ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ। ৰাষ্ট্ৰব্যৱস্থাই দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে সৰ্বস্তৰৰ উন্নয়ন সাধনতেই মূলতঃ গুৰুত্ব দিয়া উচিত। দেশৰ সংবিধানেও এই লৈ কেতবোৰ মৌলিক অধিকাৰ দেশৰ নাগৰিকক দিছে। এই বিষয়ত কাৰোৰে অজ্ঞতা নিশ্চয় নাই। এই জনমুখী ব্যৱস্থাত প্ৰকৃততে ‘ৰাজনীতি’ বিষয়টোও সম্পূৰ্ণৰূপে ইতিবাচক আৰু সদিচ্ছামূলক। ৰাজনীতিয়ে কৰোঁ বুলিলে এই দেশৰ ৰূপান্তৰ ঘটাব পাৰে। এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ যি মৰ্যদা, সেয়াও আন প্ৰান্তৰ আদৰ্শ হ’ব পৰাকৈ সমৃদ্ধ। স্বৰাজোত্তৰ ভাৰতৰ ইতিহাস যদি আমি বাৰুকৈ অধ্যয়ন কৰোঁ, তেন্তে ৰাষ্ট্ৰৰ যি কল্যাণকামী চৰিত্ৰ সেয়া কাৰ্যতঃ এক কল্পনাৰ মাজতেই ঘূৰ্ণীয়মান। যি ৰাজনীতিয়ে দেশৰ যোগাত্মক ৰূপান্তৰ ঘটাব পাৰে বুলি আমি আজিও পতিয়ন গৈ থাকোঁ, সেই ৰাজনীতিয়ে লাহে লাহে দেশৰ যি ৰূপান্তৰ ঘটাইছে, সি আমাৰ পৰিকাঠামো দুৰ্বলহে কৰি তুলিছে।

https://biriyaa.com/

শেহতীয়াকৈ অসমৰ প্ৰেক্ষাপটত যি ৰাজনৈতিক ঘটনাক্ৰমে জনসাধাৰণক বিভ্ৰান্ত আৰু বহুধা-বিভাজনৰ মাজত ৰাখিছে, ইয়ে গ্ৰাম্য সমাজ-ৰাজনীতি-অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, জনজাতিকৰণৰ বিৰোধিতা, ডি-ভোটাৰৰ প্ৰসংগৰ দৰে এই গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজ্যব্যাপি প্ৰৱল প্ৰতিবাদ আৰু আন্দোলন গঢ় লৈ উঠিছে। এনে অস্থিৰতাৰ মাজত চৰকাৰৰ যি জনবিৰোধী স্থিতি, সিয়ে সাধাৰণ মানুহক হতাশ কৰি তুলিছে। কল্যাণকামী ৰাষ্ট্ৰত যদি চৰকাৰ যন্ত্ৰটোৱে সৰ্বসাধাৰণৰ চিন্তন আৰু মনন আৰু সমবেত আৱাজ নুশুনে, তেন্তে এই মূহুৰ্তত ৰাইজে কি দৰে আস্থাত ল’ব যে চৰকাৰে প্ৰকৃততে জনকল্যাণ কৰি আছে। বিশেষতঃ গাঁও অঞ্চলত জনগোষ্ঠীয় অসমীয়া সমাজৰ যি কৃষি-নীতি আৰু ইয়াক কেন্দ্ৰ কৰি অৰ্থনৈতিক ৰূপৰেখা, সেয়া ক্ৰম অনুসৰি বিলুপ্ত প্ৰায়। চৰজমিন অধ্যয়নে এই মাটিৰ অন্তৰাত্মাৰ হাঁহাকাৰখিনি বৰ কৰুণভা‍ৱে প্ৰকট কৰি তুলিছে।

গ্ৰাম্য-অৰ্থনীতি সৱল নোহোৱাকৈ আমি আমাৰ স্বাধিকাৰ সাব্যস্তকৰণৰ সংগ্ৰামখনক এক ‘শ্লোগান’ৰ মাজতেই আবদ্ধ কৰি ৰাখিব লাগিব। অৰ্থনৈতিক ক্ষমতা হাতত নথকাকৈ ৰাজনৈতিক, সামাজিক, ভাষিক আৰু সাংস্কৃতিক ক্ষমতা বা অধিকাৰ আমি সাব্যস্ত কৰিব নোৱাৰিম। সেয়েহে, সম্পূৰ্ণ বাস্তৱ আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চা, কাৰ্যপ্ৰণালী, স্থানীয় আৰু অন্য প্ৰান্তৰ বজাৰমূল্য অধ্যয়ন, যোগাযোগ আৰু তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে উচিত কেন্দ্ৰসমূহৰ সৈতে সংযোগ স্থাপন আৰু সমবায় ভিত্তিত কৃষি তথা বাণিজ্য পদ্ধতিত অসমীয়া মানুহে নিষ্ঠা আৰু ধৈৰ্য সহকাৰে আত্মনিয়োগ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।

গ্ৰাম্য-অৰ্থনীতি সৱল নোহোৱাকৈ আমি আমাৰ স্বাধিকাৰ সাব্যস্তকৰণৰ সংগ্ৰামখনক এক ‘শ্লোগান’ৰ মাজতেই আবদ্ধ কৰি ৰাখিব লাগিব। অৰ্থনৈতিক ক্ষমতা হাতত নথকাকৈ ৰাজনৈতিক, সামাজিক, ভাষিক আৰু সাংস্কৃতিক ক্ষমতা বা অধিকাৰ আমি সাব্যস্ত কৰিব নোৱাৰিম। সেয়েহে, সম্পূৰ্ণ বাস্তৱ আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চা, কাৰ্যপ্ৰণালী, স্থানীয় আৰু অন্য প্ৰান্তৰ বজাৰমূল্য অধ্যয়ন, যোগাযোগ আৰু তথ্য-প্ৰযুক্তিৰ মাধ্যমেৰে উচিত কেন্দ্ৰসমূহৰ সৈতে সংযোগ স্থাপন আৰু সমবায় ভিত্তিত কৃষি তথা বাণিজ্য পদ্ধতিত অসমীয়া মানুহে নিষ্ঠা আৰু ধৈৰ্য সহকাৰে আত্মনিয়োগ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। চৰকাৰে ‘কিবা’ কৰিব বুলি তিনিআলিত বহি দুগালত দুহাত থৈ পৰম আশাৰে ৰৈ থাকি সময়ৰ অপচয় কৰাতকৈ গাঁওভিত্তিক সমূহীয়া চিন্তাৰে হাতে-কামে পথাৰত নমাটোহে অসমীয়াৰ মূল উদ্দেশ্য হোৱাটো উচিত। ইতিমধ্যে, এইখন অসমৰে কেবাটাও প্ৰান্তৰ খেতিয়ক আৰু উদ্যমী ব্যৱসায়ীয়ে নিজৰ মনোবল আৰু কৃচ্ছ্ৰ শ্ৰমেৰে নিজৰ উৎপাদিত সামগ্ৰী অকল অসমেই নহয়, ভাৰত আৰু বিদেশতো ৰপ্তানি কৰিছে। আমাৰ হাতত তথ্য অনুসৰি, এইখন অসমৰে কেইবাজনো খেতিয়কে নিজৰ শ্ৰমৰ বলত বিদেশলৈ গৈ সংশ্লিষ্ট অঞ্চলৰ কৃষিপদ্ধতি আৰু কৃষি-অৰ্থনীতিৰ বিষয়ত অধ্যয়ন কৰাৰ লগতে নিজেও তেওঁলোকৰ খেতিৰ বিষয়ে বিদেশৰ মাটিত ৰাইজক অৱগত কৰিছে। গ্ৰাম্য অৰ্থনীতিক নিজৰ একাগ্ৰতা কিম্বা সমূহীয়া প্ৰচেষ্টাৰ মাজেৰে এইসকল লোকে যি বাট দেখুৱাইছে, তেওঁলোকলৈ আমাৰ অভিবাদন আৰু তেওঁলোকেই হ’ল প্ৰকৃতাৰ্থত আমাৰ দেশৰ জাতীয় নায়ক। নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ, অসমৰ সচেতন লোকৰ মাজত যি এক শংকাই স্থায়ী ৰূপ লৈছে, তাৰে এক অন্যতম কাৰণ হ’ল অহা দিনবোৰত আমাৰ হাতৰ পৰা নিশ্চিহ্ন হ’ব গ্ৰাম্য অৰ্থনীতিৰ ক্ষমতা। সেয়ে, এই বিধেয়কৰ বিৰুদ্ধে সম্প্ৰতি গাঁৱে গাঁৱে ব্যাপক হাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈছে। গঞা ৰাইজৰ এই যুযুধান ৰূপ দেখি চৰকাৰ সন্ত্ৰষ্ট। আৰু এই অৱস্থাত চৰকাৰে অপ্ৰাসংগিক কিছুমান বিষয় আৰু সাম্প্ৰদায়িক মন্তব্য সিঁচৰতি কৰি নিজকে সৱল বুলি দেখুৱাবলৈ উঠি-পৰি লাগিছে। আৰু ইয়াক সৰ্বস্তৰত কাৰ্যকৰীকৰণৰ বাবে তেওঁলোকে নিজৰ ‘জনকল্যাণ’ ৰাজনীতিক প্ৰয়োগ কৰিছে। এই ৰাজনীতিৰ অংশ হিচাপে অসমৰ গ্ৰাম্যাঞ্চল বা মফচলৰ যুৱপ্ৰজন্মই যাতে কেৱল আনন্দ-বিলাস কৰি সময়বোৰ পাৰ কৰিব পাৰে, তাৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বৰে পৰাই গাঁৱে গাঁৱে ভোজ-ভাত, ফাংচন ইত্যাদি মনোৰঞ্জনমূলক ব্যৱস্থা চৰকাৰী খৰচতেই গাঁৱৰ প্ৰতিনিধিৰ দ্বাৰা সমাপন কৰাৰ উপৰি গঞা ডেকাৰ যৌৱনৰ পিৰপিৰণি আৰু হেঁপাহ নিবাৰণ কৰিবলৈ ম’বাইল ফোনৰ ‘ৰিচাৰ্জ’ আৰু ‘নেটপেক’ৰ বাবে প্ৰয়োজনীয় ধন পৰ্যন্ত ব্যয় কৰা হৈছে। আনহাতে, মটৰ-বাইক বা মটৰ গাড়ীৰ ইন্ধনৰ বাবে ধন ব্যয়ৰ খৰচবোৰ আছেই। আমাৰ চৰজমিন অধ্যয়নত এই কথাবোৰ শেহতীয়াকৈ পোহৰলৈ আহিছে। এই যুৱ প্ৰজন্মই যাতে, নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ ভয়াবহতা অৱগত হ’ব নোৱাৰে বা বিধেয়কবিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰিব নোৱাৰে, কিম্বা চৰকাৰ বা বিজেপিৰ ৰাজনৈতিক চাতুৰি সম্পৰ্কত বৰ বিশেষ মূৰ ঘমাব নোৱাৰে, সেই উদ্দেশ্যে এই ‘জনকল্যাণ’ ৰাজনীতি চৰকাৰে ব্যাপক কৰি তুলিছে। তেওঁলোকৰ মাজৰে কিছু অংশক এইদৰে লোভনীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰ আৰু বিধেয়কৰ সপক্ষত নিয়োগ কৰাৰ খবৰো আমাৰ হাতত পৰিছে। এই ব্যৱস্থাত, ইজিমানি বা বিলাসিতাৰ বশৱৰ্তী হৈ সম্প্ৰতি গ্ৰাম্যাঞ্চলৰ যুৱ প্ৰজন্মই পথাৰক বিদায় দি নিজৰ যৌৱন ন্যস্ত কৰিছে মবাইল ফোনৰ স্ক্ৰীণত। আৰু চৰকাৰে দাবী কৰিছে, যুৱ প্ৰজন্মই উন্নতি সাধন কৰিছে। চৰকাৰৰ কথাই সঠিক। কাৰণা কল্যাণকামী ৰাষ্ট্ৰই প্ৰতি‘জন’ যুৱ প্ৰতিনিধিক এইদৰে বিলাসিতাৰ মাজত মছগুল কৰি যি ‘কল্যাণ’ সাধন কৰিছে, সেয়াই বাস্তৱাৰ্থত চৰকাৰৰ ‘জনকল্যাণ’ৰ ৰাজনীতি। 

                                                                                                                                          

সম্পাদক

✉ editor@biriyaa.com

Previous বিগ বছত নেতাৰ এৰাতি
Next মঞ্চৰাসৰ সুদক্ষ ভাৱৰীয়া ৰাজীৱ কমল শইকীয়া

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে