১৮ জানুৱাৰী, ২০১৯: 

 

ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটক উত্তাল কৰি ৰখা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদত সোচ্চাৰ হৈ আহিছে। ৰাজ্যৰ গৰিষ্ঠসংখ্যক ৰাইজে বিৰোধিতা কৰা বিধেয়কখনৰ বিৰোধিতা এই মূহুৰ্তত কংগ্ৰেছ দলটোৰ বাবে, বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কথা বুলি বিবেচিত হৈছে। তাৰ স্পষ্ট কাৰণ এটাই- বিজেপি দলৰ উত্থানে থৰক-বৰক কৰা কংগ্ৰেছৰ ভেটিক আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত পুনৰুদ্ধাৰৰ চেষ্টা চলোৱা। ২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিৰ আটাইতকৈ পুৰণা আৰু শক্তিশালী দলটোৰ কঁকাল বৰ বেয়াকৈ ভাঙি পেলোৱাৰ পাছত ২০১৯ৰ নিৰ্বাচন দলটোৰ বাবে মৰণ-পণ যুঁজ হিচাপে বিবেচিত হ’ব। লক্ষণীয় ভাৱে সমগ্ৰ উত্তৰ-পূৱতে আজিৰ তাৰিখত শাসকীয় দলৰ নামৰ পৰা কংগ্ৰেছ দলৰ নাম অনুপস্থিত আৰু সেয়েই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আপাহতে দলটোৱে নিজৰ স্থিতি পুনৰুদ্ধাৰৰ চেষ্টা কৰাটো এক ৰাজনৈতিক সত্য।

২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতিৰ আটাইতকৈ পুৰণা আৰু শক্তিশালী দলটোৰ কঁকাল বৰ বেয়াকৈ ভাঙি পেলোৱাৰ পাছত ২০১৯ৰ নিৰ্বাচন দলটোৰ বাবে মৰণ-পণ যুঁজ হিচাপে বিবেচিত হ’ব। লক্ষণীয় ভাৱে সমগ্ৰ উত্তৰ-পূৱতে আজিৰ তাৰিখত শাসকীয় দলৰ নামৰ পৰা কংগ্ৰেছ দলৰ নাম অনুপস্থিত আৰু সেয়েই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আপাহতে দলটোৱে নিজৰ স্থিতি পুনৰুদ্ধাৰৰ চেষ্টা কৰাটো এক ৰাজনৈতিক সত্য।
ফ টো : অ ৰ বি ন্দ যা দ ৱ

এইখিনিতে প্ৰশ্ন হয়, এইবাৰ ৰাজ্যসভাত বিধেয়কখনৰ উত্থাপন হ’বলৈ নিদি এক বলিষ্ঠ ভূমিকা লোৱা কংগ্ৰেছ দলৰ বিধেয়ক সম্পৰ্কে স্থিতিৰ স্পষ্টতা আছে নে? অথবা ২০১৯ চনত যদিহে কংগ্ৰেছ দলে পুনৰাই শাসনৰ বাঘজৰী লোৱাৰ সুযোগ পায়, তেন্তে লোকসভাত ইতিমধ্যে গৃহীত হৈ যোৱা বিধেয়কখনক লৈ তেওঁলোকৰ ভূমিকা কি হ’ব? নে ভোট বেংকৰ ৰাজনীতিত অভ্যস্ত দলটোৱে কেৱল নিৰ্যাতিত সংখ্যালঘুৰ আওতাতে সীমাবদ্ধ নাথাকি সকলো ধৰ্মৰ নিৰ্যাতিত লোকক ভাৰতত আশ্ৰয় প্ৰদান কৰাৰ পদক্ষেপেৰে বিধেয়কখনৰ সমৰ্থন কৰিব? এনে কিছু প্ৰশ্নৰ উত্থাপন হোৱাৰ কাৰণ হ’ল, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাংসদ সুস্মিতা দেৱৰ দৰে এগৰাকী আগশাৰীৰ দলনেতাৰ বিধেয়ক সম্পৰ্কীয় স্থিতিৰ দোদুল্যমান অৱস্থা আৰু এই সম্পৰ্কত কংগ্ৰেছ দলৰ নিৰ্লিপ্ততা। বৰাক উপত্যকাৰ বাংলাভাষী ৰাইজৰ প্ৰতিনিধি সুস্মিতা দেৱ বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় সমিতিৰ সদস্যা। লক্ষনীয়ভাৱে, কংগ্ৰেছ দলৰ সজোৰ বিৰোধিতাৰ বিপৰীতে, সুস্মিতা দেৱ এই বিধেয়কখনৰ প্ৰতি নৰম আৰু সংবাদ মাধ্যমত প্ৰকাশিত তেওঁৰ মতামত অনুসৰি, এই বিধেয়কে অসমৰ ৰাইজ আৰু জনগাঁথনিত কোনো প্ৰভাৱ নেপেলায়। জানিব পৰা মতে, যুটীয়া সংসদীয় সমিতিৰ সদস্য হিচাপে তেওঁ এই বিধেয়কৰ সমৰ্থনতো থিয় দিছে। আনহে নালাগে, ছছিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় সাংসদ গৰাকীৰ টুইটাৰ প্ৰফাইলত বিধেয়কৰ বিৰোধিতা কৰা বা বিৰোধিতাত কৰা অংশগ্ৰহণৰো কোনো তথ্য নাই।

 

কিন্তু, আমি এটা কথা জনাটো ভাল যে, মৌনতা সকলো সময়তে ভাল কথা নহয়। ৰাজনৈতিক নীতিৰ ক্ষেত্ৰত স্থিতি সুস্পষ্ট নকৰি, মৌনতা অৱলম্বন কৰা নেতা বা দলে সময় বুজি পাভলুটি মৰাৰে সম্ভাৱনা অধিক। সেয়েই এই দিশলে ৰাইজেও চকু-কাণ দি থকাটোহে যুগুত।

 

দলৰ এগৰাকী সক্ৰিয় নেতাৰ এই  কৌশলী অৱস্থানত কংগ্ৰেছ দলে কিন্তু স্পষ্ট নীতি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাজহুৱাভাৱে দলৰ স্থিতিৰ বিৰোধী পক্ষত থিয় দিয়া সুস্মিতা দেৱক দলে অনুশাসন সম্পৰ্কীয় প্ৰশ্ন কৰাটোৱেই এনেক্ষেত্ৰত হ’লহেঁতেন আটাইতকৈ স্বাভাৱিক কথা। কিন্তু সেয়া আজি পৰ্য্যন্ত চকুত নপৰাটোৱেই বিধেয়ক সম্পৰ্কে দলটোৰ স্থিতিক প্ৰশ্ন আৰু সন্দেহৰ আওঁতালৈ আনিছে। সম্ভৱতঃ বৰাক উপত্যকাৰ ভোটৰ প্ৰতি লোভ আৰু দলীয় স্থিতিৰ বাস্তৱ অৱস্থাই কংগ্ৰেছক এই ক্ষেত্ৰত মৌন কৰি ৰাখিছে। কিন্তু, আমি এটা কথা জনাটো ভাল যে, মৌনতা সকলো সময়তে ভাল কথা নহয়। ৰাজনৈতিক নীতিৰ ক্ষেত্ৰত স্থিতি সুস্পষ্ট নকৰি, মৌনতা অৱলম্বন কৰা নেতা বা দলে সময় বুজি পাভলুটি মৰাৰে সম্ভাৱনা অধিক। সেয়েই এই দিশলে ৰাইজেও চকু-কাণ দি থকাটোহে যুগুত। 

 

সম্পাদক

✉ editor@biriyaa.com

Previous ইন্টেলেকচুৱেল প্ৰভাতে প্ৰভাতে
Next আলফাও গণতন্ত্রত বিশ্বাসী : পৰেশ বৰুৱা

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে