ঘোষণা কৰা হল বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ ৯১ সংখ্যক অস্কাৰ বঁটাৰ৷ সমগ্ৰ বিশ্ববাসীৰ চকু থৰ হৈ আছিল আমেৰিকাৰ লছ এঞ্জেলস্থিত  ড’লবি থিয়েটাৰৰ ফালে৷ ৰেড কাৰ্পেটত কোনে মাৰিব শেষ হাঁহি, এই লৈ উৎকণ্ঠিত হৈ আছিল সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ প্ৰেমীসকল৷ অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই ২৪ ফেব্ৰুৱাৰীৰ মায়াময় সন্ধিয়াত এক ব্যতিক্ৰমী আয়োজনৰে ঘোষিত হল অস্কাৰৰ বঁটা প্ৰাপকৰ তালিকা৷ গোটেই হলিউদৰৰ মহা তাৰকাসকল উবুৰি খাই আছিল যত ,যত প্ৰতি মূহূৰ্ততে সৃষ্টি হৈছিল ইতিহাসৰ বিশেষ মূহূৰ্ত কিছুমানৰ, অৱশেষত সেই ড’লবি থিয়েটাৰ হলৰ ৰেড কাৰ্পেটত উজলি উঠিল বিশ্ব চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সকল৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ভাৰত তথা অসমবাসীৰ বাবে ৰীমা দাসৰ বহু চৰ্চিত ছবি ভিলেজ ৰ’কষ্টাৰ্ছ-এ কঢ়িয়াই আনিছিল এক বিশেষ আশাৰ বতৰা৷ কিন্তু শেষ পৰৰ্য্যায়ত ৰীমা দাসৰ ছবিখনে মনোনয়ন লাভৰ পৰা বঞ্চিত হ’ল৷ কিন্তু অস্কাৰৰ দৌৰৰ বাচনি তালিকাৰ পৰা যদিও ভাৰতীয় ছবি হিচাপে ৰীমা দাসৰ ‘ভিলেজ ৰকস্টাৰ্ছ’-এ আঁতৰি আহিবলগীয়া হ’ল, তথাপি কিন্তু ভাৰতৰ বাবে এইবেলি আনন্দৰ খবৰ কঢ়িয়াই আনিছে এখন তথ্যচিত্ৰই৷ সহযোগী প্ৰযোজক হিচাপে দায়িত্ব লোৱা ভাৰতৰ গুনিত মোঙ্গাৰ ছবি  ‘পিৰিয়ড : ইণ্ড অফ ছেনটেনচ্’য়ে তথ্যচিত্ৰ শিতানত বঁটা আজুৰি আনিবলৈ সক্ষম হয়৷ ভাৰতৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখনৰ বিষয় বস্তু আছিল মহিলাৰ ঋতুস্ৰাৱ৷ ভাৰতবৰ্ষত মহিলাৰ ঋতুস্ৰাৱৰ বিষয়টো যে এতিয়াও এক টেবু(নিষিদ্ধ)পৰ্যায়ত আছে সেই কথা তথ্যচিত্ৰখনৰ জৰিয়তে তুলি ধৰা হৈছে৷  তুলি ধৰা হৈছে মহিলাৰ সমস্যাক, মহিলাৰ সামাজিক অসমতাক৷ ভাৰতবাসীৰ বাবে নিশ্চয় এয়া আনন্দৰ বতৰা৷

সকলো জল্পনা কল্পনাৰ অন্তত শ্ৰেষ্ঠ ছবিৰ শিতানত বঁটা আজুৰি আনিবলৈ সক্ষম হ’ল ‘গ্ৰীণ বুক’-এ৷ এক শক্তিশালী প্ৰতিযোগিতাৰ অন্তত ৰোমা, এ ষ্টাৰ ইজ বৰ্ণ, ব’হেমিয়ান ৰাফছোডি আদিৰ দৰে ছবিক চেৰ পেলাই  শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে গ্ৰীণ বুক-এ৷  মুঠ তিনিটা অস্কাৰ বঁটাৰে সন্মানিত হ’ল পিটাৰ ফেৰিলিৰ গ্ৰীণ বুক-এ৷

শ্ৰেষ্ঠ অভিনেতা হিচাপে এইবেলি অস্কাৰ বুটলিবলৈ সক্ষম হ’ল বহেমিয়ান ৰাফছোডিত কৰা অনবদ্য অভিনয়ৰ বাবে ৰামি মালিকে। শ্ৰেষ্ঠ-অভিনেত্ৰী অলিভিয়া কলমেন (ছবি-দ্যা ফেভাৰিয়েট), শ্ৰেষ্ঠ সহ অভিনেতা মাহাৰশালা আলি (গ্ৰীণ বুক) সহ অভিনেত্ৰী ৰেজিনা কিং (ছবি -ইফ দ্যা বেলে স্ট্ৰীট ক্যুড ট্যক) , ইয়াৰ উপৰিও আন কেবাটাও শিতানৰ ক্ষেত্ৰত ঘোষণা কৰা হয় অস্কাৰ বঁটা৷ ইয়াৰ ভিতৰত শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত মেস্কিকোৰ ‘ৰোমা’ ই লাভ কৰে শ্ৰেষ্ঠ বিদেশী ছবিৰ সন্মান৷ উল্লেখযোগ্য যে, বহু বিতৰ্কিত ছবি বহেমিয়ান ৰাফচোডিয়ে চাউণ্ড মিস্কিং, চাউন্ড এডিটিং ইত্যাদি শিতানত লাভ কৰে অস্কাৰ বঁটা৷ ইয়াৰ উপৰিও আন কেবাটাও শিতানৰ বাবে ঘোষণা কৰা হয় বঁটা৷ ইয়াৰ ভিতৰত এনিমেটেড ফিচাৰ ফিল্মৰ বাবে স্পাইডাৰমেন, ইনট্যু দ্যা স্পাইদাৰ ভাৰ্চ, শ্ৰেষ্ঠ ডকুমেণ্টেৰী ফিচাৰ ফিল্মৰ বাবে-ফ্ৰি চ’ল’, প্ৰডাকচন ডিজাইনত ব্লেক পেন্থাৰৰ বাবে হান্না বেচলাৰ আৰু জে  হাৰ্ট, কষ্টিউম ডিজাইনৰ বাবে ব্লেক পেন্থাৰৰ ৰুট ই কাৰ্টাৰ, শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী -ৰোমা, আলফানচো কুৰনাৰ, শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰ ষ্টাইল হিচাপে ভাইচ ছবিৰ বাবে গ্ৰেগ ক্যানমন, কেট বিছকো,প্যাটিচিয়া ডিহ্যানি, শ্ৰেষ্ঠ এনিমেটেড চুটি ছবি-বাও। আনহাতে, শ্ৰেষ্ঠ অ’ৰিজিনেল্‌ ছং শিতানত লেডী গাগাই ‘এ ষ্টাৰ ইজ্‌ বৰ্ণ’ ছবিখনৰ শ্যেল’ শীৰ্ষক গীতটোৰ বাবে অ’স্কাৰ সন্মান লাভ কৰে।  

বিৰিয়াৰ সাঁউৰি
Previous Through the broken glass: a peep into the bear's brain.
Next বৈধ বনাম অবৈধ সুৰা আৰু আমন্ত্ৰিত মৃত্যু