জ্যোতিপ্ৰসাদৰ নাম প্ৰথম কেতিয়া শুনিছিলোঁ মনত নাই। মনত থকাৰ আগৰে পৰাই যে জ্যোতিপ্ৰসাদ মনত আছিল, সেইটো জানো। সৰুতে স্কুললৈ যোৱাৰ সময়তেই মায়ে এটা এটা আখৰ জোঁটাই জোঁটাই মাতিবলৈ শিকাইছিল ‘অকণমাণিৰ প্ৰাৰ্থনা’। সেইভাঁজেই জ্যোতিপ্ৰসাদৰ সৈতে আমাৰ সংশ্ৰৱ। আজিলৈ এজনে আনজনক এৰা নাই – জ্যোতিপ্ৰসাদে মোৰ চিন্তালৈ আহিবলৈ বাদ দিয়া নাই – মই জ্যোতিপ্ৰসাদক ভাবিবলৈ বাদ দিয়া নাই।

জ্যোতিপ্ৰসাদে কি কৰিছিল নকৰিছিল সেই কথা মোটামুটি আমি জানো। জনাটোত আমাৰ বৰ বিশেষ সমস্যা নাই। বুজাতহে গোলমাল। বহু কথা আমাৰ বোধৰ আওতাৰ ওপৰেদি উৰি যায় – বহু কথা আমি বুজি নাপাওঁ – বুজিলেও আওকাণ কৰোঁ। যেনেদৰে, ‘ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল’ বুলি কওতে সেইটো কেৱল দুৰ্নীতি বা ক্ষমতাৰ অপব্যৱহাৰৰ বিৰূদ্ধে শ্লোগান বুলিয়েই আমি ধৰি থৈ দিও। আঁৰত জ্যোতিপ্ৰসাদৰ সমাজবাদৰ দিশে বাঢ়ি অহা আগ্ৰহটো আমি দেখিও অদেখা কৰোঁ আমাৰ সুবিধাৰ বাবে। ৰাইজৰ সেৱা চুৰ কৰি বল বঢ়াব নোৱাৰাটোত ক্ষমতাৰ সমবিতৰণৰ দিশটোও প্ৰায়ে উহ্য থাকে, ৰাখে। আটাইতকৈ ডাঙৰ কথা – জ্যোতিপ্ৰসাদে কৌশল এটাৰো কথা কৈছে। ৰজাই প্ৰজাক শোষণ কৰে – জনা কথা। কৌশলটোৰ কথা সকলোৱে নকয়। জ্যোতিপ্ৰসাদে কৈছিল। তাৰ অৰ্থ – কৌশল ওফৰাবলৈ প্ৰজাও কৌশলী হ’ব লাগিব। 

শাসনৰ খেলখনত কোনে কেতিয়া কি দাও খেলি দিয়ে, সেয়াই মূল কথা। সেইবোৰ বুজিব লাগিব। বুজিবলৈ প্ৰজা ৰাজনৈতিকভাৱে সচেতন হ’ব লাগিব। তাৰ বাবে পঢ়া-শুনা লাগিব। এটা বাক্যতেই ইমান কথা সকলোৱে ক’ব নোৱাৰে। নোৱাৰে বাবেই তেওঁ জ্যোতিপ্ৰসাদ। এইবোৰ বুজি পাবলৈ সময় লাগিব।

ফ টো সৌ জ ন্য : দি হিন্দু ডট কম্‌ (thehindu.com)

জ্যোতিপ্ৰসাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰচনা হিচাপে মই ‘শিল্পীৰ পৃথিৱী’কেই গণ্য কৰোঁ। ‘মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী’ – এই বাক্যটোত সপোন দেখা আৰু খেদা দুয়োটাৰেই বহুধাবিভক্ত অনুষংগবোৰ আছে। দেখিলেই নহ’ব, খেদিবও লাগিব। ভেঁড়াৰ দৰে খেদিলেও নহ’ব, খেদাটোও হ’ব লাগিব স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত – আত্মোৎকৰ্ষৰ একক অথচ সামূহিক সোণালী বাট। গুৱাহাটীৰ ৰাস্তাৰ অসহ্য ট্ৰেফিক জামটোও শিল্পহীনতাৰেই নিদৰ্শন। কিমান জোখত কিমান জোৰত কাম এটা কৰিব লাগে, কথা এটা ক’ব লাগে আমি নাজানো। নাজানো কাৰণ সেই শিল্প-সত্বাৰ বিকাশ আমি হ’বলৈ দিয়া নাই। সেই বিকাশ হ’লে দৃষ্টি আৰু সৃষ্টি দুয়োটাই হৈ পৰিব সুষম।

‘সমষ্টিত মই মই হৈয়ো মই আমি হও’ – একক হোৱা আৰু একাকী হোৱাৰ মাজৰ পাৰ্থক্যটো এনেকৈয়ে বুজি উঠা দৰকাৰ। বাঢ়ি অহা ‘মব কালচাৰ’টো এনেকৈয়ে শেষ কৰিব লাগিব। দহজন উতনুৱা ডেকা লগ হ’লে নিজৰ নিজৰ মূৰকেইটা ক’ত পেলাই থয় – বুজি নাপাওঁ। সেইটো নহ’বলৈকে পাঠ্যপুথিত জ্যোতিপ্ৰসাদ লাগে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পৰ্যায়ক্ৰমে জ্যোতিপ্ৰসাদৰ চৰ্চা হ’ব লাগে। আগতে ‘শিল্পীৰ পৃথিৱী’খন দ্ৰুতপাঠ আছিল নে কি; এতিয়া কিন্তু অষ্টম মানৰ পৰা সেইখন বেলেগকৈ পঢ়ুওৱাৰ ব্যৱস্থা কৰিব লাগে।

নিজৰ ওপৰত বিশ্বাস কিয় কৰিব লাগে, সেই বিশ্বাসৰ আধাৰ কি হোৱা উচিত, সেই বিশ্বাসক কাৰ্যক্ষেত্ৰত কেনেকৈ খটুৱাব পাৰি – সেইবোৰ শিকাবলৈ জ্যোতিপ্ৰসাদে ‘জয়মতী’ নিৰ্মাণ কৰা সংগ্ৰামখনিৰ কথা ক’ব লাগে। শিকাব লাগে। আমি চিনেমাৰ কাম কৰি থকা যিবোৰ মানুহ আছোঁ, সেইবোৰে বেছিকৈ বুজিব লাগে। অসমীয়া চিনেমাৰ প্ৰতিটো শ্বট জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওচৰত আমাৰ একোটাহঁত ধাৰ। সেই ধাৰ শুজিব পাৰি জ্যোতিপ্ৰসাদৰ আৰু অধিক চৰ্চাৰে। গংগাজলেৰেই গংগাপূজন!

পূজা মানে চৰ্চা। পূজা মানে বোধন আৰু মন্থন। পূজা মানে নমামি নহয়।

আঞ্চলিকতাবাদ, জাতীয়তাবাদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ মাজত আগৰেপৰাই ‘কনফিউজন’ চলি আহিছে। বিজেপিৰ ধাপ্পাবাজী ৰাষ্ট্ৰীয়তাবাদৰ কথা কোৱা হোৱা নাই ইয়াত – সেইটো বদমেজাজীও, বদহজমীও। কিন্তু অসমীয়া হৈয়ো ভাৰতীয়, ভাৰতীয় হৈয়ো বিশ্ব নাগৰিক হ’ব পাৰি নে নোৱাৰি তাক লৈ বাক-বিতণ্ডা বহু পুৰণি। অসমৰ ক্ষেত্ৰত এই সংঘাত তীব্ৰতৰ যিহেতু আমাৰ বুৰঞ্জী ভাৰতীয় ইতিহাসৰ বুকুত খোদিত নহয়। আমাৰ অতীত গাইগুটীয়া। জ্যোতিপ্ৰসাদৰ বিচাৰ এইক্ষেত্ৰত আধুনিক আৰু বিজ্ঞানসন্মত যেন বোধ হয়। ওপজা গাঁৱৰ পৰা আৰম্ভণি। ঘৰখন – চুবুৰীটো – গাঁওখন। এইটো আৱেগ। ইয়াত আৱেগটো যুক্তিসংগতও।  ওপৰৰ পৰা জাঁপি দিলেই জগৰ লাগে। জাঁপি দিয়া চৰিত্ৰৰ বাবেই জাতিবোৰ ভাগ ভাগ হ’ল। এতিয়া বিজেপিৰ ভক্তি আন্দোলনে সোপাকে আদায় কৰাৰ শংকা জাগিছে। মহাবাহু আগত, মহাভাৰত পাছত – এই ক্ৰমটোৱেই সত্য, দুয়োটাই অপৰিহাৰ্য।

সেয়ে জ্যোতিপ্ৰসাদক লাগে। বুজিব লাগে, জানিব লাগে, শিকিব লাগে, ধাৰণ কৰিব লাগে।

বয়সৰ লেখেৰে একুৰিবছৰীয়া মোৰ এই প্ৰজন্মৰ অনেকৰ বাবেই জ্যোতিপ্ৰসাদ এক পৰম বিস্ময় –  এক আত্মিক সুহৃদ। তাতকৈ দহগুণৰ বাবে জ্যোতিপ্ৰসাদ অস্তিত্বহীন। কোন, কি, কিয় বিখ্যাত সেইবোৰ জনাৰ কোনো আগ্ৰহ নাই, প্ৰয়োজনো নাই, সুযোগ-সুবিধা-সদিচ্ছা নাই। তাৰ দায় আমাৰ প্ৰজন্মক দি লাভ নাই। দায় দিয়াসকলে নিজৰ সতি-সন্ততি ইংৰাজী মাধ্যমত নাম লগাই দিওতেই জানিব লাগিছিল – মাতৃভাষা অবিহনে শিপাহীন প্ৰজন্ম এটাৰহে জন্ম সম্ভৱ।

এই শিপাহীনতাই এতিয়া গোঁজ পুতি বহিছে। তাৰ বিৰূদ্ধে সংগ্ৰাম এখন দৰকাৰ। জ্যোতিপ্ৰসাদৰ ব্যাপক চৰ্চা হওক – বাদ-বিবাদ-অনুবাদ হওক। শিপাৰ সন্ধান তেনেকৈহে কৰিব লাগিব। পোৰা গাহৰি আৰু আপঙৰ লগত ছেলফিৰে নহয়। জ্যোতিপ্ৰসাদ কুৰি শতিকাৰ আটাইতকৈ আধুনিক অসমীয়া। আধুনিকতা সাধনাত থাকে, বাজনাত নহয়। বুজি পালে ভাল, নহ’লে যমকাল!

ৰাহুল গৌতম শৰ্মা

অসমৰ তৰুণ প্ৰজন্মৰ চিন্তাশীল আৰু স্পষ্টবাক লেখক।

Previous বিৰিয়া
Next ২০১৮ত জীৱবিজ্ঞানৰ আলোড়নকাৰী আৱিস্কাৰ

1 Comment

  1. জানুৱাৰী 18, 2019
    উত্তৰ দিয়ক

    ধুনীয়া

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে