জনি অসম তথা অৰুণাচলৰ এক বৃহৎ অংশ সামৰি অনুষ্ঠান সম্প্ৰচাৰ কৰা এটি অনাতাঁৰ কেন্দ্ৰ আকাশবাণী ডিব্ৰুগড়। ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰটিয়ে নিত্য নতুন অনুষ্ঠান সম্প্ৰচাৰ কৰি পঞ্চাশ বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিলে। “এয়া আকাশবাণী ডিব্ৰুগড় … ” এই শব্দকেইটা যেন প্ৰতিগৰাকী শ্ৰোতাই বুকুত লালন কৰা একোটি শব্দ।

আৰম্ভণি সময়ছোৱাত লেপেটকটাৰ অস্থায়ী ষ্টুডিঅ’ত প্ৰায়বোৰ অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল। লোকগীত, আধুনিক গীত, নাটক আদি অনুষ্ঠানবোৰ শিল্পীসকলে ‘লাইভ’ পৰিৱেশন কৰিছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষক তথা গীতিকাৰ-সুৰকাৰ হীৰেণ গোহাঁয়ে আধুনিক গীতৰ প্ৰসংগত কৈছিল যে, ‘প্ৰযোজকে গীত এটি যিধৰণেৰ প্ৰাণ পাব বুলি আশা কৰে,বহুসময়ত সেয়া হৈ নুঠেগৈ। কাৰণ পোনপটীয়াকৈ পৰিৱেশন কৰোঁতে বহুসময়ত কাৰিকৰী বিসংগতিয়ে দেখা দিয়ে, কেতিয়াবা শিল্পীগৰাকীয়ে বেছি সচেতন হৈ থাকোঁতে নিদিৰ্ষ্ট সময়ত তাল ধৰি গাব নোৱাৰে। গতিকে গীতিকাৰ-সুৰকাৰ আৰু প্ৰযোজকে আলফুলে গীতটিক শ্ৰোতাৰ বাবে আগবঢ়োৱাত যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল। ‘এইয়া স্থায়ী ষ্টুডিঅ’ নিৰ্মাণৰ আগৰ কথা। ১৯৭৫ চনত মলখুবচাত স্থায়ী ষ্টুডিঅ’ নিৰ্মাণৰ পিছত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ শব্দ আৰু সুৰেৰে গিজগিজাই উঠিল। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে মনোগ্ৰাহী হোৱাকৈ বিভিন্ন অনুষ্ঠান সম্প্ৰচাৰ হ’ল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগে।

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আধুনিক গীতৰ বৰ্ণিল পৰিক্ৰমাৰে সজাই পৰাই তোলা হৈছিল দুটি অনুষ্ঠান- ‘সোণালী সংগীত’ আৰু ‘আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত আধুনিক গীতৰ ধাৰা’ 

পঞ্চাশ বছৰীয়া এই দীৰ্ঘ পৰিক্ৰমাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যিসকল ব্যক্তিয়ে নিজ কৰ্মেৰে যি অৱদান আগবঢ়ালে, যিমানবিলাক অনুষ্ঠান সম্প্ৰচাৰ হ’ল, এইসমূহক বিষয় হিচাপে লৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰস্তুত কৰিছিল সোণালী বৰ্ষৰ অনুষ্ঠানসমূহ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আধুনিক গীতৰ বৰ্ণিল পৰিক্ৰমাৰে সজাই পৰাই তোলা হৈছিল দুটি অনুষ্ঠান- ‘সোণালী সংগীত’ আৰু ‘আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত আধুনিক গীতৰ ধাৰা’। ইয়াৰ উপৰি আছিল নাটকৰ ইতিহাস আৰু লগতে আকাশবাণীত কৰ্মৰত আৰু অৱসৰ গ্ৰহণ কৰা ব্যক্তিসকলৰ অভিজ্ঞতাৰেপুষ্ট এটি অনুষ্ঠান। অসমীয়া বোলছবি গীতৰ অনুষ্ঠান ‘সুৰৰ পানচৈ’ৰ জৰিয়তে শ্ৰোতাৰ বাবে এই বিষয়সমৃহ আগবঢ়োৱা হৈছিল। এই অনুষ্ঠানতে আধুনিক গীতৰ ধাৰাও প্ৰচাৰ হৈছিল। তদুপৰি অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ সাক্ষাৎকাৰ প্ৰচাৰ কৰি আকাশবাণী ডিব্ৰুগড়ে সোঁৱৰণ কৰিছিল সোণালী দিনবোৰ। সোণালী জয়ন্তী বৰ্ষ উপলক্ষত প্ৰতি মাহত নিদিৰ্ষ্ট বিষয় একোটা নিৰ্বাচন কৰি অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰাৰ লগতে বিভিন্ন আলোচনা সত্ৰ, বক্তৃতানুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হৈছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰাৰ ক্ষেত্ৰত শ্ৰোতাৰ লগত পোনপটীয়াকৈ অৰ্থাৎ শ্ৰোতাৰ কাষলৈ গৈ প্ৰস্তুত কৰাত অধিক গুৰুত্ব প্ৰদান কৰে। এনে অনুষ্ঠানৰ ভিতৰত ‘মিছন ৱাইল্ড লাইফ কনজাৰভেছ্যন’,’কৃষি আৰু জীৱন’ আদি অনুষ্ঠানৰ কথা উল্লেখ কৰিব পাৰি। এয়া যেন আকাশবাণীৰ বৰ্ণিল আয়োজন ।

ইয়াৰ লগতে আয়োজন কৰা হৈছিল কামৰূপী আৰু গোৱালপৰীয়া লোকগীতৰ ৰিয়েলিটি শ্ব’ ‘লোকসংগীত মাধুৰী’। ১৪ ফেব্ৰুৱাৰীত এই প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্য্যায়ৰ প্ৰতিযোগিতা সমাপন হ’ব। কেৱল এয়ে নহয় ছটা ভাষাত কোৰাচো প্ৰস্তুত কৰি উলিয়াইছে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই। মুঠৰ ওপৰত সোণালী বৰ্ষত শ্ৰোতাৰ বাবে ন-ন অনুষ্ঠান উপহাৰ দি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৩,১৪ আৰু ১৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানতে সোণালী সুতাৰে গঁথা কথাবোৰ,সময়বোৰ সোঁৱৰণ কৰিব সকলোৱে । আৰু এটা শক্তিশালী খোজ দিব নতুনৰ দিশে। 

মৈত্ৰেয়ী ফুকন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী আৰু বিৰিয়াৰ বিশ্লেষক

Previous এক,দুই,তিনি...     
Next ২০১৯ত আকৌ হওক ইটাখুলিৰ ৰণ