জি সদনত বাজেট উত্থাপন কৰিলে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজিৰ এই বাজেটত নতুন মুঠ ১৮খন আঁচনিৰ ঘোষণা কৰে মন্ত্ৰীজনে৷ এই আঁচনিসমুহৰ মাজত আজি এখন আঁচনি ইতিমধ্যে সৰৱ আলোচনাৰ বিষয় হৈ পৰিছে৷ পৌৰাণিক আখ্যানত থকা বশিষ্ঠ মুনিৰ পত্নী অৰুন্ধতীৰ নামেৰে ঘোষণা কৰা এই আঁচনিত কন্যা সন্তান থকা পিতৃসকলক বিবাহৰ বাবে এক তোলা সোণ চৰকাৰখনে দিব বুলি ঘোষণাকৰিছে৷ মুলতঃবাৰ্ষিক ৫লাখৰ তলত আয় কৰা পৰিয়ালে লাভ কৰিব এই সুবিধা৷ যিসমুহ সম্প্ৰদায়ত বিবাহ সম্পাদনত সোণ প্ৰদানৰ পৰম্পৰা আছে, তেনে সম্প্ৰদায়ৰ লোকে আগতীয়া পঞ্জীয়নৰ জৰিয়তে এই আঁচনিৰ সুবিধা পাব৷ যিসময়ত সমগ্ৰ পৃথিৱীতে নাৰী সবলীকৰণ এক প্ৰধান বিষয় হৈ পৰিছে তেনে সময়ত এই আঁচনিখনে নাৰী সবলীকৰণৰ দিশটোক আজিৰ দিনটোত এখোজ পিছুৱাই নিয়া বুলিহে সাধাৰণ আৰু সচেতন মহিলা সকলে৷ প্ৰত্যেক দিনাই যৌতুকৰ বাবে দেশৰ বিভিন্ন অঞ্চলত বহু নাৰী মৃত্যুমুখত পৰে৷ আমাৰ দেশত এতিয়াও বহু পিতৃ মাতৃয়ে কন্যাৰ শিক্ষাৰ পৰিৱৰ্তে গুৰুত্ব দিয়ে বিয়াৰ নামত হোৱা খৰচত৷

যিসময়ত, মোডী নেতৃত্বাধীন চৰকাৰখনে নাৰীৰ শিক্ষা তথা সবলীকৰণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা দেখা গৈছে।তেনে সময়ত, আজিৰ এই আঁচনিখনে এক বিপৰীত ধাৰা সূচোৱাহে দেখা গ’ল৷ যিসময়ত, নাৰীক স্বাৱলম্বী ,আত্মসন্মানবোধ ইত্যাদিৰ শিক্ষা সৰুৰেপৰাই দিব লাগে বুলি সচেতন তথা মনোবিজ্ঞানীসকলে মতপোষণ কৰি আহিছে তেনে সময়তেই আজিৰ এই আঁচনিখনে পুনৰ এবাৰ নাৰীক দুৰ্বল বুলি প্ৰতিপন্ন কৰিলে৷ ‘কন্যা পিতৃৰ বোজা’ বুলি যি এটা ধাৰণা বিভিন্ন সম্প্ৰদায়ৰ মাজত শিপাই আছিল সেই ধাৰণাক যেনে আকৌ এবাৰ স্বচ্ছ কৰিলে এই আঁচনিয়ে৷ এই আঁচনিৰ পৰিৱৰ্তে যদি নিবনুৱা সংস্থাপনৰ বাবে, তথা সমাজৰ বিভিন্ন দুষ্কৃতি, অন্ধ-কুসংস্কাৰ, অশুভ পৰম্পৰা আদিৰ বিৰুদ্ধে বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ আঁচনি গ্ৰহণ কৰিলে হয়, সেয়াহে ফলপ্ৰসু হ’ল হয়৷ আজিৰ এই আঁচনিয়ে নাৰীসকলক চৰম তাচ্ছিল্য কৰাৰ লগতে পুতৌ কৰা বুলিহে এতিয়া চৰ্চা চলিছে৷ এনে লাগিল যে, একবিংশ শতিকাতো নাৰীৰ প্ৰয়োজন কেৱল বিবাহ আৰু সংসাৰত৷ ইয়াৰ বাহিৰে হয়তো আজিৰ নাৰী তেনেই অস্তিত্বহীন৷

আজিৰ এই আঁচনিয়ে নাৰীসকলক চৰম তাচ্ছিল্য কৰাৰ লগতে পুতৌ কৰা বুলিহে এতিয়া চৰ্চা চলিছে৷ এনে লাগিল যে, একবিংশ শতিকাতো নাৰীৰ প্ৰয়োজন কেৱল বিবাহ আৰু সংসাৰত৷ ইয়াৰ বাহিৰে হয়তো আজিৰ নাৰী তেনেই অস্তিত্বহীন৷

এই সন্দৰ্ভত আজি বিৰিয়াৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গুৱাহাটীৰ গৃহিণী তৰুলতা বৰুৱা শৰ্মাই কয় যে, চৰকাৰৰ এই আঁচনি সমূলি টোপ দিয়া সদৃশ আৰু ইয়ে এগৰাকী ছোৱালীক সম্পদৰ প্ৰতিহে অধিক লুভীয়া কৰি তুলিব। তিনিচুকীয়াৰ এগৰাকী চাকৰিয়াল মনমৰমী চমুৱাই স্পষ্টভাৱে বিৰিয়া ৰ আগত কয় যে, চৰকাৰে এই মুহূৰ্তত এগৰাকী নাৰীৰ বিজ্ঞানসন্মত শিক্ষাৰ বিষয়তহে অধিক গুৰুত্ব দিয়া উচিত আছিল। বঙাইগাঁৱৰ পৰা ইৰামণি চৌধুৰীয়ে বিৰিয়া ৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চৰকাৰে এই আঁচনিৰ দ্বাৰা সমাজত যৌতুকৰ দৰে অন্ধ কু-সংস্কাৰকহে আধিক গুৰুত্ব দি এক অসুস্থ পৰম্পৰা তথা দুষ্কৃতি বিয়পাবলৈ ঠিৰাং কৰিলে। তেওঁ লগতে কয় যে, কু-সংস্কাৰী চৰকাৰ এখনৰ পৰা আমি এনেধৰণৰ কু-সংস্কাৰত বাদে আৰুনো কি আশা কৰিব পাৰো। 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous দা পো ণ ত আ পো ন! 
Next বাজেট নহয় নিৰ্বাচনী ভাষণ হিমন্তৰ, ভোট কিনাৰ টোপ, যৌতুক প্ৰথাক চৰকাৰীকৰণ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে