বন্যজীৱকূলৰ সুৰক্ষাৰ বাবে অহৰ্নিশে সজাগ ডেকাদল 

নাঞ্চল সৃষ্টি হয় প্ৰাকৃতিকভাৱে। কিন্তু মানুহৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতো সৃষ্টি হ’ব পাৰে একোখন বৃহৎ অৰণ্যৰ। প্ৰকৃতি প্ৰেমৰ তেনে এক সুন্দৰ নিদৰ্শন দাঙি ধৰি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ডত  ৩৫ জন স্থানীয় শিক্ষিত নিবনুৱা যুৱকে প্ৰায় ৬০০ হেক্টৰ মাটিকালি সামৰি গঢ়ি তুলিছে এখন বৃহৎ বনাঞ্চল। তেওঁলোকৰ বছৰ বছৰ ধৰি চলা নিৰলস সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত  প্ৰাণ পাই উঠা এই বনভূমিখনে সম্প্ৰতি অঞ্চলটোত সেউজ পৰিৱেশ ৰচনা কৰাৰ লগতে এই বনভূমি বাঘ, হাতী, হৰিণাকে ধৰি বিভিন্ন বন্য জীৱ-জন্তু, চৰাই-চিৰিকটিৰ আশ্ৰয়স্থল হিচাপেও পৰিগণিত হৈছে । সমান্তৰালভাৱে অৰণ্যখন পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰলৈকো ক্ৰমান্বয়ে পৰ্যৱেশিত হ’বলৈ ধৰাত স্থানীয় ৰাইজ তথা প্ৰকৃতি প্ৰেমী সকলক উৎসাহিত কৰি তুলিছে ।

ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ড নদীয়েদি এদিন নামি আহিছিল এক সংহাৰী বান। সেই বানে তচনচ কৰিছিল বহুতৰে জীৱন, বহুতৰে সপোন। বানে ভৈৰৱকুণ্ডৰ এক বিস্তীৰ্ণ অঞ্চল উটুৱাই নিয়াৰ ফলত মুহুৰ্তৰ ভিতৰতে তাৰ সেউজ ভূমি পৰিণত হৈছিল বালিময় ভূমিলৈ। বৃহৎ বৃহৎ শিল আৰু বালিয়ে পুতি পেলোৱা সেই অঞ্চল বছৰ বছৰ পৰি ৰৈছিল অনুৰ্বৰ হৈ। কিন্তু সেই অনুৰ্বৰ ভূমিতেই  এদিন গজালি মেলিছিল এজাক সেউজীয়া সপোনৰ।

সেয়া আছিল প্ৰায় ১৯৭৯ চনৰ কথা। ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ড নদীয়েদি এদিন নামি আহিছিল এক সংহাৰী বান। সেই বানে তচনচ কৰিছিল বহুতৰে জীৱন, বহুতৰে সপোন। বানে ভৈৰৱকুণ্ডৰ এক বিস্তীৰ্ণ অঞ্চল উটুৱাই নিয়াৰ ফলত মুহুৰ্তৰ ভিতৰতে তাৰ সেউজ ভূমি পৰিণত হৈছিল বালিময় ভূমিলৈ। বৃহৎ বৃহৎ শিল আৰু বালিয়ে পুতি পেলোৱা সেই অঞ্চল বছৰ বছৰ পৰি ৰৈছিল অনুৰ্বৰ হৈ। কিন্তু সেই অনুৰ্বৰ ভূমিতেই  এদিন গজালি মেলিছিল এজাক সেউজীয়া সপোনৰ। অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক  ফ্ৰিঞ্চন দৈমাৰী, বিলোপ দৈমাৰী, লেলিন দৈমাৰী, ইছমাইল দৈমাৰী, এলিছন দৈমাৰী, সুনীলাল বড়ো, পূৰ্ণ দৈমাৰী, অতুল বসুমতাৰী আদিয়ে এই পৰিত্যক্ত অনুৰ্বৰ ভূমিত কিবা এটা কৰাৰ উদ্দেশ্যেৰেই তাত “মাল্টিপাৰপাচ ফাৰ্ম” এখন আৰম্ভ কৰিলে। ২০০৩ চনত আৰম্ভ কৰা এই ফাৰ্মখনত তেওঁলোকে গৰু, গাহৰি, মুৰ্গী , হাঁহ ইত্যাদি পালন কৰিবলৈ ধৰিলে আৰু লাহে লাহে তেওঁলোকৰ স্বাৱলম্বিতাৰ বাট মুকলি হ’ল। কিন্তু তাতেই যেন থমকি নৰ’ল তেওঁলোক। এইবাৰ সেই বিস্তীৰ্ণ অনুৰ্বৰ ভূমিক সেউজীয়া কৰাৰ এক দুৰ্বাৰ হেঁপাহ জাগি উঠিল তেওঁলোকৰ অদম্য বুকুত। সেই অনুসৰিয়ে এদিন তেওঁলোকে পৰিত্যক্ত অনুৰ্বৰ অঞ্চলটোত এখন অৰণ্য স্থাপনৰ প্ৰস্তাৱ লৈ কাষ চাপিল তদানীন্তন জিলা বন বিষয়া নৱ কুমাৰ বৰদলৈৰ । তেওঁলোকৰ  এনে উৎসাহক পূৰ্ণ সহযোগিতা আগবঢ়ালে  বন বিষয়াজনে আৰু অঞ্চলটোৰ সোনাইগাঁও, গৰৈমাৰী, ছেপনগাওঁ, ভৈৰৱপুৰ, মাজৰগাওঁ-১ আৰু মাজৰগাওঁ-২- এই ছয় খন গাঁৱৰ সহযোগত  “গেথছেমানে যুটীয়া বন পৰিচালনা সমিতি’’ নামৰ এখন গঠন কৰি প্ৰস্তাৱিত স্থানত বনাঞ্চল স্থাপনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিলে। এইদৰেই পৰৱৰ্তী ২০০৫ চনত বনাঞ্চলৰ নথিভুক্তিকৰণ , জৰীপ ইত্যাদি সম্পন্ন কৰি কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ ওচৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হয়। মন্ত্ৰালয়ে তেওঁলোকৰ প্ৰস্তাৱক সঁহাৰি জনাই বনাঞ্চল স্থাপনৰ বাবে পুঁজিৰ যোগান ধৰে আৰু এইদৰেই ২০০৬-০৭ বৰ্ষৰ পৰা যুৱককেইজনে  তাত গছপুলি ৰোপণৰ কাম আৰম্ভ কৰে। সমিটিৰ সক্ৰিয় সদস্য সুনীলাল বড়োই জনোৱা মতে তেওঁলোকে তাত গমাৰি, তিতাচঁপা, চেগুন ইত্যাদিকে ধৰি  প্ৰায় চৈধ্য লাখ গছপুলি ৰোপণ কৰিছে ।তদুপৰি  নিজে নিজে গজি উঠা  বিভিন্ন প্ৰজাতিৰ গছ-লতাৰে বৰ্তমান এখন বৃহৎ অৰণ্যলৈ পৰ্যবসিত হোৱাত তাত এজাক হাতী, কেইবাটাও নাহৰফুটুকী বাঘৰ লগতে  হৰিণ, বনৰীয়া গাহৰি, সাপ, নেউল ইত্যাদি বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, সৰীসৃপে আশ্ৰয় গ্ৰহণ কৰিছে। তদুপৰি উক্ত বনাঞ্চললৈ বিভিন্ন  পৰিভ্ৰমী চৰাইৰো আগমন ঘটিবলৈ লৈছে।

তদুপৰি  নিজে নিজে গজি উঠা  বিভিন্ন প্ৰজাতিৰ গছ-লতাৰে বৰ্তমান এখন বৃহৎ অৰণ্যলৈ পৰ্যবসিত হোৱাত তাত এজাক হাতী, কেইবাটাও নাহৰফুটুকী বাঘৰ লগতে  হৰিণ, বনৰীয়া গাহৰি, সাপ, নেউল ইত্যাদি বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, সৰীসৃপে আশ্ৰয় গ্ৰহণ কৰিছে। তদুপৰি উক্ত বনাঞ্চললৈ বিভিন্ন  পৰিভ্ৰমী চৰাইৰো আগমন ঘটিবলৈ লৈছে।

আনকি জিলাখনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বহু কেইডাল  অজগৰ, কেঁকো সাপ ইত্যাদি বনবিভাগৰ সহযোগত উক্ত বনাঞ্চলত এৰি দিয়াৰ কথাও উল্লেখ কৰি সুনীলাল বড়োৱে কয় যে তেওঁলোকে বনজ সম্পদৰ ওপৰত ভিত্তি কৰি অঞ্চলটোত কুটীৰ শিল্প গঢ়ি তোলাৰ লগতে এই অৰণ্যখনক পৰিবেশ পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। অৰণ্যখনৰ  মাজেৰে বৈ যোৱা কেইবাটাও নিজৰাৰ নৈসৰ্গিকতা তথা ইয়াৰ বিচিত্ৰ জীৱকুলৰ বিচৰণে ইতিমধ্যে প্ৰকৃতিপ্ৰেমী পৰ্যটকক আকৰ্ষণ কৰিবলৈ লৈছে। ইয়াৰ দ্বাৰা স্থানীয় জনসাধাৰণৰ আৰ্থিক অৱস্থা উন্নত হব বুলিও তেওঁ আশা প্ৰকাশ কৰে।অৱশ্যে মাজে সময়ে কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে বনাঞ্চল খনৰ ভিতৰভাগৰ শুকান জংঘল আদি জ্বলাই দিয়াৰ উপৰি বন্য জীৱ-জন্তু চিকাৰ কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰি এই দুষ্কাৰ্য ৰোধ কৰাৰ বাবে তেওঁলোকে পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে চুবুৰীয়া গাঁওবাসীয়েও এইক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে ।

 

অৱশ্যে মাজে সময়ে কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে বনাঞ্চল খনৰ ভিতৰভাগৰ শুকান জংঘল আদি জ্বলাই দিয়াৰ উপৰি বন্য জীৱ-জন্তু চিকাৰ কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰি এই দুষ্কাৰ্য ৰোধ কৰাৰ বাবে তেওঁলোকে পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে চুবুৰীয়া গাঁওবাসীয়েও এইক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে ।

উল্লেখযোগ্য যে, দেশৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ ৰাজ্যতো বৰ্তমান  অস্বাভাৱিক হাৰত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাই আহিছে। ইয়াৰ  মুখ্য কাৰক সমূহ হৈছে জনসংখ্যাৰ বিস্ফোৰণ , দ্ৰুতগতিত হোৱা নগৰীকৰণ আৰু সংগঠিত ৰূপত কাঠৰ চোৰাং কাৰবাৰ বৃদ্ধি, ঔদ্যোগিকীকৰণ ইত্যাদি।ইতিমধ্যে আমাৰ ৰাজ্যত বনাঞ্চলৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে হস্তী-মানুহৰ সংঘাত। তেনে সময়তে ওদালগুৰি জিলাৰ উক্ত ৩৫ জন  শিক্ষিত নিবনুৱা যুৱকে নিৰলস প্ৰচেষ্টাৰে গঢ়ি তোলা এই বনাঞ্চলখনে দেশৰ প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্রতি অহা ভাবুকি সমূহ প্ৰতিহত কৰি বিভিন্নজনৰ মাজত এক বিৰল আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যখনত বৃদ্ধি পোৱা বন্যপ্ৰাণী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাট দেখুওৱাত যথেষ্ট অৰিহণা যোগাব বুলিও আশা কৰা হৈছে । ইতিমধ্যে কাজিৰঙা ৱাইল্ড লাইফ চছাইটী আৰু বালিপাৰা ফাউণ্ডেচন নামৰ সংস্থা দুটাই তেওঁলোকৰ এই কাৰ্যক স্বীকৃতি প্ৰদান কৰি পুৰস্কৃত কৰিছে ।

ৰ মে ন কু মা ৰ না থ

প্ৰান্তীয় অঞ্চলৰ মানুহৰ খবৰ বুটলি ফুৰা ৰমেন কুমাৰ নাথ ‘বিৰিয়া’ৰ এগৰাকী সহযোগী খবৰ দিওঁতা।

Previous আড্ডা
Next বিৰিয়া

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে