ভাৰতবৰ্ষৰ দৰে এখন অতি বৈচিত্ৰপূৰ্ণ, বিষমতাৰে ভৰপূৰ, বৃহৎ গণতান্ত্ৰিক দেশত আঞ্চলিকতাবাদী ৰাজনীতি অতি প্ৰাসংগিক। কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বাবেই ভাৰতৰ সকলো অঞ্চলৰ ৰাইজক প্ৰতিনিধিত্ব কৰি বিকাশৰ পথত আগবঢ়াটো সম্ভৱপৰ নহয়। সেয়েহে সকলো ৰাজ্যৰ বা সকলো জনগোষ্ঠীৰ স্বাৰ্থ বজাই ৰাখি বিকাশৰ যাত্ৰা অব্যাহত ৰাখিবলৈ ভাৰতবৰ্ষত  আঞ্চলিকতাবাদী ৰাজনীতিৰ বিকল্প নাই।

অসমীয়া মানুহৰ দল হিচাপে আৰু ঐতিহাসিক অসম আন্দোলনৰ ঐতিহ্যবহনকাৰী আঞ্চলিক দল হিচাপে অগপৰ প্ৰতি গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰ আন্তৰিকতা আছিল বা এতিয়াও আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অগপই অসমীয়া মানুহৰ নিভাঁ‌জ আন্তৰিকতাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ’ল।

ক্ষমতাৰ বাবেই এই হাঁহি!

অসমৰ প্ৰেক্ষাপটত অসম গণ পৰিষদ (অগপ) এসময়ত বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ ভৈয়ামৰ জাতি-জনগোষ্ঠীৰ ৰাইজৰ হিয়াৰ আমঠু আছিল। সমগ্ৰ অসমীয়া ৰাইজৰ আশীৰ্বাদ শিৰত লৈ অগপই দুবাৰকৈ অসমৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল। অসমীয়া মানুহৰ দল হিচাপে আৰু ঐতিহাসিক অসম আন্দোলনৰ ঐতিহ্যবহনকাৰী আঞ্চলিক দল হিচাপে অগপৰ প্ৰতি গৰিষ্ঠসংখ্যক অসমীয়া মানুহৰ আন্তৰিকতা আছিল বা এতিয়াও আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অগপই অসমীয়া মানুহৰ নিভাঁ‌জ আন্তৰিকতাক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ’ল। যোৱা বিধানসভা নিৰ্বাচনত একমাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত ৰাজনৈতিক আদৰ্শৰ মিল নথকা ভাৰতীয় জনতা দলৰ সৈতে মিত্ৰতা কৰি অগপ আদৰ্শচ্যুত হ’ল। এসময়ত অগপ আছিল অসমৰ হৰ্তা-কৰ্তা বিধাতা, কিন্তু এতিয়া অগপ মাথোন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতৰ পুতলা-ক্ষমতাৰ ৰাগীত মত্ত  শত্ৰু-মিত্ৰ নিচিনা, আঞ্চলিকতাবাদৰ সকলো গুণ লোপ পোৱা এটা অত্যন্ত সুবিধাবাদী হাইব্ৰিড ৰাজনৈতিক দল।

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপৰ তিনিগৰাকী মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল চাহাৱৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোতৰ চৰকাৰৰ পৰা পদত্যাগ কৰি ওলাই আহিছিল।চৰকাৰৰ পৰা ওলাই অহাতো তেওঁ‌লোকৰ বাবে একপ্ৰকাৰৰ বাধ্যতামূলকেই আছিল- কাৰণ অগপৰ জন্মই হৈছিল অসমৰ অবৈধ বিদেশী সমস্যাৰ জলন্ত গৰ্ভত। তিনিগৰাকী মন্ত্ৰীৰ পদত্যাগে অগপৰ প্ৰতি অসমীয়া ৰাইজৰ মনত পুনৰ এক ৰাজনৈতিক সদিচ্ছাৰ জন্ম দিছিল। এই সদিচ্ছাক সাৰথি কৰি অগপই পুনৰ সৱলভাৱে নিজকে প্ৰতিষ্টা কৰিব পৰাৰ থল আছিল। কিন্তু শেহতীয়াকৈ লোকসভাৰ নিৰ্বাচন সন্মুখত ৰাখি পুনৰ বিজেপিৰ সৈতে অগপৰ মিত্ৰতাই অগপৰ সেই সম্ভাৱনা হয়তো চিৰকালৰ বাবে মষিমূৰ কৰি পেলালে। অতি নিৰ্লজ্জ ভাৱে অগপৰ পদত্যাগী মন্ত্ৰী তিনিগৰাকীয়ে মন্ত্ৰীত্ব পুনৰ ঘূৰাই ল’লে। মন্ত্ৰীত্বৰ পৰা পদত্যাগ কৰা আৰু পুনৰ মন্ত্ৰীত্ব ঘূৰাই লোৱাৰ যিখন নাটক অগপই মঞ্চস্থ কৰিলে- সেইখন নাটকৰ পৰা কিন্তু আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ল অগপ নিজেই। হয়তো চিৰকালৰ বাবে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিয়ে বিভেদকামী ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওচৰত সেও মানিলে। এয়া অসমৰ ভৱিষ্যতৰ বাবে অতন্ত্য দুৰ্ভাগ্যজনক। 

জানমনি বৰা

লেখক-পৰ্য্যালোচক

Previous আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ
Next সমাজ সেৱা