দাদা চাহেব ফাল্কেই আৰম্ভ কৰা ভাৰতীয় চিনেমা জগতখনে ইতেমধ্যে পাৰ কৰিলে কেইবাটাও পৰ্যায়৷ পোন প্ৰথমে ভাৰতীয় চলচ্চিত্ৰসমুহ মূলতঃ নিৰ্মাণ হৈছিল পৌৰাণিক গল্পৰ ওপৰত৷ কিন্তু সময়ৰ সোঁতত লাহে লাহে এই ধাৰা সলনি হৈ বৰ্তমানৰ পৰ্যায় পাইছে৷ বিগত বৰ্ষৰ এখন আলোচিত চলচ্চিত্ৰ আছিল ফেন্টম  ফিল্মছ হাউছ আৰু কালাৰ ইয়েল্ল প্ৰডাকচন হাউছৰ দ্বাৰা প্ৰযোজিত আৰু জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপ পৰিচালিত ‘মনমৰ্জিয়া’৷

এতিয়া আহো শিৰোনামলৈ৷ বিকি কৌশল, তাপচী পান্নু আৰু অভিষেক বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘মনমৰ্জিয়া’, ছলমান খান,ঐশ্বৰ্য ৰায় আৰু অজয় দেৱগনৰ দ্বাৰা অভিনীত ‘হাম দিল দ্যে চুকে চনম’ আৰু ১৯৮৩ চনত নিৰ্মীত পদ্মিনী কোলহাপুৰী, নাছিৰুদ্দীন শ্বাহ আৰু অনিল কাপুৰ অভিনীত ‘ৱহ সাত দিন’ৰ মাজত সাদৃশ্য কি? নাৰীক নো কেনেকৈ উপস্থাপন কৰা হৈছে এই ছবিকেইখনত৷ আমি যদি চাওঁ ‘ৱহ সাত দিন’ আৰু ‘হাম দিল দে চুকে চনম’ৰ নাৰী চৰিত্ৰকেইটা কিছু ক্ষেত্ৰত দূৰ্বল৷ নিজৰ আৱেগ স্বাধীনচিতিয়াকৈ প্ৰকাশ কৰিবলৈ অপাৰগ নায়িকা৷ তদুপৰি নায়িকাক নিজৰ প্ৰেমিকৰ পৰিৱৰ্তে আন লোকৰ সৈতে বিবাহত বহিবলৈ বাধ্য কৰাই পৰিয়ালে৷ আনহাতে নায়িকাও যেন পৰিয়ালৰ সন্মুখত বহু পৰিমাণে দূৰ্বল আৰু ভীৰু৷ সমাজক চেৰ পেলাই  প্ৰেমিকক আঁকোৱালিবলৈ অক্ষম নায়িকা৷ আনহাতে বিবাহৰ পিছত স্বামীয়ে প্ৰকৃত কথাসমূহ গম পাই পত্নীক পূৰ্বৰ প্ৰেমিকৰ লগত এক কৰিবলৈ দুইখন চিনেমাতে স্বামী যেন সংকল্পবদ্ধ৷ কিন্তু শেষত প্ৰেমিকক এৰি স্বামীৰ সৈতে সংসাৰ কৰে নায়িকাই৷

যদিও আজিৰ ‘মনমৰ্জিয়া’ৰ মূল জঁকাটো একেই, কিন্তু আজিৰ নায়িকা আৰু আগৰ নায়িকাৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ ‘ৱহ সাত দিন’ আৰু ‘হাম দিল দে চুকে চনম’ৰ নাৰী চৰিত্ৰকেইটাৰ দূৰ্বলতাৰ বিপৰীতে ইয়াত নায়িকাৰ নিজস্ব চিন্তা-চেতনা আছে। 

যদিও আজিৰ ‘মনমৰ্জিয়া’ৰ মূল জঁকাটো একেই, কিন্তু আজিৰ নায়িকা আৰু আগৰ নায়িকাৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ এতিয়াৰ নায়িকাই প্ৰেম প্ৰকাশ কৰিবলৈ ভয় নকৰে৷ তদুপৰি যৌনতা, মুখলজ্জা এইবোৰকলৈও মুৰ নঘমাই নায়িকা ৰুমীয়ে (তাপসী পান্নু)। বিকীৰ (বিকী কৌশল) প্ৰতি ৰুমীৰ প্ৰেম দৃঢ়৷ আনকি প্ৰয়োজন সাপেক্ষে বিকীৰ সৈতে পলাই যাবলৈও পিছ  হোঁহকা নাই৷ বিয়াৰ এদিন আগতে তাই হ’বলগীয়া স্বামী ৰবি (অভিষেক বচ্চন)ক বিয়াত নবহে বুলি ঘৰলৈ আহি তেওঁক জনায়৷ ৰুমীৰ নিজ পিতৃ মাতৃ নাই৷ মামাক মামীয়েকৰ লগত থাকে ৰুমী৷ কিন্তু জীৱনৰ সিদ্ধান্তসমুহ লোৱাত স্বাধীনচিতীয়া ৰুমী৷ আনহাতে বিয়াৰ পিছতো বিকীক সঘনাই লগ ধৰে তাই৷ এইখিনিতে আন দুখন ছবিৰ লগত পাৰ্থক্য মনমৰ্জীয়াৰ৷ আগৰ ছবিদুখনত বিবাহৰ পিছত প্ৰেমিকক লগ কৰা নাছিল নায়িকাই৷ আনকি প্ৰেমিকৰ প্ৰকৃত ঠিকনাই নাজানে প্ৰেমিকাই৷ আনহাতে মনমৰ্জীয়াৰ ৰুমী যেন সন্দীহান৷ তাই ৰবিৰ সান্নিধ্যও উপভোগ কৰে আৰু বিকীকো বিচাৰে৷ সেইবাবে বাৰে বাৰে বিকীৰ ওচৰলৈ যাবলৈ সুযোগ বিচাৰে৷ এইখিনিতে আমি সচৰাচৰ চোৱা বলিউডৰ চলচ্চিত্ৰসমুহ আৰু মনমৰ্জিয়াৰ পাৰ্থক্য৷ ভাৰতীয় চলচ্চিত্ৰসমূহৰ যিসমূহ মূলধাৰা বা বজাৰকেন্দ্ৰিক, সেইসমূহত প্ৰায়ে নাৰীক এক তথাকথিত আদৰ্শ ভাৰতীয় নাৰীৰ ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰা দেখা যায়৷ নায়িকাই সদায় পৰিয়ালৰ বাবে ত্যাগ কৰিবলৈ প্ৰস্তুত; তদুপৰি বিবাহৰ পিছত প্ৰাক্তন প্ৰেমিকৰ লগত আকৌ বিয়াৰ সপোন নেদেখে নায়িকাই৷ শাৰীৰিক সম্পৰ্কটো দূৰৰ কথা, পুৰ্বৰ প্ৰেমিকৰ বিষয়ে বিবাহৰ পিছত একোৱেই নাজানে নায়িকাই৷ কিন্তু এই ছবি যেন ব্যতিক্ৰম৷ আনহাতে স্বামীয়েও এই সকলো কথা গম পায়৷ অৱশেষত পত্নীৰ মনৰ অৱস্থা গম পাই ৰুমীক বিবাহ বিচ্ছেদ দিয়ে ৰবিয়ে৷ বিবাহ বিচ্ছেদৰ পিছত বিকীয়ে ৰুমীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায়৷ কিন্তু অৱশেষত বিকীৰ সৈতে বিবাহত বহিবলৈ মনস্থ নকৰে নায়িকাই আৰু স্বামীৰ ওচৰলৈ উভতি যায়৷

আন বহু চিনেমাতকৈ এই ছবিখন পৃথক৷ ইয়াত পৰিচালকে নায়িকাৰ মনৰ জটিল অৱস্থা বা তাইৰ সঘনাই সলনি হৈ মনটো খুবেই সুন্দৰকে প্ৰকাশ কৰিছে৷ চিনেমাখনৰ আৰম্ভণিৰ পৰা শেষলৈ বিশেষ দৃশ্যৰ অন্তৰে অন্তৰে দুগৰাকী একে দেখাৰ যুৱতীয়ে একেই কাপোৰ পৰিধান কৰি নৃত্য কৰে৷ আমি ভাবো সেই যুৱতী দুগৰাকীৰে নায়িকাৰ অস্থিৰ মনটোকে পৰিচালকে উপস্থাপন কৰিছে৷ তদুপৰি ৰুমীয়ে বহুসময়ত নিজৰ মনৰ দ্বাৰা পৰিচালিত হয়৷ তাই পৰিৱেশক ভয় নকৰে৷ সেইবাবে কেতিয়াবা ৰবিক তাই সম্পূৰ্ণ অৱহেলা কৰে, আনহাতে কেতিয়াবা ৰবিৰ প্ৰিয় খাদ্যও তাই ৰান্ধে৷ সকলো তাইৰ মুডৰ ওপৰত নিৰ্ভৰ কৰে৷ তাইৰ সমস্ত চিন্তাৰ কেন্দ্ৰ বিকী৷ এই সকলোবোৰৰ মাজত তাই ৰবিৰ পিতৃ-মাতৃকো অৱহেলা কৰে মাজে সময়ে৷

মনমৰ্জিয়াৰ নায়িকা কোনো ‘দেৱী’ বা ‘মহিয়সী’ নহৈ এগৰাকী সাধাৰণ মহিলা। নায়িকাক তথাকথিত আদৰ্শ ৰূপত দেখুৱাৰ পৰিৱৰ্তে এগৰাকী নাৰীৰ আৱেগ-অনুভুতি, দায়িত্ব, স্বনিৰ্ভশীলতাক বাস্তৱনিৰ্ভৰ কৰি দেখুওৱাৰ চেষ্টা কৰা হৈছে।

 

প্ৰায়ভাগ চলচ্চিত্ৰত দেখা যায় পৰিচালকে পুৰুষ চৰিত্ৰসমুহক বেছি গুৰুত্ব দিয়ে৷ আনকি ‘ৱহ সাত দিন’ আৰু ‘হাম দিল দে চ্যুকে চনম’ এইক্ষেত্ৰত ব্যতিক্ৰম বুলিব নোৱাৰি৷ কিন্তু এই ছবিখনত নাৰী চৰিত্ৰটোক পৰিচালকে যথেষ্ট  স্পেচ  আৰু গুৰুত্ব দিছে ৷  মনমৰ্জিয়াৰ নায়িকা কোনো ‘দেৱী’ বা ‘মহিয়সী’ নহৈ এগৰাকী সাধাৰণ মহিলা। নায়িকাক তথাকথিত আদৰ্শ ৰূপত দেখুৱাৰ পৰিৱৰ্তে এগৰাকী নাৰীৰ আৱেগ-অনুভুতি, দায়িত্ব, স্বনিৰ্ভশীলতাক বাস্তৱনিৰ্ভৰ কৰি দেখুওৱাৰ চেষ্টা কৰা হৈছে আৰু এইখিনিতে  ছবিখন সফল৷ 

 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous
Next কেশৱ মহন্তৰ মাত

1 Comment

  1. Avatar
    Prajit Nath
    জানুৱাৰী 21, 2019
    উত্তৰ দিয়ক

    তেওঁকে কয় “অনুৰাগ কাশ্যপ”…
    সুন্দৰ বিশ্লেষণ…. Keep writing Rashmi… Wish you good luck….

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে