জুবিন গাৰ্গক ভালপোৱা আৰু জুবিন গাৰ্গক অন্ধভাৱে সমৰ্থন কৰা দুটা বেলেগ বস্তু। আৰু এইটো মই সত্য বুলি ভাবো যে অসমত জুবিন গাৰ্গক ভালপোৱা মানুহতকৈ তেখেতক অন্ধভাৱে সমৰ্থন কৰা মানুহৰ সংখ্যা ড০ ভূপেন হাজৰিকাৰ ভাষাত ‘অলপ হ’লেও বেছি আছে’। ‘জুবিন দা ৰক্স’, ‘হিলাই দিয়ক জুবিন দা’, ‘জুবিন দাৰ কথা বেয়াকৈ ক’লে জেং হৈ যাব কিন্তু’ কিছু উদাহৰণ। মানুহজনৰ যিটো সত্তা, আদৰ্শগত সবলতা যিখিনি এই মানুহজনৰ আছে সেইখিনি এই ‘ৰক্স’ লিখা মানুহবোৰক নালাগে। জুবিন গাৰ্গে যেতিয়াই মঞ্চৰ পৰা বাঁও হাতখন মুঠি মাৰি দঢ়তাৰে কয় ‘আই এম এ ছ’চিয়েলিষ্ট‘ তেতিয়া এই ‘ৰক্স’ লিখা কেইজনেও হাত ওপৰলৈ তুলি দিয়ে আৰু পিছদিনা গাঁও পঞ্চায়তৰ নিৰ্বাচনত ধুনীয়াকৈ ছ’চিয়েলিষ্ট আদৰ্শৰে গদ্‌গদ্‌ হৈ পদুমত টিপাটো মাৰি থৈ আহে। কাৰণ তেওঁলোকে ছ’চিয়েলিজম খোৱা বস্তুৱেই নে পিন্ধা বস্তুৱেই সেইটো নাজানে। জুবিন দাই কৈছে যেতিয়া আমিও একেই।

cartoon by Nituparna Rajbongshi

এটা ইন্টাৰেষ্টিং বস্তু মই যোৱা কেইবা বছৰ ধৰি দেখি আহিছো। সেইটো হৈছে জুবিন গাৰ্গৰ ক্ৰমাৎ বাঢ়ি অহা সামাজিক সচেতনতা আৰু দায়িত্বশীল কাম-কাজ। আমি সৰু থাকোতে জুবিন গাৰ্গক এজন অতি মিঠা কণ্ঠৰ যাদুকৰী গায়ক বুলি চিনি পাইছিলো যাৰ গানত আমিবোৰে বিচাৰি পাইছিলো এক স্বৰ্গীয় স্বস্তি। জুবিন গাৰ্গৰ যে এখন সাগৰসম বিশাল অন্তৰো আছে সেই কথাটো বহুদিন পিছত তেওঁক নিজেই লগ পাই কথা পাতি ভালদৰে অনুভৱ কৰিছো। মানুহজনৰ এই গুণবোৰ কিন্তু আমাৰ ‘ফেন’বোৰে ল’বলৈ টান পাব। মুখেৰে জুবিন গাৰ্গৰ প্ৰশস্তি বখানি ফেন বাহিৰ হৈ যাব কিন্তু তেখেতে কিতাপ পঢ়িবলৈ ক’লে কিন্তু নুশুনে। চে গুৱেভাৰাৰ কথা ক’লে ভেবা লাগি শুনি থাকিব কিন্তু নিজেই চে গুৱেভাৰা আৰ্জেন্টিনাতেই জন্ম নে আদাবাৰীত জন্ম সেইটো জানিবলৈ চেষ্টা নকৰে। কিয়নো কৰিব? লাভ নাই যে জানি।

এইবিধ মানুহৰ আৰু কিছুমান স্বকীয় কেৰেক্টাৰিষ্টিক্স আছে। যেনে ধৰি লওক আপুনি সুধিলে : “তোমাৰ মতে জুবিন গাৰ্গৰ শ্ৰেষ্ঠ কম্পজিশ্বন কোনটো?” তেওঁলোকে সুধিব : “কম্পজিশ্বন? মানে গান ন’?”। আপুনি প্ৰশ্নটো আকৌ এবাৰ বুজাই দিয়াৰ পিছত তেওঁ ক’ব : “দিন জ্বলে ৰাতি জ্বলে জুবিন দাৰ বেষ্ট লাগে মোৰ!”। আপুনি সুধিব : “কিয় ‘মায়াবিনী’, ‘ৰ’দ আজি কেনি পাওঁ’, ‘ৰৈ ৰৈ বিনালে’, ‘জ্বলিলা পুৰিলা’, ‘নহ’লে পৰিচয় হিয়াৰে’, ‘মন যায়’, ‘শিকলি চিঙি’ এইবোৰ কি তেন্তে। তেতিয়া তেওঁ উত্তৰ দিব : “অ’, নাই মই বেছিভাগ এইবোৰ গান শুনাই নাই যে। অকল মায়াবিনী, মন যায় আৰু নহ’লে পৰিচয় শুনিছো। কিন্তু ‘দিন জ্বলে ৰাতি জ্বলে’ত জুবিন দাই ফালি দিছে। ভিউজ দেখিছে নাই। যিমান ভিউজ বেছি সিমানেই ভাল গান হ’ব ন’!”। আপুনি ইয়াৰ পিছত বেলেগ একো ক’ব নালাগে। নিজৰ কাপোৰ-কানি ফালি ঘৰলৈ ঘূৰি আহক আৰু।

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous দিনটোৰ উক্তি
Next আটোম-টোকাৰি ঘৰখনৰ আঁৰৰ কলুষতা

1 Comment

  1. Avatar
    Prajit Nath
    জানুৱাৰী 21, 2019
    উত্তৰ দিয়ক

    সুন্দৰ লিখনি সায়ন্তন শইকীয়া….

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে