বিহুটি হৈছে ভোগালী, ভাগ্যে মনত পেলালি


cartoon by Nituparna Rajbongshi. www.cartoonistnituparna.org

যোৱা কালিমানৰ পৰা ভালদৰে ক’ব পৰা হৈছো ‘বোলো বিহু বিহু লাগিছে হম্ৰে কে ভি গাত’। কেনেকৈ গাত বিহুটো লাগিল নুসুধিব। লাগিল যে ভাগ্যে! এইবাৰ উৰুকাত ভাবিছো হাতীটো মাৰি ভুৰুকাত ভৰাই দিয়াৰ কথা( অগপৰ কথা নাইকোৱা দেই, বেলেগ দলতো মানৱ ৰূপী হাতী আছে)। ভেলাঘৰ এটা সাজিলো কিবা বিধেয়ক নে বিধায়ক এখনৰ আকাৰত। দেখাত ভালেই লাগিছিল কিন্তু ওচৰ চুবৰীয়াখিনিয়ে আপত্তি কৰিবলৈ ধৰিলে : “মাইনা, ইমান গেৰুৱা গেৰুৱা গোন্ধাইছে, ধুই। আমি শুকান মাছ ভাজিলেও ইমান নোগোন্ধাই। কি বনালা হে এইটো!”। খা বাপ্পেকে! ভোগ খোৱাৰ আগতে গালি খালো। এয়ে মোৰ ভোগালী।

এসময়ত অসমত বিহু দেখ্ দেখ্ হৈছিল তিনিটা। পতা হৈছিল মাঘ, ব’হাগ আৰু কাতিত। ব’হাগ বিহুটিত ন-বছৰৰ আগমন হোৱা বুলি অলপ দীঘলীয়াকৈ পতা হৈছিল। এতিয়া পিছে আইপিএল, বুন্দেছলিগা, বিপিএল্, আইএছএল্আৰু ব’হাগ বিহু একেই হ’লগৈ। মানে এই চাৰিওখন এটাৰ পিছত এটাকৈ পাতিলে যিমান মাহ লাগিব সিমান মাহলৈ চোন আমাৰ ‘ব’হাগী বিদায়’ চলিয়েই থাকে। আগতে মানুহে ক’ব পাৰিছিল চেনেহৰ বিহুটি আহিব কেতিয়া। এতিয়া বিহুটি আগ-গুৰি নোহোৱা পিং-পং বল এটাৰ নিচিনা হ’লগৈ। আৰম্ভ ক’ত, শেষ ক’ত আপুনি মই বাদ দিয়ক স্বয়ং কুলি চৰাইটোৱে কিবা জানে নে?

দেউতাই কয় আগতে, “আমি সৰু থাকোতে কুলিৰ মাতটো শুনিবলৈ ব্যগ্ৰ হৈ ৰৈ থাকো। কেতিয়া কুলিয়ে মাতিব, কেতিয়া বিহু বিহু লাগিব!”। অৰ্থাৎ কুলিৰ মাতত নিৰ্ভৰ কৰিছল সেই সময়ৰ বিহুৰ আগমন। কি এক সুন্দৰ প্ৰাকৃতিক যুগলবন্দী! আমাৰ সময়লৈ কথাবোৰ অলপ বেলেগ হ’ল। আমি প’ষ্ট মডাৰ্ন যুগৰ বিহুৱাখিনিক পালো। আমাৰ দিনলৈ কুলিৰ ছাবছটিটিউতহিচাপে জুবিন গাৰ্গৰ মাতত বিহু অহা হ’ল। আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে পাপনৰ মাতত বিহু অহা হ’ল। এতিয়া মন্টু, লাটু, ইটো, সিটো, বহুতো, নীল, অনিল, সুনীল আৰু ধৰিলওক তেনেকুৱা কাৰোবাৰ কাৰোবাৰ মাতত বিহু অহা হ’ল। বেচেৰা কুলি চৰাইটো কৰবাত থাকিল। সি মাজে মাজে উচুপি উঠি কয় : “মোকো ষ্টেজ প্ৰগ্ৰাম এটা দিয়ক না প্লিজ্। ফালি দিম!”

এইবাৰ বিহু যি হয় হ’ব। বাদ দিয়ক সব্ কথা। কোনে কি কৰে কৰক। আহক আমি অসমৰ দায়িত্বশীল নাগৰিক হিচাপে জাতি ৰক্ষাৰ স্বাৰ্থত অসমৰ যিমান দলং আছে সকলোতে দুটাকৈ জাতীয়তাবাদী চেল্ফি তোলোগৈ। জয় আই অসম!

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous ছ্যনাইবিল-জোনবিল
Next A Mathematical Pilgrimage: Goettingen

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে