ফুলে শুনে মৌমাখিৰ গুণ গুণ

বিশাল জীৱজগতৰ অপাৰ ৰহস্যৰ মাজত অতি শেহতীয়াকৈ টেলআভিভ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে দিছে এক নতুন তথা প্ৰচুৰ সম্ভাৱনাময় পৰিঘটনাৰ খবৰ। লিলাখ হাডানি আৰু ছি  ভেল নামৰ দুজন বিজ্ঞানীৰ নেতৃত্বত চলা এক অনুসন্ধানত প্ৰকাশ পোৱা এই খবৰে সমগ্ৰ বিশ্বৰে জীৱবিজ্ঞান বিষয়ক গৱেষণাত ব্ৰতী লোকক আলোড়িত কৰিছে। এই গৱেষণাত বিজ্ঞানীৰ দলটোৱে পোৱা তথ্যৰ ভিত্তিত পোহৰলৈ অহা কথাটো হ’ল এয়ে যে- মৌ-মাখিকে ধৰি অন্যান্য যিকোনো পৰাগসংযোগকাৰী জীৱৰ মৃদু শব্দৰ প্ৰতি ফুলবোৰ অতিশয় সংবেদনশীল।

মৌমাখিৰ দৰে পৰাগসংযোগকাৰী জীৱৰ পাখিৰ কঁপনিৰ শব্দ শুনিলেই ফুলবোৰে কেইছেকেণ্ডমানৰ ভিতৰতে নিজৰ মৌৰসত শৰ্কৰা বা ছুগাৰৰ পৰিমাণ বৃদ্ধি কৰে। অৰ্থাৎ, বতাহৰ জিৰ্-জিৰ্ শব্দ আৰু মৌমাখিৰ পাখিৰ কঁপনিৰ মাজৰ পাৰ্থক্য ফুলবোৰে চিনি পায় আৰু এইক্ষেত্ৰত ফুলৰ পাহিয়ে শ্ৰৱণেন্দ্ৰিয় হিচাপে ভূমিকা পালন কৰে।

ইভিনিং প্ৰাইমৰ  নামৰ প্ৰজাতিৰ ওপৰত চলোৱা এই অধ্যয়নৰ বাতৰিৰ বিৱৰ্তনৰ জগতত গুৰুত্ব অনেক বেছি হোৱাৰ লগতে, ই উদ্ভিদকূলৰ আচাৰ-আচৰণ সম্পৰ্কে নতুন চিন্তাৰ উদ্ৰেক কৰিবলৈ সক্ষম হৈছে। এই অধ্যয়নত বিজ্ঞানীৰ দলটোৱে নিৰ্দিষ্ট প্ৰজাতিটোক মুঠ পাঁচবিধ ভিন্ন শব্দৰ সংস্পৰ্শলৈ আনিছিল – নীৰৱতা, চাৰি ইঞ্চি দূৰত্বৰ পৰা মৌমাখিৰ গুণগুণনিৰ শব্দ আৰু নিম্ন, মধ্য আৰু উচ্চ কম্পনাংকৰ কম্পিউটাৰ সৃষ্ট শব্দ। কম্পন প্ৰতিৰোধী কাঁচৰ বটলৰ ভিতৰত ৰাখি সৃষ্টি কৰা নীৰৱ পৰিৱেশ, উচ্চ কম্পনাংক (১৫৮-১৬০ কিলোহাৰ্টজ) আৰু মধ্য কম্পনাংক (৩৪-৩৫ কিলোহাৰ্টজ)ৰ শব্দৰ প্ৰতি কোনো ধৰণৰ প্ৰতিক্ৰিয়া নেদেখুওৱা ফুলবোৰে, মৌমাখিৰ গুণগুণনিৰ বাণীবদ্ধ শব্দ (০.২ৰ পৰা ০.৫ কিলোহাৰ্টজ) আৰু কম্পিউটাৰ সৃষ্ট নিম্ন কম্পনাংকৰ শব্দ (০.৫-১ কিলোহাৰ্টজ) শুনাৰ তিনি মিনিটৰ ভিতৰতে মৌৰসৰ শৰ্কৰাৰ পৰিমাণ ১২-১৭ আৰু ২০ শতাংশ পৰ্য্যন্ত বৃদ্ধি কৰা দেখা গৈছিল।

ফুলৰ এই প্ৰতিক্ৰিয়াই স্বাভাৱিকতে উদ্ভিদৰ বিকাশ আৰু জীৱন বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। মৌৰসত মিঠাৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে ইয়ে আন আন পৰাগসংযোগকাৰী জীৱসমূহকো বেছিকৈ আকৰ্ষণ কৰে আৰু ফলত ইতৰ-পৰাগসংযোগৰ সম্ভাৱনীয়তা বৃদ্ধি পায়। অন্যহাতে, ফুলপাহৰ গোলাকাৰ বা বাতি সদৃশ আকৃতিয়ে মৌমাখিৰ পাখিৰ কম্পনক অনুনাদৰ দ্বাৰা বৃদ্ধি কৰাত সহায় কৰা বুলিও এই গৱেষকসকলে এই অধ্যয়নকালত জানিব পৰা হৈছে।

হাডানি আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলৰ এই গৱেষণাৰ আঁত ধৰিয়েই বৈজ্ঞানিক গৱেষণাৰ এক সম্পূৰ্ণ নতুন ক্ষেত্ৰৰ সূচনা হৈছে। ‘উদ্ভিদ-ধ্বনিবিজ্ঞান’ বা ‘ফাইটএকষ্টিকছ’ নামৰ এই নতুন ক্ষেত্ৰখনে উদ্ভিদজগত আৰু পৰিস্থিতিতন্ত্ৰৰ জটিল জগতখনৰ আৰু অনেক তথ্যই মানৱ সমাজলৈ কঢ়িয়াই আনিব বুলি আশা কৰিব পাৰি। ২০১৮ বৰ্ষত পোহৰলৈ অহা এই তথ্য বৰ্ষটোৰ অন্যতম যুগান্তকাৰী আৱিস্কাৰ হিচাপে আলোচিত হৈছে।

(তথ্য উৎস – www.biorxiv.org)

বিৰিয়াৰ সাঁউৰি
Previous জ্যোতিপ্ৰসাদ
Next ইন্টেলেকচুৱেল প্ৰভাতে প্ৰভাতে

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে