‘বিগ বছ’ৰ পৰা ফোন এটা আহিল দিছপুৰলৈ। সকলো ন-পুৰণি বিখ্যাত ৰাজনৈতিক ব্যক্তি যিমান আছে তেওঁলোকক এৰাতিৰ আলহী খাবলৈ মাতা হৈছে। নিমন্ত্ৰণ পাই সব্ সুখী। কিমাননো আৰু এই গালি-গালাজ, তই-মই, বাংলাদেশী-স্বদেশী এইবোৰত লাগি থাকিব। গ্ল’বেল ৱাৰ্মিং শৰ্মাৰ পৰা উৎফুল্ল মহন্তলৈ সকলো ওলাল।

https://biriyaa.com/

দিনটো আৰম্ভ হ’ল। ৰাতিপুৱাই কুকুৰাৰ মাতটোৰ বিপৰীতে ‘বিগ বছ’ৰ মাতটো বাজি উঠিছে: ‘বিগ বছ চাহতে হ্যে কি আপ….’। বাক্যটো শেষ হ’ব নাপাওঁতেই তোৰণ গগৈ জকি উঠি চিঞৰিলেই : ‘এ বাদ দিয়া হে বিগ বছ চাহতে হ্যে! হে? হু ইজ বিগ বছ হে! চাহিলেই হ’ব নি তেওঁ হে? হে?”। ‘ছাৰ ৱে হমাৰে শ্ব কা নিয়ম হে…’। ‘এহ থোৱা হে তোমাৰ নিয়ম। ৰাতিপুৱাই হুদুৰ নিচিনা মাত এটা উলিয়াই কি জগাইছা সবক!’ তেওঁক সবেই মিলি ঠাণ্ডা কৰিলেগৈ আৰু ব্ৰেকফাষ্ট কৰিবলৈ ওলাল।

ব্ৰেকফাষ্ট খোৱাৰ পিছত দিনৰ কাৰ্য্যসূচী কি কি হ’ব ‘বিগ বছ’ৰ দূতজনে কৈ দিলে। কামত লাগিল সকলো। সবেই নিজৰ নিজৰ কাম কৰি থাকোতেই সিফালৰ ৰুম এটাৰ পৰা ভাঁহি আহিল বগৰা-বগৰি আৰু কিবা ভঙাৰ শব্দ। সবেই দৌৰি গৈ দেখে যে গ্ল’বেল ৱাৰ্মিং শৰ্মা আৰু ৰেডবুল হুছেইনৰ মাজত কাজিয়া লাগিছে। কাজিয়া মানে দূৰ্বাদল কাজিয়া! ধঞ্জিত দাস আৰু নিপুণ বৰাই দুটাকেই আঁতৰাই আনিলে। ৰেডবুলে তেতিয়া গৰজি উঠিল বৰাৰ আগত: ‘ই, ই মোক হাতী বুলি কিয় ক’ব? কিয়?’’ …সিফালৰ পৰা শৰ্মাই মাত দিলে: ‘পেটটো দেখিছা নিজৰ? নেপালত যে ভূমিকম্প তোমাৰ কাৰণেই আহিছিল জানা নাই? তুমি যে বাথৰুমত পৰিছিলা পিছলি, সেইদিনাই ভূমিকম্প আহিছিল। ইমান বেছি তোমাৰ ইম্পেক্ট। তুমি হাতী নহয় কি?’ ৰেডবুলৰ আৰু খং উঠিল : ‘তুমি কি হে তেন্তে? গণেশে হয়তো তোমাক দেখিলে ভাল পায়। ভাবে পৃথিৱীত মোৰ প্ৰতিদ্বন্দ্বী কোনোবা এটাতো আছে!’ দুটাকেই ঠাণ্ডা কৰি সকলো ওলাই আহি দেখে যে উৎফুল্ল মহন্ত চুক এটাত বহি উচুপি আছে। তেওঁ কৈছে : ‘মোক কোনেও হাতী বুলি নকয়। হাতী আমাৰ হে কপিৰাইট আছিল। তোমালোকে হাতীটোও কাঢ়ি ল’লা।’ তেনেতেই শৰ্মাই আকৌ মাত লগালে: ‘আপুনি আমাৰ আদৰ্শ। আপুনি হাতী নহয় আপুনি জাতিলাও, অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ লাওটো। মন বেয়া নকৰিব।’

উৎফুল্ল মহন্তই উচুপি কৈছে- ‘মোক কোনেও হাতী বুলি নকয়। হাতী আমাৰ হে কপিৰাইট আছিল। তোমালোকে হাতীটোও কাঢ়ি ল’লা।

দিনৰ কাম কাজ শেষ কৰি সন্ধিয়া চাহ খাবলৈ সকলো বহিলত ভয়ন্ত মল্লই কথা এটা উলিয়ালে: ‘২‍১ত আমি গাদী ল’ব পাৰিম নে নাই নাজানো কিন্তু ১৯ত খাটাং আমি আহিমেই।’ এই কথা শুনি চন্দ্ৰগ্ৰহণ ঘাটোৱাৰী আৰু লটকন গোস্বামীয়েও হয়ভৰ দিলে। কিন্তু তোৰণ গগৈৰ উঠিল খং: ‘কি ক’লা তুমি? এই তিনি হাজাৰ মাইল দূৰলৈ আহিও ৰাজনীতি। আন কথা নাই আৰু হে? মই কৈছো যে আমাৰ ৰাহু বাবা প্ৰধানমন্ত্ৰী হ’ব চাবা তুমি’। এই কথা শুনি পদুমসকলো খিলখিলাই হাঁহি উঠিল। শৰ্মাই ক’লে: ‘আপুনি এতিয়াও কমেডি বাদ দিয়া নাই মানে। ঠিকেই আছে। তেওঁ পি.এম. হ’লে মোৰ এটা ভাল হ’ব পিছে। ছ’ছিয়েল মিডিয়াত মই আটাইতকৈ বেছি গালি খাইছো এতিয়া। মই ভাল প্ৰতিদ্বন্দ্বী এজন পাম তেতিয়া, বুইছে নে?’

 

পৰিস্থিতি পুনৰ বিষম হোৱাৰ আগতেই মাইকটো বাজি উঠিল: ‘বিগ বছ চাহতে হে কি য়ে শ্ব’ ইছি ৱক্ট খটম হ’। হমে হামাৰি টি.আৰ.পি মিল ছুকি। আপল’গ জা চকতে হে। জয় আই অচম!”

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous
Next ‘জনকল্যাণ’ৰ ৰাজনীতি

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে