অগপ!


গপ! কিমান আশা, কিমান আকাংক্ষা লৈ গঠন হৈছিল এই দলটি। অসমৰ মানুহৰ স্বাভিমান স্বৰূপ হাতীটো দেখিলে গৰ্বেৰে বুকুখন ফুলি উঠিছিল। এই হাতীটো আমাৰ, ভালেই হওক বেয়াই হওক দলটো আমাৰ। এতিয়া পিছে হাতীটো বুঢ়া হ’ল, দাঁত দুটাও দুৰ্বল হ’ল আৰু এলেহুৱা হ’ল। কথা ক’ব নজনা হ’ল, গপ মাৰিব নজনা হ’ল ৰাজনীতিৰ বিষয়ে। সেইকাৰণেই হয়তো ‘অ-গপ’। যিখিনি জাতীয়তাবাদ বাকী আছে সেইখিনিৰে অসমখন বচাবলৈ ওলাই আহিলে ভাল এই দলটোৰ মানুহখিনি। কিমান আৰু আপোচ? আপোচ গৈ পিছলৈ আপচোচ হ’বগৈ। এতিয়াও যথেষ্ট সময় আছে। কিবা এটা সময় থাকোতেও কৰক। নহ’লে ‘জাতি মাটি ভেটি’ বেলেগ কিবা এটা ভাষাত লিখি আন্দোলন কৰিবগৈ লাগিব দৌ। 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous পুলৱামাৰ পাছৰ পৰিস্থিতি
Next যুৰীয়া