হৌৰি নেলচন মেণ্ডেলা

মই মন্ত্ৰী, নাম মোৰ গেন্ধেলা

ছাইন্সৰ নাজানো মই ওম, কেণ্ডেলা

এদিন ছোৱালী এজনী দিলো জোকাই

গালত পৰিল ৭ নম্বৰৰ চেণ্ডেলা

 

পদুম মোৰ নিচেই আপোন

হাত মোৰ স্থায়ী সপোন

পিছে হাতীও নহয় যে পৰ

বল আছে তাৰ বৰ

সময় হ’লে উৰি যাম হৈ শগুণ

 

জাতিৰ কথা মোক নুশুধিবা

মোৰ টেন্শ্বন তুমি নুবুজিবা

২‍১ পালেহি দুৱাৰত

ৰাইজৰ খঙৰ জোৱাৰত

উটি গ’লে মই তুমিও নিচিনিবা

 

কৌশল জানো মই কিছু

হাতত থাকে মোৰ ইছ্যু

পিছে এটাই মোৰ ভয়

এটাই সংশয়

জাতিয়ে ভোটেৰে গুলীয়াই যদি ধিছিউ!!!

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous হুলাং
Next দিনটোৰ প্ৰ তি ফ ল ন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে