চাৰিখন শেহতীয়া মালায়ালম চিনেমা


ভাৰতীয় চিনেমা বুলিলেই বলিউদৰ কথাই আটাইৰে মনলৈ আহে৷ কিন্তু সঁচাকে জানো বলিউদেই ভাৰতৰ ছবিজগতৰ প্ৰথম আৰু শেষ কথা? আৰম্ভণিৰে পৰাই ভাৰতৰ ছবিজগতত আঞ্চলিক চিনেমা সমূহৰ এটা বিশেষ স্থান আছে৷ কিন্তু এতিয়া হয়তো সেই সময় আহি পৰিছে য’ত ষ্টাৰ আৰু ষ্টাৰ পুত্ৰ-কন্যা সম্বলিত নিম্ন মানদণ্ডৰ হিন্দী চিনেমাৰ সিটো পাৰে থকা সুৰুচিপূৰ্ণ, সুঅভিনয় সম্বলিত আঞ্চলিক ভাষাৰ চিনেমা আদৰি লোৱাটো৷ বিশেষকৈ আজিৰ এই অ.টি.টি প্লেটফৰ্মৰ যুগত, য’ত সকলো ভাষাৰ চিনেমাই ছাৱটাইটেল সহ উপলব্ধ৷ আঞ্চলিক ভাষাৰ চিনেমাৰ খবৰ ৰাখোতা সকলে আনকি অসমীয়া চিনেমাও আকোৱালি লৈছে৷ পিছে আজি আমি অসমীয়া নহয় শেহতীয়া মালায়ালম চিনেমা কেইখনমানৰ কথাহে পাতিম৷

১) জাল্লিকাট্টু-২০১৯ চনত মুক্তি লাভ কৰা এইখন মালায়লম চিনেমা এখন আঞ্চলিক ভাষাৰে ছবি হৈ থকা নাই৷ ই দেশ বিদেশৰ চলচিত্ৰ ৰসিক সকলৰ দ্বাৰা উচ্চ প্ৰশংসিত এখন ভাৰতীয় চিনেমা৷ লিঅ’ জ’চ পেল্লিচেৰিৰ নিৰ্দেশনাৰ চিনেমাখনৰ কাহিনীটো লোৱা হৈছে এচ হৰিশৰ ‘মাৱ’ইষ্ট’ বুলি গল্প এটাৰ পৰা৷ সাধাৰণতে গল্পৰ পৰা কথাছবিলৈ ৰূপান্তৰ কৰা কামটো সহজসাধ্য নহয়৷ কিন্তু জাল্লিকাট্টু ছৱিখন চাই উঠি অসাধাৰণ গল্প এটা পঢ়া যেনেই ভাৱ হয়৷

চিনেমাখনৰ পটভূমি হ’ল পাহাৰৰ দাঁতি কাষৰীয়া গাওঁ এখন৷ সৰল দৃষ্টিত চাবলৈ গলে চিনেমা খন মূলতঃ হেৰোৱা মহ এটাক লৈ৷ বাকী সৰু সুৰা নিত্য নৈমিত্তিক কাহিনী বোৰো চলি থাকে৷ পোনপটীয়াকৈ ৰাজনীতিৰ সৈতে কোনো সংযোগ নথকা স্বত্তেও ই আৰম্ভণিৰ পৰা শেষলৈকে এখন ৰাজনৈতিক চিনেমা৷

কেৰেলাৰ গাওঁ এখনৰ সৌন্দৰ্য্য আৰু অন্যন্য বেকগ্ৰাউণ্ড স্ক’ৰে চিনেমাখনক অন্য এক মাত্ৰা প্ৰদান কৰিছে৷ দিনৰ সেউজীয়া গাওঁ, হাবিৰ দৃশ্যই হওঁক বা নিশা মহ বিচাৰি যোৱা মানুহেই হওঁক- প্ৰতিটা দৃশ্যই যেন মনত সাঁচ বহুৱাই যাব৷ ঠিক তেনেদৰে সম্পৰ্কৰ মেৰপেচ সমূহো বাস্তৱৰ দৰেই জটিল চিনেমা খনত৷ অথবা সাধাৰণ গাঁৱৰ মানুহো পৰিস্থিতি অনুযায়ী হিংস্ৰ, আদিম হৈ পৰিব পাৰে যে এটা মূহুৰ্তত দৰ্শকে প্ৰশ্ন কৰিবলৈ বাধ্য হয় ‘দৰাচলতে জন্তু কোন?’

এনে বিভিন্ন প্ৰশ্নৰ আবিৰ্ভাৱ আৰু চিনেমাখনত তাৰ উত্তৰ বিচৰা- সেয়াই হয়তো কলা হিচাপে এক বৃহৎ সফলতা৷ তদুপৰি Antony Varghese (এণ্ট’নি ভাৰ্গিচ), Chemban Vinod Jose (চেম্বন বিনোদ জ’চ), Subumon Abdussamad (চুবুমন আব্দুচচামাদ), Santhy Balachandran(শান্তি বালাচন্দ্ৰন) আদিৰ অসাধাৰণ অভিনয়ৰ লগতে নান্দনিক দিশৰ পৰাও ই অন্য এক অভিজ্ঞতা৷ উল্লেখযোগ্য যে ভাৰতৰ ৫০’তম আন্তৰাষ্ট্ৰীয় ছৱি মহোৎসৱত লিঅ’ জ’চ পেল্লিচেৰীয়ে এইখন চিনেমাৰ বাবে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা লাভ কৰে৷

জাল্লিকাট্টু বৰ্তমান আমাজন প্ৰাইমত উপলব্ধ৷ 

২) কুম্বলংগী নাইটচ: কুম্বলংগী নাইটচ এখন ধুনীয়া, সাধাৰণ কাহিনী এটাৰে সমৃদ্ধ কথাছবি৷ চিনেমাখনৰ পটভূমি কুম্বলংগী নামৰ দ্বীপ এটা৷ মূলতঃ পৰ্য্যটনৰ দ্বাৰাই জীৱিকা অৰ্জন কৰে তাৰ বাসিন্দা সকলে৷ তাৰে এঘৰৰ চাৰিজন ককায়েক, ভায়েক৷ তেওঁলোকৰে নিজৰ মাজৰ দ্বন্দ খৰিয়াল, প্ৰেম, পৰিয়ালৰ মৰম চেনেহ আদিৰে এখন সাধাৰণ চিনেমা৷ কিন্তু নিৰ্দেশনা, চিনেমাট’গ্ৰাফী আদিয়ে সাধাৰণ চিনেমা খনকো অতুলনীয় কৰি তুলিছে৷ কুম্বলংগীৰ মনোমোহা দৃশ্য, সম্পৰ্কবোৰৰ খুঁটি নাটি সামৰা সৰু সৰু মূহুৰ্ত আদিৰে মিঠা যেন চলচ্চিত্ৰ এখন৷

Madhu C Narayanan (মধু চি নাৰায়নন)ৰ নিৰ্দেশনা আৰু  আটাইকেইগৰাকী অভিনেতা, অভিনেত্ৰী যেনে Shane Nigam (শ্বান নিগম), Soubin (চ’বিন) Shreenath (শ্ৰীনাথ), Anna Ben (আন্না বেন), Fahadh Faasil ( ফাহাদ ফাজিল) আদিৰ বলিষ্ঠ অভিনয়ে ইয়াক বাস্তৱিক যেন লগা কৰি তুলিছে৷ বিশেষকৈ স্বাম্মীৰ ভূমিকাত ফাহাদ ফাজিলৰ জটিল চৰিত্ৰটি ৰূপায়ণৰ বাবে তেওঁ বিশেষভাবে প্ৰশংসাৰ যোগ্য৷  

মুঠৰ ওপৰত ই এক নান্দনিক ভাৱে উপভোগ্য হোৱাৰ লগতে অঞ্চলটোৰ সংস্কৃতি, মানৱীয় সম্পৰ্কৰ সুন্দৰ  উপস্থাপনেৰে পৰিয়াল কেন্দ্ৰিক চিনেমা৷ অৱশ্যে পৰিয়াল কেন্দ্ৰিক হোৱা স্বত্তেও কুম্বলংগী নাইটত আন ভাৰতীয় পৰিয়াল কেন্দ্ৰিক চিনেমাৰ দৰে  সামন্তবাদী চিন্তা চৰ্চাৰে পূৰ্ণ, পুৰুষতান্ত্ৰিক চিনেমা নহয়৷ অৱশ্যেই ই কোনো অতি প্ৰগতিশীল পৰিয়ালৰ কথাও কোৱা নাই৷ কিন্তু চিনেমা যদি বাস্তৱৰ প্ৰতিফলন হয়, তেন্তে ই সফল৷ উল্লেখযোগ্য যে এইখন চিনেমায়ো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ জাল্লিকাট্টুৰ দৰেই এইখনো ২০১৯ চনত মুক্তি লাভ কৰিছিল আৰু বৰ্তমান আমাজন প্ৰাইমত উপলব্ধ৷

৩) চুফিয়াম সুজাতায়াম: চুফিয়াম সুজাতায়ামৰ অৰ্থ হৈছে ‘চুফি আৰু সুজাতা’৷ এইখন মূলত এক মিউজিকেল প্ৰেম কাহিনী৷ সুজাতা আৰু চুফিৰ প্ৰেম৷ কোৱা হয় যে প্ৰেম কাহিনীৰ ধাৰা কেতিয়াও পুৰণি নহয়৷ ই চিৰসেউজ৷ কাহিনীৰ বিশেষ বৰ্ণনা ইয়াতে নকৰোঁ৷ কিন্তু নৃত্য, গীতৰ প্ৰতি অপৰিসীম ভালপোৱা চুফি আৰু সুজাতাৰ৷ প্ৰেমত পৰাৰ অনুভূতি, উৎকণ্ঠা, ব্যাকুলতা আদিৰে ভৰা কাহিনীৰ প্ৰথম ভাগ৷ কিন্তু পাছত কি হয়? সুজাতা আৰু চুফিৰ প্ৰেমে সফলতা পায়নে অথবা সফল নহলেওঁ প্ৰেমৰ পৰিসমাপ্তি ঘটে নেকি আদিবোৰ কথা জানিবৰ বাবে নিশ্চয়েই চলচিত্ৰ খন চাব লাগিব৷

অদিতিৰাও হায়দৰী, জয়সূৰ্য্য, দেৱমোহন আদিকে ধৰি গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ আটাইকেইজনৰ সাৱলীল, জীৱন্ত অভিনয়ে দৰ্শকক আৱেগিক নকৰি নোৱাৰে৷ তদুপৰি এম জয়াচন্দ্ৰনৰ সংগীতে চিনেমাখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে৷ সংগীত আৰু বিনা সংলাপৰ অভিব্যক্তিয়ে যিদৰে প্ৰেমৰ মাদকতা, উৎকণ্ঠা, ব্যাকুলতা প্ৰকাশ কৰিছে, সি এক সতেজ অভিজ্ঞতা৷ 

প্ৰেম, ভালপোৱাৰ উপৰিও সামাজিক দ্বন্দ, সংগীতৰ মাধুৰ্য্যৰে ভৰা ছবিখন যি কোনো খোলা মনৰ মানুহে উপভোগ কৰিব পাৰিব৷ ব্যক্তিগত ভাৱে মই শেষৰ খিনি পছন্দ কৰা নাই যদিও ভাৰতীয় আঞ্চলিৰ ভাষাৰ ছবি এখন কিমান উচ্চ মানবিশিষ্ট হব পাৰে সেয়া জানিবলৈও ছবিখন চাব পাৰে৷ এইক্ষেত্ৰত Naranipuzha Shanavan (নাৰানীপুজ্বাহ শ্বানাভাণ) নিৰ্দেশক হিচাপে সফল৷ 

এইখন ছবি ২০২০ চনৰ জুলাই মাহত অ.টি.টি প্লেটফৰ্ম আমাজন প্ৰাইমতেই মুক্তি লাভ কৰিছে৷

৪) ট্ৰান্স: ট্ৰান্সৰ কাহিনীভাগ বিজু নামৰ চৰিত্ৰটিক কেন্দ্ৰ কৰি৷ অৱশ্যে এইখন কুম্বলংগী নাইটচৰ দৰে সৰল কাহিনী অথবা চুফি আৰু সুজাতাৰ প্ৰেম কাহিনীৰ দৰে আৱেগিকো নহয়৷ ট্ৰান্স এখন মনোবৈজ্ঞানিক, সামাজিক, ৰাজনৈতিক চেতনা যুক্ত চিনেমা৷ 

বিজুৰ জীৱন সাধাৰণ আছিল৷ তেওঁৰ জীৱনত কিছু নঘটিবলগীয়া ঘটনা ঘটিছে, তথাপি তেওঁ জীৱনৰ প্ৰতি বিশ্বাস হেৰুওৱা নাই৷ নিজেও আগবাঢ়ে, আনকো আগবাঢ়িবলৈ সহায় কৰে৷ কিন্তু তেনেতে তেওঁৰ জীৱনচক্ৰ ঘূৰিবলৈ লয়৷ অভূতপূৰ্ব সাফল্য বিজুলৈ বাট চাই আছিল৷ কিন্তু তাৰ বাবদ কি বলিদান দিবলগীয়া হ’ল৷ কিমানলৈকে তেওঁ সেই বাটেৰে আগুৱালে? পুঁজিপতি আৰু ধৰ্মৰ সম্পৰ্ক, ধৰ্মৰ নামত সাধাৰণ মানুহক কৰা প্ৰহসন আৰু এইবোৰৰ আঁৰৰ অদৃশ্য শক্তি আদি বিতৰ্কিত বিষয়েৰে ভৰপূৰ এই চিনেমাখন৷  

বিজুৰ চৰিত্ৰত ফাহাদ ফাজিলৰ অভিনয়ে দৰ্শকৰ মনত চিৰস্থায়ী প্ৰভাৱ পেলাবলৈ সক্ষম হয়৷ বিজুৰ জীৱনৰ সংগ্ৰাম, সাফল্য, দ্বন্দ প্ৰতিটা পৰ্য্যায়কে সফলভাৱে ফুটাই তুলিবলৈ সক্ষম ফাহাদ ফাজিল৷ মনোবৈজ্ঞানিক, ৰাজনৈতিক আদি ধাৰাৰ অনুৰাগী নোহোৱা দৰ্শকেও কেৱল অভিনেতাজনৰ বাবেই চাবলৈ বাধ্য হব৷ মুঠৰ ওপৰত আন অভিনেতা অভিনেত্ৰী সমূহৰ অভিনয় যদিও লেখত লবলগীয়া, ট্ৰান্স ফাহাদ ফাজিলৰ ‘ৱান মেন শ্ব’ সদৃশ৷

ফাহাদ ফাজিলৰ উপৰিও নাৰ্জিয়া নাজিম, চৌবিন, গৌতম মেনন আদিয়েও ছবিখনক এক উৎকৃষ্ট মানদণ্ড প্ৰদান কৰাত সক্ষম হৈছে৷ আনৱাৰ ৰছিদৰ নিৰ্দেশনাৰ এই চিনেমাখন এক মূহুৰ্তও আমনি নলগা আৰু প্ৰতি মূহুৰ্তত দৰ্শকক উৎকণ্ঠিত কৰি ৰাখিব পৰা থ্ৰীলাৰ সদৃশ৷ এইখনো ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল৷ বৰ্তমান আমাজন প্ৰাইমত এইখন উপভোগ কৰিব পাৰে৷

Previous দেশত অনলাইন শিক্ষাৰ গুৰুত্ব আৰু বৰ্তমানৰ বাস্তৱ ছবিখন
Next বাঘজান, কা আৰু মধ্যবিত্তীয় সুবিধাবাদ