ই বছৰৰ আৰম্ভণিতে মনে মনে ভাবিছিলো, এইবাৰ পাৰিলে নতুন নতুন ঠাইলৈ গৈ গৈ কিছু নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰিম। ক’লৈ যাম আৰু কেতিয়া যাম, সেয়া সঠিককৈ নাভাবিলেও ফাগুনত আলি- আই- লৃগাং চাবলৈ পাৰিলে মাজুলীলৈ যাম বুলি মনতে ভাবি থৈছিলো। পিছে সময় আৰু সুবিধাৰ যে টনাটনি হ’ব, সেই কথাও মনলৈ আহিছিল।  ঠিক তেনেতে মাঘ বিহুৰ সময়তে মাজুলীত এটা বিশেষ অনুষ্ঠান আয়োজন কৰা গম পাই মাঘৰ বিহুত ঘৰলৈ যোৱাৰ সলনি মাজুলীলৈ গৈ দুদিন থকাৰ সিদ্ধান্ত ল’লো।

আয়াং পুথিভঁৰালৰ ভিতৰত

মাজুলীত মোৰ কোনো বিশেষ চিনাকী নাই যদিও  কৰ্মসূত্ৰে তাতে বহু দিনৰ পৰা আয়াং শিশু পুথিঘৰ আৰু হামিংবাৰ্ড স্কুলত কৰ্মৰত ৪জন ব্যক্তিৰ লগত যোৱা ডিচেম্বৰ মাহত কিছু চিনা পৰিচয় হৈছিল। সেয়ে তেওঁলোকৰ লগত কথা পাতি হামিংবাৰ্ড স্কুলতে গৈ থকাৰ সিদ্ধান্ত ল’লো। উদ্দেশ্য আছিল আয়াং শিশু পুথিঘৰে আয়োজন কৰা ১৭ জানুৱাৰী শিল্পী দিৱসৰ অনুষ্ঠান উপভোগ কৰা।

সেই মানসেৰেই ১৫ জানুৱাৰীত নৈশ বাছেৰে মোৰ যাত্ৰা আৰম্ভ কৰিলো। অকলে ওলাইছো কাৰণে ঘৰত কিছু চিন্তা। মোৰো অলপ চিন্তা নোহোৱা নহয়, কিয়নো যথেষ্ট সোনকালে যোৰহাট গৈ পাম। আৰু নিমাতীঘাটৰ পৰা প্ৰথমখন ফেৰী ৭-৩০ বজাতহে এৰে। তথাপি  নতুন ঠাই এখনলৈ যোৱাৰ আগ্ৰহে মনটো ভাল লগাই ৰাখিছিল। যদিও যোৰহাটত যথেষ্ট সোনকালে নামিলোঁ  তথাপি কোনো অসুবিধা নোহোৱাকৈয়ে নিমাতী ঘাটৰ প্ৰথম ফেৰীখন ধৰি কমলাবাৰী ঘাটত নামিলো। আৰু তাৰ পৰা গড়মূৰ অভিমুখে যাত্ৰা কৰি ৯ মান বজাত উপস্থিত হ’লোগৈ মোৰ প্ৰথম লক্ষ্যস্থানত।

আয়াং শিশু পুথিঘৰত সোমায়েই মনটো ভাল লাগি গ’ল। সৃজনীশীলতা পৰিস্ফুট হৈছিল বাৰুকৈয়ে। মাছ ধৰা সঁজুলি পল’টো কিতাপ সজাই থোৱা ষ্টেণ্ড হিছাপে ব্যৱহাৰ কৰা দেখি আচৰিত নহৈ নোৱাৰিলো।

গড়মূৰত থকা আয়াং শিশু পুথিঘৰ। সুন্দৰ পৰিৱেশৰ, আহল বহল পুথিভঁৰালটো বৰ সুন্দৰকৈ সজাই ৰাখিছে। প্ৰৱেশ পথৰ দুৱাৰ মুখত লিখা আছে সুন্দৰ বাণী। ভিতৰতো লিখি ৰাখিছে মহৎ লোকৰ বাণী। সোমায়েই মনটো ভাল লাগি গ’ল। সৃজনীশীলতা পৰিস্ফুট হৈছিল বাৰুকৈয়ে। মাছ ধৰা সঁজুলি পল’টো কিতাপ সজাই থোৱা ষ্টেণ্ড হিছাপে ব্যৱহাৰ কৰা দেখি আচৰিত নহৈ নোৱাৰিলো। কেনেকৈ যে ভাবি পায়  এই কথাবোৰ! কেইবাগৰাকীও পুথিভঁৰাল সহায়িকাৰ সহযোগিতাৰে আগবঢ়াই নিয়া আয়াং শিশু পুথিঘৰ হৈছে সম্পূৰ্ণ বিনামূলীয়া এক অনুষ্ঠান। এই পুথিভঁৰালটোত প্ৰায় ১৩০ জন মান ছাত্ৰ ছাত্ৰী আছে। এই পুথিভঁৰালটোৰ পৰা কিছু নিলগত থকা প্ৰায় ১০ খন বিদ্যালয়তো তেওঁলোকে গ্ৰন্থাগাৰ বৈঠক (লাইব্ৰেৰী ছেছন) ৰ আয়োজন কৰে। লাইব্ৰেৰী সহায়কে (ফেছিলিটেটৰ) নিজে কিতাপ লৈ গৈ এই বৈঠক আয়োজন কৰে। আনহাতে ওচৰৰে প্ৰায় ১০খন মান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিদ্যালয় ছুটি হোৱাৰ পিছত আহে।

মাছ ধৰা পল’ত কিতাপ থোৱা হৈছে

 

পুথিভঁৰালটোৰ নিজা ৰেজিষ্টাৰৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে নিজে তৈয়াৰ কৰা লাইব্ৰেৰী কাৰ্ডত নিবলৈ বিচৰা কিতাপৰ নাম লিখি তেওঁলোকে ঘৰলৈ নিব পাৰে আৰু নিজৰ মন্তব্যও লিখি যাব পাৰে। প্ৰতিটো দিনৰ বাবে বেলেগ বেলেগ আঁচনি লোৱাৰ লগতে  বিভিন্ন বিষয়, যেনে চাৰু-কাৰু কলা, সাধু কোৱা আৰু লিখা আদিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।

আয়াং পুথিঘৰত কিছু পৰ কটায়েই তাৰ পৰা বিদায় ল’লো। গড়মূৰৰ পৰা আৰু কেইবা কিলোমিটাৰ দুৰত্বত অৱস্থিত হামিংবাৰ্ড স্কুললৈ লৈ যাবলৈ আহিছিল দাদা এজন। মই যাবলৈ ওলালো। ৰাস্তাবোৰ কেচাঁ বাবে কিছু ধূলিময়। কিন্তু হালধীয়া বিস্তীৰ্ণ পথাৰ। সৰিয়হৰ কেচাঁ গোন্ধ বতাহত আহি নাকত লাগিছে। এক ৰোমাঞ্চকৰ পৰিৱেশ। ক’ৰবাত এখন সৰু জানৰ নিচিনাকৈ বা ক’ৰবাত অলপমান জলাশয়ৰ নিচিনাকৈ আছে, বাকীবোৰ কেৱল হালধীয়া আৰু হালধীয়া পথাৰ। অৱশেষত গৈ পালো মোৰ গন্তব্য স্থান হামিংবাৰ্ড স্কুল।

২০১৭ চনত ১২০ জন ছাত্ৰ – ছাত্ৰীৰে স্থাপিত হামিংবাৰ্ড স্কুলৰ কিছু সুকীয়া বৈশিষ্ট্য আছে।  বৰ্তমান ২৫০ জনলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা এই বিদ্যালয়ৰ মূল লক্ষ্য বা উদ্দেশ্যই হৈছে ল’ৰা ছোৱালীবোৰক তেওঁলোকৰ প্ৰাসংগিক পাৰিপাৰ্শ্বিক তথা সামাজিক-অৰ্থনৈতিক অৱস্থাৰ সতে মিলিব পৰাকৈ গুণগত শিক্ষা প্ৰদান কৰা। 

প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ যিমান পাৰি কমোৱাৰ চেষ্টা তেওঁলোকে কৰে। পেলোৱাৰ কোনো ব্যৱস্থা নাই বাবে চেনিটেৰি পেডৰ ব্যৱহাৰো কৰিব নোৱাৰি। যি কাৰণত মাটি প্ৰদুষণ হোৱাৰ পৰা মুক্ত। তাৰ সলনি পুনৰ্ব্যৱহাৰযোগ্য কাপোৰৰ পেড বা মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিবলৈ উৎসাহ দিয়া হয়। পেকেটত থকা খোৱা বস্তু প্ৰায় নিষেধ।

বিদ্যালয়খনত প্ৰৱেশ কৰিয়েই দেখিলো খেল ধেমালিৰ বাবে থকা মুকলি ঠাইডোখৰত আছে বাঁহেৰে নিৰ্মাণ কৰা খেলৰ কিছু সা সঁজুলি । কাৰ্যালয় আৰু হোষ্টেলৰ বাহিৰে আন পঢ়া শুনা কৰা কোঠালিবোৰৰ নিৰ্মাণশৈলী কিছু বেলেগ। এই শৈলীটো আচলতে সেই অঞ্চলত অৱস্থিত লোকসকলৰ এক পৰম্পৰাগত শৈলী নে আন কিবা সেয়াহে জানিবলৈ বা সুধিবলৈ ন’হল। কিন্তু এইটো ঠিক যে এই শৈলীটোৰ দ্বাৰা বানপানীৰ সময়ত নিশ্চয়কৈ সুবিধা হ’ব। অন্যহাতে, মুকলিকৈ গছৰ তলত বহি পঢ়িব পৰাকৈ চাপৰৰ পৰা ওখলৈ ডাঙৰ ডাঙৰ বাঁহৰ চাং বনাই দিয়া হৈছে।

বিদ্যালয়খনৰ সকলোৰে লগত চিনাকি হৈ এনেকুৱা লাগিল যেন ঘৰুৱা পৰিৱেশ। সকলোৱে নিজে নিজৰ কাম কৰিবলৈ আগ্ৰহী, কোনেও অতিথি বুলি বিশেষ সেৱা নাপায়। তাত শিক্ষাৰ্থীক যিদৰে খাবলৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে, সেই একে ব্যৱস্থাতে শিক্ষক-শিক্ষয়িত্ৰীসকলে আহাৰ গ্ৰহণ কৰে। আৰু প্ৰত্যেকেই খোৱা বাচন নিজেই ধুই-পখালি নিৰ্দিষ্ট স্থানত ৰাখিব লাগে।

হামিং বাৰ্ড স্কুল

প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ যিমান পাৰি কমোৱাৰ চেষ্টা তেওঁলোকে কৰে। পেলোৱাৰ কোনো ব্যৱস্থা নাই বাবে চেনিটেৰি পেডৰ ব্যৱহাৰো কৰিব নোৱাৰি। যি কাৰণত মাটি প্ৰদুষণ হোৱাৰ পৰা মুক্ত। তাৰ সলনি পুনৰ্ব্যৱহাৰযোগ্য কাপোৰৰ পেড বা মেনষ্ট্ৰুৱেল কাপ ব্যৱহাৰ কৰিবলৈ উৎসাহ দিয়া হয়। পেকেটত থকা খোৱা বস্তু প্ৰায় নিষেধ। আৰু যদি একান্তই খাব বিচাৰে, তেন্তে পেকেটবোৰ সাঁচি সামৰি থৈ উভতি আহি উপযুক্ত স্থানত পেলাব পাৰে। তেওঁলোকৰ তথ্য অনুসৰি ১২ টা কুকুৰ আৰু এটা মেকুৰীকো তেওঁলোকে প্ৰতিপালন কৰাৰ লগতে গৰু, গাহৰি, হাঁহ- কুকুৰাৰ ফাৰ্ম আছে। কাৰণ তেওঁলোকে বিশ্বাস কৰে, “ডাইভাৰচিটি অৱ এনিমেলছ চাবজেক্ট টু চেঞ্জ”।  মহ, মকৰা, জেঠীবোৰ একেবাৰে নিগাজী সহযোগী আৰু কেতিয়াবা  সাপ, নিগনি, ভেকুলী আদিয়েও ভুমুকি মাৰি ল’ৰা ছোৱালীক হাত জোকাৰি যায়হি!

বিদ্যালয়ৰ হোষ্টেলৰ ডাঙৰ ডাঙৰ বাঁহেৰে নিৰ্মাণ কৰা বিচনাত ভাগৰ মাৰিলো অলপ। আৰু আবেলি খোজ কাঢ়ি ওলাই গ’লো, ৰান্ধনী বাইদেউগৰাকীৰ লগত। তেখেতৰ মৰম কেতিয়াও নাপাহৰোঁ। মই যোৱা বুলি চম্পা টেঙা (ঔটেঙা) ৰ লগত ৰ সোৱাদলগাকৈ মাছ ৰান্ধি খুৱালে। মাজুলীক মনত ৰাখি থোৱাৰ ইও এক কাৰণ। গধূলি বিহুৰ নিমন্ত্ৰণ বহুকেইজন ব্যক্তিয়ে দিছিল যদিও মাত্ৰ এজনৰ ঘৰলৈ হে যাব পাৰিলো। আহ! এই সৌহাৰ্দ্য, এই অতিথিপৰায়ণতা। সদায় মনত থাকিব। কিন্তু দুদিন থাকিম বুলি যোৱা সত্ত্বেও পিছদিনা অসম বন্ধ দিয়া বাবে মই এটা ৰাতি কটায়ে মাজুলীৰ পৰা গুছি আহিব লগা হ’ল। আধৰুৱা হৈ ৰ’ল মোৰ মাজুলী ভ্ৰমণ, বাকী থাকিল আৰু বহুতো কথা জানিবলৈ, লগতে বাকী থাকিল আপঙৰ বাতিত চেনেহৰ সোৱাদ ল’বলৈ।  এই বাকী ৰোৱা চেনেহখিনি বুকুত ভৰাবলৈ আকৌ এবাৰ মাজুলীলৈ সোনকালেই যাব লাগিব!! 

 

প ৰি স্মি তা গ গৈ

সহ প্ৰতিষ্ঠাপক, ৰাইজৰ পুথিভঁৰাল, নৰ্ষ্ট ইষ্ট এডুকেচনেল ট্ৰাষ্ট, গুৱাহাটী।

Previous বসন্তৰ আৰণ্যক
Next যুৱ ভাৰতে কি বিচাৰে?