মোৰ ঘৰৰ সন্মুখতে য’ত আছিল

আকাশৰ দৰে মুকলি এখন পথাৰ ঠিক সেইখিনিতে এতিয়া তেওঁলোকে ওলোমাই দিছে বিশাল বিশাল টেন্ট

বনৰীয়া জন্তুবোৰৰ বাবে…

বাঘতকৈয়ো নিষ্ঠুৰ আৰু কৰুণাবিহীন 

এই দ্বিপদ জন্তুবোৰৰ কথা এতিয়া প্ৰায় সকলোৱে জানে ৷

মোৰ ওচৰে-পাঁজৰে থকা প্ৰায় সকলো 

মানুহেই জানে এই জন্তুবোৰৰ খাদ্য হ’ল যুৱক যুৱতী…

এই জন্তুবোৰ একেধাৰে শাসকৰ ৰক্ষক, খুনী আৰু আততায়ী ৷

এওঁলোকক নিষ্ঠুৰতা নামৰ আবাসগৃহত

আশ্ৰয় দি  পোহপাল দিয়ে শাসকবৃন্দই

এতিয়া এওঁলোকৰ নাম দিয়া হৈছে  ৰাইনো

                                            

এয়া  হৈছে সাহিত্য অকাদেমী বঁটা বিজয়ী বিশিষ্ট কবি সনন্ত তাঁতিৰ বিখ্যাত কবিতা ‘ৰাইনো’ৰ কেইটামান শাৰী। ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকাই এখন সমাজ, এটা প্ৰজন্ম, একো একোখন ঘৰ, একো একোখন গাঁও কিদৰে বিধ্বস্ত কৰে সেয়া নকৈ অসমীয়া মানুহক বুজাই কোৱাৰ প্ৰয়োজন নাই৷ কবি সনন্ত তাঁতিৰ সেই ‘ৰাইনো’ শীৰ্ষক বিখ্যাত কবিতা সৃষ্টি হৈছিল বিগত শতিকাৰ শেষৰটো দশকৰ আৰম্ভণিতে সেনাবাহিনীৰ ৰাইনো অভিযানৰ নামত অসমত চলা ৰাষ্ট্ৰসন্ত্ৰাসক কেন্দ্ৰ কৰি৷ উগ্ৰবাদ দমনৰ নামত চলোৱা হৈছিল নিৰ্য্যাতন-হত্যা- ধৰ্ষণ ৷

সেনা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ শেহতীয়া উদাহৰণ এয়া৷ ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকা যে কেৱল জয়ন্তৰ ঘৰখনকেই ক্ষতিগ্ৰস্ত কৰিছে তেনে নহয়, অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশকেই সম্প্ৰতি ভাৰাক্ৰান্ত কৰি তুলিছে৷

শেহতীয়াকৈ অসমত যিধৰণৰ পৰিস্থিতি অব্যাহত আছে সেয়া ‘ৰাইনো’ৰ দিনতকৈ কোনোগুণে কম নহয়৷ অব্যাহত আছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন৷ যোৱা ১৫ জুন (২০২০ চন)ৰ মাজনিশা যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলা বালিজান গাঁৱৰ (গাভৰু ১৫নং ব্লকৰ) জয়ন্ত বৰা নামৰ ডেৰকুৰি বছৰীয়া যুৱক এজনক সেনা আৰক্ষীয়ে শোৱাপাটীৰ পৰা তুলি নি  হত্যা কৰে৷ ৩০ বছৰীয়া জয়ন্ত আছিল ঘৰখনৰ একমাত্ৰ পুত্ৰ৷ জয়ন্তৰ পিতৃ হেম বৰাই ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছে৷ হেম বৰাৰ পত্নী লীনা বৰাৰ বাবে জীৱনৰ প্ৰধান সাৰথি আছিল একমাত্ৰ পুত্ৰ৷ কিন্তু জয়ন্তক সেইনিশা আৰক্ষী সেনাবাহিনীয়ে ঘৰৰ পৰা লৈ গৈ এনেদৰে অত্যাচাৰ কৰিলে যে যুৱকজনৰ মৃত্যু হ’ল৷ নিঠৰুৱা হৈ পৰিল জয়ন্তৰ বিধৱা মাতৃ আৰু বৃদ্ধ আাইতাক৷ সেনা ৰাষ্ট্ৰসন্ত্ৰাসে একোখন ঘৰ নিশেষ কৰি দিয়াৰ শেহতীয়া উদাহৰণ এয়া৷ ৰাষ্ট্ৰসন্ত্ৰাসৰ বিভীষিকা যে কেৱল জয়ন্তৰ ঘৰখনকেই ক্ষতিগ্ৰস্ত কৰিছে তেনে নহয়, অঞ্চলটোৰ স্বাভাৱিক পৰিৱেশকেই সম্প্ৰতি ভাৰাক্ৰান্ত কৰি তুলিছে৷

জয়ন্ত বৰা। ফটো উৎস : সামাজিক মাধ্যম

জয়ন্ত বৰাৰ এই ঘটনাৰ পূৰ্বে আমি ব্যক্তিগত ভাৱে উজনি অসমৰ কেবাটাও পৰিয়ালক সাক্ষাৎ কৰিছিলোঁ৷ তিনিচুকীয়া জিলাৰ পুৰণি খন্তাপুং গাঁৱৰ বহাগী চুতীয়া নামৰ বিধৱা মহিলাগৰাকীৰ পুত্ৰ দ্বীপ চুতীয়াও বলি হৈছিল ৰাষ্ট্ৰসন্ত্ৰাসৰ ৷

২০১৬ চনৰ ১৪ ডিচেম্বৰৰ দিনা দ্বীপ চুতীয়াক হত্যা কৰিছিল সেনাবাহিনীয়ে৷ দৰিদ্ৰ ঘৰখনৰ বাবে দ্বীপ আছিল একমাত্ৰ উৰ্পাজনকৰ্তা ব্যক্তি৷ স্থানীয় বিলত মাছ মাৰি বিক্ৰী কৰি পৰিয়ালটো চলাইছিল দ্বীপে৷ পিতৃ বিয়োগৰ পিছত বিধবা মাতৃ বহাগী চুতীয়া আৰু আইতাকৰ বাবে একমাত্ৰ ভৰসা আছিল দ্বীপ৷ পিছে এদিন মাছ ধৰা জাল কিনিবলৈ যোৱা দ্বীপ ঘৰলৈ ঘুৰি নাহিল৷ সেনাবাহিনীয়ে আলফা সন্দেহত অৰুণাচল সীমান্তত গুলীয়াই হত্যা কৰিলে দ্বীপক৷ চিৰদিনৰ বাবে নিঠৰুৱা হৈ পৰিল বহাগীৰ জীৱন ৷ ঠিক একেদৰে তিনিচুকীয়া জিলাৰে দীঘলীপথাৰ গাঁৱৰ ১৬ বছৰীয়া কিশোৰ অনুপম মৰানকো সেনাই আলফা সজাই হত্যা কৰিছিল৷ ফুৰিবলৈ যোৱা অনুপম সন্ধানহীন হৈছিল আৰু পিছত মৃতদেহ হৈ উভতি আহিছিল৷ বুকুত সেনাবাহিনীৰ আগ্নেয়াস্ত্ৰৰ গুলি ৷

আনহাতে, আমি এনে কেইটামান পৰিয়ালক সাক্ষাৎ কৰিছিলোঁ যিকেইটা পৰিয়ালক সেনাবাহিনীয়ে নিৰ্মমভাবে অত্যাচাৰ চলাইছিল৷ যাৰ বাবে তেওঁলোকে পিচৰ পৰ্য্যায়ত স্বাভাৱিকভাৱে কাম বন কৰিব নোৱৰা হৈ পৰিছিল৷ লগতে মনত এক আতংক কঢ়িয়াই লৈ ফুৰিছিল৷ অৰ্থাৎ ৰাষ্ট্ৰসন্ত্ৰাসে তেওঁলোকক উপহাৰ দিছিল বিধ্বস্ত শৰীৰ আৰু কাঢ়ি নিছিল শংকামুক্ত মনৰ জীৱন৷

অনুপমৰ পৰিয়ালটো দ্বীপৰ পৰিয়ালটো আজিও ন্যায়প্ৰাপ্তিৰ পৰা বহু দূৰৈত৷ সেইদৰে জিলাখনৰ মতাপুং গাঁৱৰ দেবেশ্বৰ মৰান আৰু ৰত্নেশ্বৰী মৰানৰ পুত্ৰ জনক মৰানক ২০১১ চনৰ ২৫ ডিচেম্বৰৰ নিশা সেনাবাহিনীয়ে ধৰা নি অৰুণাচলৰ লোহিত জিলালৈ লৈ গৈ ভুৱা সংঘৰ্ষৰে হত্যা কৰিছিল ৷ একেদৰে গাঁৱখনৰ ধীৰাজ দুৱৰা আৰু শিৱ মৰানকো ভুৱা সংঘৰ্ষৰে সেনাবাহিনীয়ে হত্যা কৰিছিল৷ এয়া বিগত বছৰৰ কেইটামান পৰিক্ৰমা৷ আনহাতে, আমি এনে কেইটামান পৰিয়ালক সাক্ষাৎ কৰিছিলোঁ যিকেইটা পৰিয়ালক সেনাবাহিনীয়ে নিৰ্মমভাবে অত্যাচাৰ চলাইছিল৷ যাৰ বাবে তেওঁলোকে পিচৰ পৰ্য্যায়ত স্বাভাৱিকভাৱে কাম বন কৰিব নোৱৰা হৈ পৰিছিল৷ লগতে মনত এক আতংক কঢ়িয়াই লৈ ফুৰিছিল৷ অৰ্থাৎ ৰাষ্ট্ৰসন্ত্ৰাসে তেওঁলোকক উপহাৰ দিছিল বিধ্বস্ত শৰীৰ আৰু কাঢ়ি নিছিল শংকামুক্ত মনৰ জীৱন৷ উদাহৰণস্বৰূপে, তিনিচুকীয়া জিলাৰ ডিমৰুহোলা গাঁৱৰ দ্বীপ মৰান, সোণোৱাল গাঁৱৰ পোনাৰাম সোণোৱাল৷ চৰাইদেউ জিলাৰ কানু খনিকৰ৷ যাদৱ ফুকনৰ দৰে যুৱক এতিয়া শয্যাশায়ী৷ উল্লেখ্য যে, যোৱা পোন্ধৰ জুনত তিতাবৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাক নিৰ্য্যাতন চলাই হত্যা কৰা সেনাবাহিনী চৰাইদেউ শিবিৰৰ পৰাই গৈছিল বুলি প্ৰকাশ৷ অৱশ্যে লগত আছিল স্থানীয় আৰক্ষী৷

কাৰ্টুন: নিতুপৰ্ণ ৰাজবংশী

যি নহওক, অতি সম্প্ৰতি ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰসন্ত্ৰাস, মানৱ অধিকাৰ উলংঘনৰ ঘটনা৷ অপাৰেচন বজৰং, ৰাইনোৰ সময়ত যিদৰে ৰাজ্যত বহু নাৰী ধৰ্ষিতা হৈছিল, প্ৰাণ দিবলগীয়া হৈছিল ভনীমাই দত্ত ,ৰাজু বৰুৱা বীণা দাসৰ দৰে নাৰীয়ে সেইদৰে অজস্ৰ তেজাল যুৱকে ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হৈ প্ৰাণ দিবলগীয়া হৈছিল অসমত৷ কেৱল উগ্ৰবাদ দমনৰ নামত বছৰৰ পিছত বছৰ চলা নিপীড়নে অসমৰ সমাজ জীৱনক বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ ১৯৯৮ চনৰ পৰা ২০০১ চন পৰ্য্যন্ত ৰাজ্যত অব্যাহত থকা  গুপ্তহত্যাৰ ঘটনালানি আজি কোনেও পাহৰিব নোৱাৰ৷ শিৱসাগৰৰ উমাকান্ত গগৈৰ পৰিয়ালটোক হত্যা কৰি বোমাৰে উৰুৱাই দিয়াৰ পিছত পৰিয়ালটোৰ সদস্যসকলৰ দেহৰ মাংসপিণ্ডবোৰ অত ত’ত চিটিকি পৰি ৰোৱাৰ দৃশ্য কোনে পাহৰিব পাৰিব? যিদৰে পাহৰিব নোৱাৰি নলবাৰীৰ বৰমাৰ ধৰনীধৰ দাসৰ পৰিয়ালটোৰ কথা৷

কিন্তু প্ৰশ্ন উঠিছে, সশস্ত্ৰ বিদ্ৰোহ দমনৰ নামত বছৰৰ পিছত বছৰ কিয় শাসকপক্ষই অব্যাহত ৰাখিছে ৰাষ্ট্ৰসন্ত্ৰাস? বিদ্ৰোহ বা উগ্ৰপন্থা দমনৰ নামত ৰাষ্ট্ৰযন্ত্ৰই এফালে হত্যা নিৰ্য্যাতনৰ খেল খেলি গৈছে, আনফালে আত্মসমৰ্পণ, অস্ত্ৰসম্বৰণ,আলোচনাৰ নাটক কৰি আন এচাম মূলসুঁতিৰ উগ্ৰপন্থীক সন্ত্ৰাস চলাবলৈ এৰি দিছে? বিটিএডিৰ শেহতীয়া অৱস্থাই সেই কথাকেই প্ৰমাণ কৰে৷ এসময়ত উগ্ৰপন্থীয়ে ধনদাবী অপহৰণ হত্যাত লিপ্ত হৈছিল, এতিয়া  ধনদাবীত লিপ্ত হৈছে মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থী৷ এনে পৰিস্থিতিয়ে ৰাজ্যৰ স্বাভাৱিক জীৱনত বৰ বেয়াকৈ প্ৰভাৱিত কৰিছে৷ সকলোতকৈ ডাঙৰ কথা এয়াই যে, আজিও ৰাজ্যত সন্ত্ৰাস দমনৰ নামত মাজনিশা দুৱাৰত ঢকিয়াই, বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি যুৱকক ধৰি নি মৃত্যু মুখলৈ ঠেলি দিয়া হৈছে নিৰ্বিচাৰ অত্যাচাৰ চলাই৷ মানৱ অধিকাৰ উলংঘনৰ এনে ঘটনাই আজিৰ সমাজক সন্ত্ৰস্ত কৰি তুলিছে৷

বিদ্ৰোহ বা উগ্ৰপন্থা দমনৰ নামত ৰাষ্ট্ৰযন্ত্ৰই এফালে হত্যা নিৰ্য্যাতনৰ খেল খেলি গৈছে, আনফালে আত্মসমৰ্পণ, অস্ত্ৰসম্বৰণ,আলোচনাৰ নাটক কৰি আন এচাম মূলসুঁতিৰ উগ্ৰপন্থীক সন্ত্ৰাস চলাবলৈ এৰি দিছে?

বিগত দিনবোৰত সংঘটিত এনে মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সতে জড়িত কোন কিমানজন দোষীয়ে শাস্তি পালে, সেই প্ৰশ্নৰ উত্তৰ শূন্য৷ কেৱল  ভূক্তভোগী পৰিয়ালে কঢ়িয়াই লৈ ফুৰিছে বিষাদগধূৰ হৃদয়৷ বৃহত্তৰ অসমীয়া সমাজে দেখিছে ন্যায় প্ৰদানৰ নামত প্ৰশাসনৰ তদন্তকাৰী বিভাগৰ নাটক৷ ন্যায়প্ৰাপ্তিৰ অপেক্ষাৰে ৰৈ থকা ভূক্তভোগী পৰিয়ালৰ প্ৰতিদিনৰ হুমুনিয়াহবোৰ ক্ৰমশঃ আশাহীন ভাৱনালৈ ৰূপান্তৰিত হৈ আহিছে৷ সমান্তৰালকৈ সাধাৰণ জনতাৰ ন্যায়পালিকাৰ প্ৰতি আস্থা-বিশ্বাস আছে নে সেয়াও এক প্ৰশ্ন হিচাপে পৰিগণিত হৈছে৷ লগতে প্ৰশ্ন জাগিছে সকলোৰে মনত- ৰাস্ট্ৰসন্ত্ৰাসে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নেকি?নিৰাপত্তাহীন হৈ পৰিব নেকি অসমীয়া মানুহৰ জীৱন? নে সনন্ত তাঁতিৰ দৰে কবিয়ে আকৌ লিখিবলগীয়া হ’ব ‘ৰাইনো’ৰ দৰে ৰাষ্ট্ৰসন্ত্ৰাসে বিধ্বস্ত কৰা অসমৰ সমাজ জীৱন বিষয়ক আন এক কবিতা!!

 

 

Previous বলয়ৰ প্ৰলয়!
Next হাৰিবলৈও শিকোচোন কেতিয়াবা