দিনটোৰ উক্তি


 

 

কাছ আৰু শহাৰ সেই বিখ্যাত সাধুটোৰ শেষত দিয়া উপদেশটো আছিল – শ্ল’ এণ্ড ষ্টিডি উইনচ্ দি ৰেছ। কিন্তু আজিৰ দিনত এই উপদেশটো কোনো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। শহাটোৱে অতি বেছি আত্মবিশ্বাসী হৈ ফিনিচিং পইণ্ট পোৱাৰ আগতেই, দৌৰি থকাৰ মাজতে ৰৈ লৈ আৰামত শুই গৈছিল কাৰণেহে কাছটোৱে জিকিবলৈ পাইছিল।  উপদেশটো হ’ব লাগিছিল – ফাষ্ট এণ্ড ষ্টেডি উইনচ্ দি ৰেছ।  সাধাৰণ নিৰ্বাচনলৈ মাত্ৰ তিনিমাহমান বাকী থকা অৱস্থাত, আৰু সকলোৱে যিকোনো প্ৰকাৰে, যিকোনো পন্থা অৱলম্বন কৰি হলেও ডেমেজ কণ্ট্ৰল আৰু ক্ষমতা দখলৰ চেষ্টা কৰি থকাৰ সময়ত, অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বও ফাষ্ট এণ্ড ষ্টেডি হৈ থাকিব লাগিব। এটা আঞ্চলিক ৰাজনৈতিক বিকল্প গঢ়ি তুলি অসমৰ নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিবলৈ বৰ্তমানৰ সময়খিনিয়েই তেওঁলোকৰ বাবে আটাইতকৈ  উপযুক্ত সময়। চিষ্টেমটোৰ বাহিৰত থাকি আন্দোলন কৰি  থকাৰ সময় পাৰ হৈ গৈছে  বোধহয়।   

 

                                                               – প্ৰতিম প্ৰতাপ বৰুৱা

 

 

বিৰিয়াৰ সাঁউৰি
Previous গণিতৰ এক পীঠস্থান : গটিনগেন
Next জুবিন দা ৰক্স!

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে