দেশত হঠাতে চকীদাৰৰ সংখ্যা অভাৱনীয়ভাৱে বাঢ়ি গ’ল৷ এটা ৰাতিৰ ভিতৰতে অবিশ্বাস্যভাবে বাঢ়ি যোৱা চকীদাৰৰ সংখ্যাই দেশত একধৰণৰ তুমূল জোকাৰণিৰ সৃষ্টি কৰি পেলালে৷ এতিয়া কিছুমান মানুহৰ নামৰ আগত লাগি গ’ল চকীদাৰ উপাধি৷

যেনে ধৰক চকীদাৰ চৰন দাস৷
চকীদাৰ নৰেন্দ্ৰ মোডী
চকীদাৰ অমিত শ্বাহ
চকীদাৰ হিমন্ত বিশ্ব শৰ্মা
চকীদাৰ বাতিৰাম
চকীদাৰ ঘটিৰাম
চকীদাৰ কেঁহোৰাম

এইবোৰ আচলতে কি ? কি হৈ আছে এইবোৰ ?এটা বিশেষ নিৰ্বাচন জয়লাভ কৰিবলৈকে এইবোৰ নৌটংকীবাজী নে সঁচাই দেশসেৱাৰ বাবে নিজে আঁৰি লোৱা একো একোখন পৰিচয় পত্ৰ?

চকীদাৰৰ মুল কাম আচলতে কি? এটা নিৰ্দিষ্ট এলেকা, এটা নিৰ্দিষ্ট গৃহ বা অফিচ কাছাৰী পহৰাদাৰী কৰাটোৱেই হ’ল চকীদাৰ এগৰাকীৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য৷ চকীদাৰ থকা অৱস্থাত হ’ব নোৱাৰিব কোনো চুৰি ডকাইতিৰ দৰে দুষ্কাৰ্য্য, অনুমতিবিহীনভাবে প্ৰৱেশ কৰিব নোৱাৰিব কোনো ব্যক্তি ইত্যাদি ইত্যাদি৷ একো একোটা বিয়াগোম বিভাগৰ বাহিৰ ভিতৰৰ গুৰু দায়িত্ব বহনকাৰী অতন্দ্ৰ প্ৰহৰী হ’ল এই চকীদাৰ নামৰ প্ৰাণীবিধ৷ কিজানি আটাইতকৈ অৱলেহিত আৰু লেখত নপৰা কৰ্মচাৰীজনেই হ’ল চকীদাৰ৷ তথাপি চকীদাৰ ইজ্‌ চকীদাৰ৷ ন’ কম্প্ৰ’মাইজ উইথ চকীদাৰ৷ চকীদাৰৰ ভুল হ’ব নোৱাৰে, চকীদাৰে ফাঁকি মাৰিব নোৱাৰে৷ চকীদাৰৰ ছুটি নাই৷ চকীদাৰৰ ৰ’দ-বৰষুণ-ধুমুহা এইবোৰৰ লগত কোনো ওজৰ-আপত্তি নাখাটে৷ মাজে মাজে অশ্লীল গালি গালাজ, চৰ, লাথ, গোৰ চকীদাৰৰ অতিৰিক্ত বানচ৷

এনেুকুৱা এক শ্ৰেণী গুৰুত্বপূৰ্ণ অথচ সমাজৰ দৃষ্টিত গুৰুত্বহীন মানুহৰ বিশেষণ নিজে গাত পাতি ল’ব পৰাটো আচলতে গৌৰৱ আৰু সাহসিকতাৰ কথা৷ নিজকে চকীদাৰ বুলি কব পৰাটো নিশ্চয়কৈ দায়িত্বশীল আৰু প্ৰভুভক্তিৰ পৰিচায়ক৷ ময়ো চকীদাৰ৷ মে ভি চৌকিদাৰ৷ হয়৷ আজিৰ পৰা আপুনিও চকীদাৰ৷

এনেুকুৱা এক শ্ৰেণী গুৰুত্বপূৰ্ণ অথচ সমাজৰ দৃষ্টিত গুৰুত্বহীন মানুহৰ বিশেষণ নিজে গাত পাতি ল’ব পৰাটো আচলতে গৌৰৱ আৰু সাহসিকতাৰ কথা৷ নিজকে চকীদাৰ বুলি কব পৰাটো নিশ্চয়কৈ দায়িত্বশীল আৰু প্ৰভুভক্তিৰ পৰিচায়ক৷ ময়ো চকীদাৰ৷ মে ভি চৌকিদাৰ৷ হয়৷ আজিৰ পৰা আপুনিও চকীদাৰ৷ হে মহান গেৰুৱা দলৰ নেতা কৰ্মীবৃন্দ৷ দেশত চকীদাৰিত্বৰ দায়িত্ব লোৱাৰ আপোনালোকৰ যি পাৰভঙা উচাহ তাক আমি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ৷ আপোনাসৱে নিজৰ নামৰ আগত চকীদাৰ লিখি চকীদাৰ নামৰ চতুৰ্থশ্ৰেণীৰ মানুহখিনিক নিশ্চয় উপলুঙা কৰা নাই৷ এখোপ আগুৱাই গৈ ভাবিব পাৰি যে আপোনালোকে তেওঁলোকৰ লগত সমভাগীহে হ’ব বিচাৰিছে৷ তেওঁলোকৰ দৰে কৰ্তব্যপৰায়ণ হ’ব বিচাৰিছে৷ দেশৰ বাবে দহৰ বাবে৷

দেশভক্তিৰ কথা আপোনালোকতকৈ আৰু কোনে জানিব৷  ভাৰতবৰ্ষৰ জনতাক যোৱা পাঁচটা বছৰে দেশভক্তিৰ বড়ি খুৱাই আপোনালোকেইতো তজবজীয়া কৰি তুলিলে৷ ইয়াৰ পিছত আপোনালোকে ল’ব আহিছে চকীদাৰৰ দায়িত্ব৷ অতি আনন্দৰ কথা৷ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আপোনালোকক৷ চকীদাৰেৰে ভৰা এখন ভাৰতবৰ্ষত আমি খোজ দিম এতিয়া পৰা৷

আগৰ কথাবোৰ আমি আৰু পাহৰি যাবৰ চেষ্টা কৰিম৷ টু-জি স্পেকট্ৰাম কেলেংকাৰী পাহৰিলো,পশুখাদ্য কেলেংকাৰী পাহৰিলোঁ, ব’ফৰ্চ কেলেংকাৰী সেই তাহানিতে পাহৰি পেলালোঁ৷ লাহে লাহে পাহৰিব চেষ্টা কৰিম ৰাফেল কেলেংকাৰীৰ কথা, ক’ৰ ফাইল ক’ত কেনেকৈ চুৰি হ’ল সেইবোৰো আৰু বিচাৰ নকৰো ইয়াৰ পিছত৷ নীৰৱ মোডীক পহৰা দিব পৰা নগ’ল, ললিত মোডীও গ’ল, সোণৰ পায়খানাত পায়খানা কৰা বিজয় মালিয়া চাহাবক মাফ কৰিয়েই দিব লাগিব কিজানি৷ ইমানবোৰ ঘৰৰে মানুহ বিদেশত ছাগে বৰ কষ্ট কৰি আছে কোনোমতে৷ লণ্ডনৰ ঠাণ্ডাত নীৰৱ মোডীয়ে কোনোমতে সাতলাখ টকীয়া জেকেট এটা পিন্ধি ৰাস্তাই ৰাস্তাই ঘুৰি ফুৰিছে৷ অৱশ্যে নিৰ্বাচনৰ আগত তেওঁক আজি বৰ নাটকীয়ভাৱে গ্ৰেপ্টাৰো কৰা হ’ল! বৰমাল্য পিন্ধাই তেওঁলোকক আদৰাৰ ব্যবস্থা কৰিব নালাগিবনে আমি?

আগৰ কথাবোৰ আমি আৰু পাহৰি যাবৰ চেষ্টা কৰিম৷ টু-জি স্পেকট্ৰাম কেলেংকাৰী পাহৰিলো,পশুখাদ্য কেলেংকাৰী পাহৰিলোঁ, ব’ফৰ্চ কেলেংকাৰী সেই তাহানিতে পাহৰি পেলালোঁ৷ লাহে লাহে পাহৰিব চেষ্টা কৰিম ৰাফেল কেলেংকাৰীৰ কথা, ক’ৰ ফাইল ক’ত কেনেকৈ চুৰি হ’ল সেইবোৰো আৰু বিচাৰ নকৰো ইয়াৰ পিছত৷

চাৰিওপিনে চকীদাৰ থাকিব ৷ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ৷ এটা ঘোলাকণীও পাৰ হ’ব নোৱাৰিব৷ আৰ ডি এক্স দুৰৰ কথা৷ হে মহান দেশৰ মহান চকীদাৰসক, ভুল নুবুজিব৷ বৰ আন্তৰিকতাৰে আশা কৰিছো আপোনালোকৰ পৰা চকীদাৰিত্ব৷ এ পি এচ চিৰ চাকৰিৰ বজাৰত পহৰা দিব পাৰিবনে আপোনালোকে, পি এন আৰ ডি ত নোৱাৰিলে৷ বৰ কষ্ট পাইছে সেই লেম্প জ্বলাই পঢ়াশুনা কৰি ডিগ্ৰী লোৱা বেকাৰকেইটাই৷ বৰ কষ্ট পাইছে নিয়োগ বিনিময় কেন্দ্ৰত শাৰী পতা শুকান মুখৰ ল’ৰাকেইটাই৷ পাৰিবনে পহৰা দিব দৌতা ঈশ্বৰ? চৰকাৰী ঘৰৰ নামত পঞ্চায়ত কৰ্মীসকলে যে টকা লয় তাতো থাকিবনে চকীদাৰৰ দায়িত্ব? দমকলৰ নামত, গাঁৱৰ বাই ভনীহঁতৰ সূতা-কম্বলৰ নামত লোৱা টকাৰ ক্ষেত্ৰত কি হ’ব৷ কোন চকীদাৰ নিয়োগ কৰা হ’ব ? বিশ্বাসযোগ্য হ’বনে সেই চকীদাৰ৷ পূৰ্বৰ অভিজ্ঞতা কিন্তু বৰ ভাল নহয়৷ বহু চকীদাৰ পিছত চোৰ ওলাল৷ এইবাৰো তেনকুৱাই হ’ব নেকি?
ৰাজহুৱা ট’য়লেটত থকা পানী ঢলা ম’গটোৰ পৰা আৰম্ভ কৰি পাকিস্তানী আতংকবাদীলৈ, প্ৰতিৰক্ষা বিভাগৰ কাৰ্য্যালয়ৰ পৰা আৰম্ভ কৰি বন্ধন বেংকৰ কিস্তিলৈ থাকিবনে আপোনালোকৰ দায়িত্ব?

আমি জানো চকীদাৰি কৰা সহজ নহয়৷ পদে পদে ৰিস্ক থাকে৷ যিকোনো সময়ত যিকোনো ঘটনাই ঘটি যাব পাৰে৷ তাৰোপৰি থাকিব পাৰে মনৰ নিভৃত কোণত লোভ আৰু মোহৰ দৰে ৰিপু৷ আপোনালোকে দমন কৰিব কৰিব পাৰিবনে সেই ৰিপুক? আশাকৰো পাৰিব৷ নহ’লে আকৌ ক’ৰবাত আৱাজ উঠিব – শ্যালা চকীদাৰ হী চোৰ নিকলা৷ চকীদাৰৰ কাহিনী ইমানতে শেষ কৰিলে হয়তো নহ’ব৷  নিৰন্তৰ এই কথা কাহিনী চলাই নিব লাগিব৷  লগতে নজৰ ৰাখিব আমি লাগিব চকীদাৰৰ ওপৰতো৷ 

অশান্ত ৰাজবংশী

দৃঢ় আৰু স্পষ্ট বাকেৰে বিবিধ বিষয়ৰ পৰ্য্যালোচক আৰু বিৰিয়াৰ সাঁউৰি

Previous ছ'চিয়েল মিডিয়াত ধৰ্ম প্ৰচাৰ
Next ভাৰতীয় নাৰীবাদী চিন্তাধাৰা আৰু স্ত্রী শিক্ষাৰ চৰকাৰী সংজ্ঞা