সম্পাদক

✉ editor@biriyaa.com

সাধাৰণজনৰ অতিপাত চেতনাৰ গহনত কথাবোৰ আলোড়িত কিম্বা আন্দোলিত। এই কথাবোৰ দেশ-কালৰ প্ৰতিভূ। আমি সেই কথাক আওকাণ কৰি কেতবোৰ নিৰ্দিষ্ট সূত্ৰৰ আওতাত পাগুলি-পাগুলি তাৰ চৰ্মসাৰ বাহিৰ কৰি দিছো, ই আমাৰ স্বভাৱসিদ্ধ।আৰু এইখিনিতেই মানুহ আৰু একোটা আদৰ্শ কিম্বা দৰ্শন বস্তুনিষ্ঠ আৰু যুক্তিপূৰ্ণ হোৱাৰ পাছতো পৰস্পৰৰ পৰা বিচ্ছিন্ন।সাধাৰণজন চিৰকালে ব্যৱহাৰিক। কল্পনাবিলাস বা আৱেগসৰ্বস্ব পন্থা তেওঁলোকৰ চেতনাৰ পৰিপন্থী।সাধাৰণজনৰ স্ব-আদৰ্শ, স্ব-দৰ্শন, স্ব-চিন্তা আছে। দেশ আৰু সমাজ নিৰ্মাণত এই কাৰকসমূহ যে নিতান্তই জৰুৰী সেই কথা আমি সকলোৱে জানো।কিন্তু ইয়াক লৈ চৰ্চা, অধ্যয়ন আৰু কাৰ্যকৰীকৰণৰ পৰ্যায়টো তেনেই সীমিত।আমি সাধাৰণজনৰ মাজৰেই এজন।সেইসূত্ৰে সাধাৰণজনে ভূগি থকা কেতবোৰ কথা, তেওঁলোকৰ মন আৰু বিবেকত জিকাৰ খাই উন্মুক্ত হ’ব খোজা চিন্তাবোৰ আমাৰ নিচেই সহোদৰ।সেয়ে  সাধাৰণজনৰ পক্ষত থাকি তেওঁলোকৰ হকে দৃঢ়তাৰে পক্ষপাতিত্ব কৰাৰ ন্যস্তস্বাৰ্থতেই আমি কান্ধত ‘বিৰিয়া’ লৈ আজিৰে পৰা খোজ দিছো। সৰ্বসাধাৰণজনৰ প্ৰতি দায়বদ্ধতা, কঠোৰ কৰ্তব্যত আমি বিশ্বাসী।সেয়ে কামৰ দ্বাৰাহে আমি আমাৰ পৰিচয় দিবলৈ বদ্ধপৰিকৰ।খেতিয়কৰ কৃচ্ছ্ৰ শ্ৰমৰ আদৰ্শই আমাৰ আদৰ্শ।আৰু এইভাৱে আমি জনমুখী সাংবাদিকতাৰ পথত অগ্ৰসৰ। এই পথত জনগণ মুল।আৰু তেওঁলোকৰ বিবেক আমাৰ উৎস। জনগণক লৈ জনগণৰ হিতৰ হকে এই সাংবাদিকতা। অসমৰ আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰকবোৰ যাতে আমি মুক্তভাৱে আলোচনা কৰিব পাৰো, এই ক্ষেত্ৰৰ স্বাধিকাৰ, মৌলিক অধিকাৰ, ন্যায্য, ন্যায়, জনগোষ্ঠীয় অসমীয়াত্বৰ পৰিচয়, আমাৰ উদ্যম, সংস্কৃতি-পৰম্পৰা আদি বিষয়ত যাতে আমি সৰ্বসাধাৰণ সকলোৱে সবল ভাৱে মাত মাতিব পাৰো তাৰবাবে ‘বিৰিয়া’ নিৰন্তৰে সজাগ হৈ থাকিব।

সাধাৰণজনৰ আৱাজ হিচাপে প্ৰস্তুত কৰিবলৈ ‘বিৰিয়া’ক আমি সাধাৰণভাৱেই কিন্তু দৃঢ় আৰু সবলৰূপত গঢ়ি তুলিবলৈ খামি ডাঠ কৰিছো। আৰু আজি ১৭ জানুৱাৰীত, গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱলাৰ স্মৃতি দিৱসত মহৎ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই তেওঁৰ মোৰে পথাৰৰে সোণোৱালী ধান  শীৰ্ষক  যুগমীয়া গীতটোৰে  জনতাৰ কথাৰে জনতাৰ বাবে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছো ‘বিৰিয়া’।

Previous ভৈৰৱকুণ্ডত একুৰি পোন্ধৰজন উদ্যমীয়ে গঢ়ি তুলিছে এখন অৰণ্য
Next জ্যোতিপ্ৰসাদ

2 Comments

  1. Prasad
    জানুৱাৰী 17, 2019
    উত্তৰ দিয়ক

    Bhal lagil. Subha kamonare. Biria dirghojibi huwa.

  2. চন্দন বৰি
    জানুৱাৰী 20, 2019
    উত্তৰ দিয়ক

    বিৰিয়াৰ দীৰ্ঘজিৱী হওক৷

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে