মদ


গোলাঘাটৰ বাগিচা এখনত বিষাক্ত মদ খাই প্ৰায় বাইছজন মানুহৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসম চুই গৈছে। এনেধৰণৰ মদ বিক্ৰী কিয় বন্ধ হোৱা নাই, তাকে লৈ ৰাইজ চিন্তিত হৈ পৰিছে।

মানৱ সভ্যতাত ক’ত কেতিয়া মদৰ প্ৰচলন হ’ল, সেই কথা বাদ দিও ক’ব পাৰি যে মদ বিশ্বৰ বিভিন্ন দেশৰ মানুহৰ প্ৰিয় পানীয়। ইয়াৰ সৈতে জলবায়ুৰ আৰু সংস্কৃতিৰ সম্পৰ্ক আছে।

কিন্তু আমাৰ নিচিনা দেশত মদে সমাজৰ বহুত ক্ষতি কৰি আহিছে। সমাজৰ উচ্চ স্তৰৰ মানুহৰ বিশেষ ক্ষতি নকৰিলেও নিম্ন স্তৰৰ মানুহৰ কিন্তু এই ক্ষতি চকুত পৰা হৈছে। পৰিয়ালত অশান্তি সৃষ্টি কৰাৰ লগতে মদে শৰীৰৰো ক্ষতি কৰে। শৰীৰ দুৰ্বল আৰু ৰুগীয়া কৰি তোলে। ফলত মানুহৰ কৰ্মদক্ষতা হ্ৰাস পায়। এনে সংখ্যা যিমানেই বৃদ্ধি পায়, তেওঁলোকৰ হাতৰ কাম আন মানুহৰ হাতলৈ যোৱাৰ আশংকা থাকে। ইয়াৰ ফল হয়তো অন্য ধৰণেও ভুগিবলগীয়া হ’ব পাৰে।

সেয়ে মদ নোখোৱাটোৱেই ভাল উপায়। ধনো ৰাহি হয়, স্বাস্থ্যও ভালে থাকে। আচলতে মদ নোখোৱাকৈ থাকিব পৰাটোও এটা নিচা। এই নিচাই মোক মানসিক শক্তি দিয়ে। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous বিশ্বৰ সৰ্ববৃহৎ মৌমাখিৰ পুনৰাৱিস্কাৰ
Next গীত লিখিব জানিব লাগে