ভাল দিন


মাৰ দেশখনৰ প্ৰধান সমস্যা অৰ্থনৈতিক- নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, মূল্যবৃদ্ধি, দুৰ্নীতি, চোৰাং ব্যৱসায়, খোৱা পানী, শিক্ষা, স্বাস্থ্য, বিজুলী ইত্যাদি। ৰাইজৰ ভাল দিন আহিব বুলি ক’লে আমাৰ মনলৈ আহে – এইবোৰ সমস্যা কমিব বা নোহোৱা হ’ব। নিবনুৱাই চাকৰি বা সংস্থাপন পাব, কৃষকে পথাৰত পানী পোৱাৰ লগতে শস্যৰ উচিত মূল্য পাব, ৰোগীয়ে ভাল চিকিৎসা পাব, দুৰ্নীতি ক’লা বজাৰ নোহোৱা হ’ব, বিজ্ঞানৰ সহায়ত নতুন নতুন নিৰ্মাণ হ’ব, দেশৰ প্ৰগতি হ’ব , ৰাইজে সুফল পাব ।

ফটো সৌজন্য বি.বি.চি.

লগে লগে আমাৰ সামাজিক সমস্যা কিছুমান নোহোৱা হ’ব। মানুহৰ চিন্তা তথা জীৱনৰ মানদণ্ড উন্নত হ’ব ।

 

কিন্তু কোনোবাই যদি কয় যে ৰাস্তাত ঠিয় হৈ পেচাব কৰা বন্ধ কৰিলেহে ভাল দিন আহিব; তেতিয়া আমি ধৰি ল’ম – তেওঁ মূল কথাখিনি লুকুৱাব খুজিছে। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous Checklist Manifesto - The Art Of Getting Things Done Right
Next ৱাটচএপ বিশ্ববিদ্যালয়