাজিক বিকাশৰ সম্ভাৱনীয়তা

প্ৰত্যেকটো জাতি-জনগোষ্ঠী,প্ৰতিখন ঠাইৰে নিজা ইতিহাস থাকে৷ ইতিহাস মতে ১৬০৬ খ্ৰীষ্টাব্দত জয়ন্তীয়া ৰজা যশনাৰায়ণে দুজনীকৈ জীয়ৰীক আহোম স্বৰ্গদেউ প্ৰতাপ সিংহক বিয়া দিছিল৷ ফলস্বৰূপে উক্ত চনতেই আহোম ৰজাই ৰাজ্যৰ সীমান্তবৰ্তী কলং নদীৰ পাৰত ফুলগুৰিত হাট বহুৱাই আৰু নিজৰ নিজৰ ব্যৱসায়ী সকলক “গাৰো”ৰে সৈতে ব্যৱসায় কৰিবলৈ অনুমতি দিয়ে৷ এই ফুলগুৰি হাটেই হৈছে বৰ্তমানৰ জোনবিল মেলাৰ প্ৰাৰম্ভিক অৱস্থা৷১৮৩৫ খ্ৰীষ্টাব্দৰ  ইয়াণ্ডাবু সন্ধিৰ পিছতে বিভিন্ন ৰাজনৈতিক-অৰ্থনৈতিক কাৰণত এই হাটক বৰ্তমানৰ মেলা স্থলীলৈ স্থানান্তৰ কৰা হয়৷বৰ্তমানে এই হাট শব্দৰ ঠাইত মেলা বুলিহে প্ৰয়োগ হ’ল৷

মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিমত অৱস্থিত গোভা মৌজাৰ জোনবিল পথাৰত মাঘ মাহৰ পিছৰটো বুধবাৰে অনুষ্ঠিত কৰা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এই এনাজৰী ঐতিহাসিক জোনবিল মেলা৷

তিৱা ভাষাত ‘ছ্যনাই’ মানে জোন আৰু ‘পিল’ মানে বিল৷ এই “ছ্যনাইপিল” শব্দটোৱে অনা-তিৱা লোকৰ মুখত বাগৰি বা অসমীয়া অৰ্থত “জোনবিল” হয়৷


মৰিগাঁও জিলাৰ জাগীৰোডৰ ঘাইপথৰ পৰা উত্তৰে পাঁচ কিল’মিটাৰ দূৰত্বত জোনবিল পথাৰ(মৰিগাঁও চহৰলৈ যোৱাৰ পথত)৷

অসমৰ অন্যতম জনজাতি তিৱা জনগোষ্ঠীৰ লোকে উদ্‌যাপন কৰা এই মেলাই,আজিৰ মুদ্ৰাসৰ্বস্ব অৰ্থনীতিৰ সময় প্ৰবাহতো “বিনিময় প্ৰথা”ৰ জৰিয়তে বিশ্বব্যাপি এক সুকীয়া স্থান লাভ কৰি আহিছে৷

জোনবিল সম্পৰ্কে এটি প্ৰবাদ আছে, এই প্ৰবাদ অনুসৰি জোনবিল মেলা গোভা ৰজা নোৱান খোৱা(ন-খোৱা) উৎসৱহে৷ গোভা ৰজাই জোনবিলৰ পথাৰত নোৱান খোৱাৰ পতাৰ সোঁৱৰণীত প্ৰতি বছৰে পতা হয় এই জোনবিল মেলা৷

তাহানিতে জীৱন নিৰ্বাহৰ প্ৰয়োজনীয়তাবশতঃ

পাহাৰ-ভৈয়ামৰ তিৱা আৰু অনা-তিৱাৰ মাজত জোনবিল হাটত বিনিময় প্ৰথাৰ আৰম্ভ হৈছিল; নিজৰ পৌৰাণিক পৰম্পৰাক ভালপোৱা নিষ্ঠাৰে পালন কৰি অহা তিৱাসকলে আজিও ইয়াক গৌৰৱেৰে ৰক্ষা কৰি আহিছে৷

বুধবাৰেই ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা লগতে কাৰ্বি আংলং,জয়ন্তীয়া পাহাৰ আদিৰ পৰা নামি আহে মামা-মামীসকল৷ লগত লৈ আহে পাহাৰত উৎপাদিত আদা, হালধি, কচু, জলকীয়া, তিল, পাহাৰীয়া আলু, কোমোৰা, শুকান গাঁজ, লা, ধুনা আৰু বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী৷ দ্বিতীয় দিনা পুৱতি নিশাৰ পৰাই আৰম্ভ হয় বিশ্ব প্ৰসিদ্ধ ‘বিনিময় প্ৰথা’৷ মামা-মামীৰ আলু-কচুৰ সৈতে ভৈয়ামৰ তিৱা, অ-তিৱা ভাই-ভনীহঁতে চিৰা, সান্দহ, পিঠা, কেঁচা মাছ, শুকান মাছ, ভাপত দিয়া বৰা চাউল আদিৰে বিনিময় আৰম্ভ কৰে৷

এই চেনেহৰ ’জোনবিল মেলা’ পৰিণত হয় পাহাৰ-ভৈয়ামৰ শান্তি-সম্প্ৰীতিৰ এনাজৰীৰ মেলালৈ৷ এই মেলাতে গোভা ৰাজ্যৰ কৰতলীয়া প্ৰজা ৰাজ্যসমূহে গোভা দেওৰজালৈ কৃষি সামগ্ৰী কৰ হিচাপে আগবঢ়ায়৷

 

ফটো সৌজন্য : অনুৰাগ কৌশিক

জোনবিল মেলাৰ অৰ্থনৈতিক অৰিহণা

অৰ্থনৈতিক কাৰণবোৰেই হৈছে জোনবিল মেলা উদ্ভৱৰ মূল কাৰণ৷ অসম বুৰঞ্জীৰ মধ্যযুগটো ধৰি গোভাৰাজ্য হাট-বজাৰৰ এখন মুকলি ক্ষেত্ৰ ৰূপে পৰিগণিত হৈ আহিছে৷

বয়ন শিল্পত তিৱা মানুহবোৰ বৰ আগবঢ়া৷ কাপোৰত প্ৰাকৃতিক ৰং বুলোৱা বিদ্যাটো এতিয়াও পাহাৰ অঞ্চলত বিদ্যমান৷ মাছ আৰু অন্যান্য চিকাৰৰ বাবে ৰিহা গছৰ আঁহৰ পৰা জাল গোঁঠা বিদ্যাটোও তেওঁলোকৰ মাজতে প্ৰচলিত আছিল৷৷ তিৱাসকলৰ গৱেষক পণ্ডিতসকলে নিশ্চিত কৰিছে যে, খাছী জয়ন্তীয়া পাহাৰত বহুতো লোৰ খনি আছিল, য’ৰ পৰা দাঁতিয়লীয়া ৰাজ্যসমূহে কেঁচা লোৰ আমদানি কৰিছিল৷ এই উৎপাদিত বা আমদানিকৃত লোৰ সামগ্ৰীবোৰৰ বাবে হাট বজাৰৰ প্ৰয়োজন হৈছিল৷ জোনবিল মেলাত এতিয়াও খাচীয়া দা কটাৰীৰ বৰ আদৰ৷

গোভাৰাজ্যত মুদ্ৰা-ব্যৱস্থা তেনেই নিশকতীয়া আছিল৷ গোভাৰাজ্য জয়ন্তীয়া বা আহোম ৰজাৰ তলতীয়া হোৱা বাবে নিজাকৈ মুদ্ৰা খোদিত কৰি প্ৰচলন কৰাৰ অধিকাৰ নাছিল৷ সাধাৰণ প্ৰজাবোৰে ব্যৱসায়িক লেন-দেনৰ বাবে মূলত বিনিময় ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল৷ আৰু তেনেকৈয়ে সূত্ৰপাত হৈছিল জোনবিল মেলাৰ৷

 

জোনবিল মেলাৰ  সমস্যাসমূহ

সপ্তদশ শতিকাত জন্ম লাভ কৰি জোনবিল মেলাই এতিয়ালৈ চাৰিশ বছৰ অতিক্ৰম কৰিলে।

মাটিৰ সমস্যাটো জোনবিল মেলাৰ আটাইতকৈ গভীৰ আৰু চিন্তনীয় সমস্যা৷ ১৮৩৫ চনত গোভাৰাজ্য বৃটিছৰ তলতীয়া এটা মৌজা হোৱাৰ লগে লগে জমিদাৰী অধিকাৰ চলে৷ তেনে কঠিন সময়বোৰতে সুযোগ লৈ ইতিমধ্যে কোঁচলৈ জাত্যান্তৰ হোৱা বাঘজাপৰ লোকসকলে নিজৰ নিজৰ নামত মাটিৰ পট্টা লিখাই লয়৷ তথাকথিত ‘ট্ৰাইবেল’, লালুঙৰ পৰা নিজকে পৃথক কৰি উচ্চ বৰ্ণ হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে মেলা অনুষ্ঠিত কৰিবলৈও অনিচ্ছুক হৈ পৰে৷ ভূমি হেৰুৱাই মেলাৰ লগত জড়িত মানুহবোৰৰ নাজল-নাথল অৱস্থা হ’ল৷

পূঁজিৰ সমস্যা আৰু অন্যান্য সমস্যাবোৰো প্ৰধান ৷

 

গোভাৰাজ্যৰ ঐতিহ্য বহনকাৰী জোনবিল মেলাই পৰম্পৰা ৰক্ষা কৰাৰ উপৰিও অৰ্থনৈতিক লাভালাভৰ পথো মুকলি কৰিছে৷ এই মেলাত নিজ জিলাখনৰ উপৰিও অসমৰ বহু অঞ্চলৰ ব্যৱসায়ী সকল জড়িত হয়৷ মেলাখনে স্থানীয় নিবনুৱা সকলৰ বাবেও সাময়িক ব্যৱসায়ৰ বাট মুকলি কৰে ৷ মেলাখন বৰ্তমান এক পৰ্যটন স্থলীলৈ পৰ্যবসিত হোৱাৰ ফলত অদূৰ ভৱিষ্যতে স্থানীয় লোকসকলৰ বাবে এক সফল ব্যৱসায়ৰ বাট মুকলি কৰিছে৷

বৰ্তমান ভাৰতৰ পূৱলৈ চোৱা নীতিৰ আধাৰত উত্তৰ পূবৰ পৰ্যটন বিভাগলৈ আমূল পৰিবৰ্তন আহিব বুলি আশা কৰা হৈছে৷ সেই সুযোগ যদি জোনবিল মেলাই গ্ৰহণ কৰিব পাৰে,তেন্তে অঞ্চলটোৰ নিবনুৱা সমস্যা কিছু দূৰীকৰণৰ লগতে সৰ্বসাধাৰণো কিছু উপকৃত হ’ব৷

ফটো সৌজন্য: অনুৰাগ কৌশিক

 

এই মেলাই অকল অসমৰ লোককেই এনাজৰীৰে বন্ধা নাই, মেঘালয়ৰ এক বৃহৎ অঞ্চলো এই বান্ধোনত সাঙুৰ খাই আছে৷

একবিংশ শতিকাৰ যুগত পাহাৰ ভৈয়ামৰ আৰ্থিক জগতলৈ যথেষ্ট পৰিবৰ্তন আহিছে৷ যাতায়ত আৰু বজাৰ ব্যৱস্থাৰ উত্তৰণে সকলো বস্তুকেই এতিয়া সকলোতে সহজলভ্য কৰি পেলাইছে৷ এতিয়া প্ৰায়বোৰ পাহাৰ ভৈয়ামৰ মানুহ আৰ্থিক লাভালাভৰ উদ্দেশ্য লৈ মেলালৈ নাহে ৷ আহে “বিনিময় ব্যৱস্থা”ৰ পৰম্পৰা ৰক্ষা কৰিবলৈ৷                                                                                                                                       

Previous কৃষিশস্য উৎপাদনেৰে জীৱনৰ বাট বুলিছে মাজুলীৰ প্ৰগতিশীল কৃষক বিনয় লেখকে
Next বিহুটি হৈছে ভোগালী, ভাগ্যে মনত পেলালি

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে