জেৰুজালেমৰ হিব্রেও (Hebrew) বিশ্ববিদ্যালয়ৰ অধ্যাপক য়ুভাল নোৱা হাৰাৰিয়ে টুৱেণ্টি ওৱান লেছনছ ফৰ দি টুৱেণ্টী ফাৰ্ষ্ট চেন্সুৰী‘ শীৰ্ষক গ্ৰন্থখনত লিখিছে – “মানুহে নিজৰ কথা নিজে খুব কমেই ভাবে।আমি সদায় দলীয়ভাৱে কথাবোৰ ভাবোঁ, চিন্তা কৰোঁ। এই দলীয়ভাৱে চিন্তা-চৰ্চা কৰিব পৰা ক্ষমতাটোৱেই প্ৰকৃততে মানুহক আন জীৱ-জন্তুতকৈ উচ্চ স্থান দিছে।” এই দলীয় চিন্তা-চেতনাৰ আঁৰতেই আড্ডাৰ জন্ম। কিংবদন্তি পৰিচালক সত্যজিৎ ৰায়ৰ শেষৰখন ছবি ‘আগন্তুক’। আড্ডাৰ  ঐতিহাসিক প্ৰেক্ষাপট সম্পৰ্কে ‘আগন্তুক’ত সত্যজিৎ ৰায়ে আমাৰ অন্যতম প্রিয় অভিনেতা উৎপল দত্তই  ৰূপায়ন কৰা মনমোহন মিত্ৰৰ চৰিত্ৰটিৰ যোগেদি কিছু গুৰুত্ত্বপূৰ্ণ তথ্য আগবঢ়াইছে। বঙালীসকলেই আড্ডাৰ আৱিষ্কাৰক – এই কথা নস্যাত কৰি মনোমোহন মিত্ৰই কয় হাজাৰ বছৰ পূৰ্বে গ্ৰীক ৰাজধানী এথেন্সত উন্নত মানৰ আড্ডা জমিছিল। সেই আড্ডা জমিছিল জিমনেছিয়ামসমূহত। ছক্ৰেটিছ, প্লেটোৰ দৰে গুণীজনে অংশ লোৱা সেই আড্ডাত জন্ম হৈছিল শিল্প, সাহিত্য আৰু জ্ঞান-বিজ্ঞানৰ নানা মতবাদৰ। এথেন্সৰ সেই আড্ডা আহি পানবজাৰত ১৯১৮ চনত চামতাৰ নৰোৰাম বৰ্মনে আৰম্ভ কৰা মহামায়া ৰেষ্টুৰেণ্টৰো অলংকাৰ হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা, ড ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধুৰীৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মালৈ – বিভিন্নজনৰ আড্ডাৰ সাক্ষী হৈ ৰৈছে মহামায়াৰ পুৰণি চকী মেজকেইখন। এথেন্সৰ সেই আড্ডা বিয়পি পৰিছিল প্ৰতিটো চাৰিআলিৰ চাহৰ দোকানবোৰত, কফি হাউচত। আড্ডা হেৰাই গৈছিল মানুহৰ মাজত; আড্ডা জী উঠিছিল মানুহৰ মাজত।

আড্ডা জীয়াই আছে কলেজৰ কেম্পাছত; প্ৰতিটো কাৰ্যালয়ৰ লান্স ব্ৰেকত জীয়াই আছে আড্ডা।

মহামায়াৰ ১ পইচাৰ চাহ আজি ৭ টকা হ’ল। মহামায়াৰ আড্ডা কিন্তু এতিয়াও জীয়াই আছে। আড্ডা জীয়াই আছে স্কুলৰ শেষৰখন বেঞ্চত বহা শ্ৰেণীৰ আটাইতকৈ খটাসুৰ ল’ৰাকেইটাৰ মাজত । আড্ডা জীয়াই আছে কলেজৰ কেম্পাছত; প্ৰতিটো কাৰ্যালয়ৰ লান্স ব্ৰেকত জীয়াই আছে আড্ডা। ৰাজনীতি, সমাজনীতিৰ পৰা আৰম্ভ কৰি প্ৰেমৰ সূত্ৰলৈ সকলো আড্ডাৰ বিষয় হৈছে। চলি আছে বুলিয়েই চলি থকা কথাবোৰত ক্ষোভ উজাৰি কোনোৱে এদিনৰ আড্ডা হতাশাৰে শেষ কৰিছে, ইফালে আকৌ কাৰোবাৰ আড্ডাতেই প্রস্তুত হৈছে নতুন দিনৰ নতুন সময়ৰ আঁচনি। আড্ডাত যিদৰে নৰেন্দ্ৰ মোদীৰ সমালোচনা  হৈছে, একেদৰে ৰাহুল গান্ধীৰ পৰিপক্কতাৰ প্ৰতিও প্ৰশ্ন উঠিছে। শশী থাৰুৰৰ নতুন কিতাপখনৰ কথাই যিদৰে আড্ডাত স্থান পাইছে, অনুপম খেৰৰ দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰক লৈও আড্ডা জমিছে। ৰাজনৈতিক ঘটনাৱলীৰ কোনো টিভি চেনেলৰ তথাকথিত নিৰপেক্ষ আলোচনাতকৈ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰা হৈছে আড্ডাত। আড্ডাত জন্ম হৈছে নতুন গানৰ, নতুন কবিতা এটাৰ প্ৰসৱ বেদনা লুকাই ৰৈছে আড্ডাৰ মাজত। আড্ডাৰ মানুহবোৰক সময়ে কাঢ়ি লৈ যায়, কিন্তু আড্ডাবোৰ জীয়াই থাকে। আড্ডাৰ মানুহবোৰ গুচি যায় নিজৰ নিজৰ জগতখনলৈ; কিন্তু আড্ডা জীয়াই থাকে। আড্ডা সাৰে থাকে। দূৰলৈ যোৱাজনকো জগাই ৰাখে আড্ডাবোৰে। সোঁৱৰাই থাকে আড্ডাত লোৱা সততাৰ সংকল্পৰ কথা কিম্বা সদম্ভে ঘোষণা কৰা জীৱনৰ পৰিকল্পনাৰ কথা। আড্ডাই মানুহ গঢ়ে, দুখন ভৰি দুখন হাত থকা জীৱটোক মানুহ হোৱাত সহায় কৰে; গম নোপোৱাকৈয়েই।

প্ৰশ্ন হয়- ছ’চিয়েল মিডিয়াৰ এই যুগত আড্ডাৰ প্ৰয়োজনীয়তা ক’ত? কিমান ব্যস্ততাৰ মাজতো আমি কিয়নো সময় উলিয়াই কোনো ফুটপাথৰ হোটেলত বহি চাহ খাই অনৰ্থক কথা পাতি সময় নষ্ট কৰিব লাগে?

প্ৰশ্ন হয়- চিয়েল মিডিয়াৰ এই যুগত আড্ডাৰ প্ৰয়োজনীয়তা ক’ত? কিমান ব্যস্ততাৰ মাজতো আমি কিয়নো সময় উলিয়াই কোনো ফুটপাথৰ হোটেলত বহি চাহ খাই অনৰ্থক কথা পাতি সময় নষ্ট কৰিব লাগে? উত্তৰ সহজ আৰু সৰল। ফেচবুকত বিদেশৰ অচিনাকি বন্ধু এজনৰ লগত মুকলিকৈ আপোনমনেৰে  কথা পতা আপুনি যেতিয়া একেখন ঘৰতে থকা আপোন মানুহখিনিৰ লগত কথা পাতিবলৈ সংকোচবোধ কৰে, যেতিয়া একেখন ঘৰতে থকা মানুহখিনিৰ সৈতে আপুনি  ক্ৰমাৎ অচিনাকি হৈ পৰে তেতিয়াই আড্ডাৰ প্ৰয়োজনীয়তা পৰিষ্কাৰ হৈ পৰে। পিতৃৰ মাতৃৰ পৰা সন্তানৰ দূৰত্ব যেতিয়া বাঢ়ি আহে, তেতিয়াই আড্ডাৰ প্ৰয়োজনীয়তা বাঢ়ি আহে। জীৱনবোধৰ শিক্ষাৰ প্ৰসংগ যেতিয়াই আহে, জীৱনক বুজি পোৱাৰ চেষ্টাৰ কথা যেতিয়াই আহে, আড্ডাৰ প্ৰাসংগিকতাও তেতিয়াই আহে। আড্ডা এক নিৰ্মল আৰু নিৰ্ভেজাল আনন্দৰ বিষয়। আড্ডাৰ আমেজ এক অনুভৱৰ বিষয়। আড্ডাবোৰে সম্পৰ্কবোৰ জীয়াই ৰাখে, আড্ডাই মনবোৰক সজীৱ কৰি ৰাখে। দকৈ ভাৱি চালে আড্ডাও এক মানসিক অনুশীলন। মেচিনেৰে আৱৰা আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ এই পৃথিৱীৰ পৰা আঁতৰি কিছু সময় আড্ডা মৰাৰ অভ্যাস এটা গঢ়ি তুলিব পাৰিলে জ্ঞানৰ লগতে স্বাস্থ্যৰ পৰিপুষ্টি সাধনৰ এটা উজু আৰু আনন্দময় বাট ই মুকলি কৰে।

ৰাজনীতি, অৰ্থনীতি, গান, নাটক, চিনেমা সকলো সামৰি আড্ডা জীয়াই থাকিব। বহুজনৰ সুখ দুখৰ বোজা কঢ়িয়াই আড্ডাবোৰ জীয়াই থাকিব। বহু উজাগৰী ৰাতি পাৰ কৰি আড্ডা মৰা ঠাইডোখৰ হয়তো চকুৰ পচাৰতে এদিন আনৰ দখললৈ যাব, কিন্তু আড্ডাৰ প্ৰতিটো পল বুকুত নিগাজীকৈ ৰ’ব । কোনো অজান গাঁৱৰ এচুকত মৰা আড্ডাত জাতিটোৱে নিজৰ সৈতে কথা পাতিব। আড্ডাবোৰে নিৰন্তৰ দি যাব মানুহ হৈ জীয়াই থকাৰ প্ৰেৰণা। আড্ডাই সম্পৰ্কৰ সাঁকোডাল একতাৰে বান্ধে,মৰমেৰে গাঁথে – সেয়ে আড্ডাই জীয়াই ৰাখিব আপোনাক, মোক, আমাক…

আহক আমি প্ৰাণ খুলি প্ৰাণৰ কথা পাতোঁ, আহক আমি আড্ডা মাৰোঁ।

ত্ৰি দি ৱ ভা গ ৱ তী

ত্ৰিদিৱ ভাগৱতী তৰুণ প্ৰজন্মৰ এগৰাকী লেখক।

Previous জৈৱিক কৃষিৰ ছবিখন
Next ভৈৰৱকুণ্ডত একুৰি পোন্ধৰজন উদ্যমীয়ে গঢ়ি তুলিছে এখন অৰণ্য

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে