গুৱাহাটীস্থিত সামাজিক সাংস্কৃতিক অনুষ্ঠান অন্তৰংগই অহা ২৬ মাৰ্চ তাৰিখে আয়োজন কৰিবলৈ লৈছে সাধুকথা, পুতলা নাট আৰু শিশু নাটৰ এক বৰণীয়া অনুষ্ঠান।  ২০ মাৰ্চৰ বিশ্ব সাধুকথা কোৱা দিৱস, ২১ মাৰ্চৰ বিশ্ব পুতলা নাট দিৱস তথা আগন্তুক ২৭ মাৰ্চৰ বিশ্ব নাট্য দিৱস উপলক্ষে আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানত সাধুকথা কোৱাৰ অনুষ্ঠানৰ লগতে পুতলা নাট তথা শিশু নাটিকা পৰিৱেশন কৰা হ’ব।

উল্লেখনীয় যে, অন্তৰংগ নামৰ সামাজিক-সাংস্কৃতিক সংস্থাটোৱে বিগত কেইবাবছৰো ধৰি পুতলা নাচৰ দৰে অধুনালুপ্ত পৰম্পৰাগত পৰিৱেশ্য কলাক লৈ বিভিন্ন সম্পৰীক্ষা কৰি অহা তথা এই কলাক পুনৰুজ্জীৱিত কৰিবৰ বাবে বিভিন্ন কাৰ্য্যসূচী অব্যাহত ৰখাৰ ওপৰিও, শিশু-কিশোৰ-কিশোৰীক লৈ সাধুকথা কোৱা, শিশু নাট আদি বিষয়ক বিভিন্ন কাৰ্য্য হাতত লৈ আহিছে।

গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য অনুস্থিত কৰিবলৈ লোৱা ২৬ মাৰ্চৰ এই অনুষ্ঠানৰ সময়সূচী পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১.০০ বজালৈ।  অনুষ্ঠানত ভাগ লৈ সাধুকথা, পুতলা নাচ আৰু শিশু মনৰ জগতত এবেলা বিচৰণ কৰিবলৈ গুৱাহাটীৰ বিদ্যালয়সমূহৰ লগতে সুধীসমাজক  অন্তৰংগৰ তৰফৰ পৰা অনুৰোধ জনাইছে  অন্তৰা জি জি চৌধুৰীয়ে।

 

 

বিৰিয়াৰ সাঁউৰি
Previous ইনকিলাব জিন্দাবাদ আৰু ভগৎ সিং
Next   চিন্তাক্লিষ্ট!