ণিত বিজ্ঞানৰ ইতিহাসত পোন প্ৰথমবাৰলৈ এবেল পুৰস্কাৰেৰে সন্মানিত হ’ল এগৰাকী মহিলা – নাম কৰেণ কেছকুলা যুলেনবেক। আজি সন্ধিয়া ‘নৰৱেইয়ান একাডেমী অৱ চাইঞ্চ এণ্ড লেটাৰছ‘ৰ পৰা কৰা এক ঘোষণাত  ৭০ৰো উৰ্ধৰ আমেৰিকান গণিতজ্ঞগৰাকীলৈ  এই বছৰৰ গণিতবিজ্ঞানৰ নোবেল ৰূপে জনাজাত এই পুৰস্কাৰ আগবঢ়োৱাৰ কথা  ঘোষণা কৰা হয়।

ফটো: চাইঞ্চমেগ.অৰ্গ

গণিতবিজ্ঞানৰ সামগ্ৰিক জগতখনলৈ বিপ্লৱৰ সূচনা কৰা তেওঁৰ ‘জ্যামিতিক বিশ্লেষণ তথা গজ থিয়ৰি’ সম্পৰ্কীয় মৌলিক কামৰ বাবে য়ুলেনবেকলৈ এই বঁটা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি এবেল পুৰস্কাৰৰ সমিতিৰ অধ্যক্ষ হানচ-মান্থে-কাচে কয় যে – ‘যুলেনবেকৰ কৰ্মৰাজিয়ে চাবোনৰ বুদ্ বুদ্ ৰ দৰে ক্ষুদ্ৰতম পৃষ্ঠসম্পৰ্কে বৈজ্ঞানিক চিন্তাচৰ্চাৰ লগতে উচ্চতৰ মাত্ৰাত সাধাৰণ ক্ষুদ্ৰকায়ীকৰণৰ সমস্যাসমূহক বুজাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে।’

১৯৪২ চনৰ ২৪ আগষ্টত জন্মগ্ৰহণ কৰা বৰ্ষীয়ান গণিতবিদ গৰাকী বৰ্তমানে টেক্সাছ বিশ্ববিদালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ।

গণিত আৰু বৈজ্ঞানিক গৱেষণাৰ জগতখনত দেখা পোৱা লিংগবৈষম্যৰ বিপৰীতে লৈংগিক সমতাৰ হকে সৰৱ এগৰাকী অন্যতম মহিলা হিচাপেও কৰেণ য়ুলেনবেক পৰিচিত।

গণিত বিজ্ঞানৰ শ্ৰেষ্ঠতম পুৰস্কাৰ অৰ্জনেৰে ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখা কৰেণ যুলেনবেকলৈ আগবঢ়োৱা এই স্বীকৃতিয়ে স্বাভাৱিকতেই সেয়ে বিশ্বৰ বিদ্বৎ মহলত সৃষ্টি কৰিছে আশা আৰু আনন্দৰ লহৰৰ।

 

বিৰিয়াৰ সাঁউৰি
Previous অৰ্থনীতি আৰু কৰ্মসংস্থান
Next নিক্ষেপ!