নিজৰ এই একান্ত সময়খিনিকেই লৈ তেওঁ জীয়াই থাকিব খোজে। অকল জীয়াই থকাটোৱেই যে কথা তেনে নহয়, তেওঁ কিদৰে জীয়াই আছে সেই কথাবোৰ আন দহজনকো জনাব খোজে। জীয়াই থকাটো তেওঁৰ বাবে বিলাসিতা নহয়। অতি সাধাৰণভাৱে এই সময়ক লৈ তেওঁ জীৱনটো যাপন অথবা উদ্‌যাপন কৰিব খোজে। তেওঁৰ এই জীয়াই থকাৰ তাড়নাত সৃষ্টি হৈছে এনে কিছু ছবি, য’ত সহজেই নাৰীৰ মনস্তত্ব আৰু এই নিসৰ্গৰ বৰ্ণমালা খোদিত হৈছে। জীৱনক আৰু এখন পৃথিৱীৰে যুকিয়াই চাবলৈ তেওঁ মাধ্যম হিচাপে বাচি লৈছে ছবি। আৰু সেয়ে তেওঁৰ ছবিবোৰে কৈ আছে তেওঁৰেই আত্মকথা। এ জাৰ্ণি অৱ থ’টছ শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীৰে তেওঁ নিসৰ্গ আৰু নাৰী মনস্তত্ব বিষয়ক লৈ শেহতীয়াকৈ পাতিছে এনে কিছু কথা।


চিত্ৰশিল্পী বন্দনা নাথ। ছবিৰেই নিজৰ সময়খিনিক জীয়াই তুলিব খোজা শিল্পীগৰাকীৰ ৩৭খন ছবিৰে গুৱাহাটী আৰ্টিষ্টছ্‌ গীল্ডত প্ৰদৰ্শিত হৈ আছে এখন একক চিত্ৰ প্ৰদৰ্শনী। চিত্ৰাংকনৰ শিক্ষক নাথে ২০১৫ চনৰ পৰা সৃষ্টিশীল ছবিৰ মাজেদি নিজৰ মনৰ কথা কৈ আহিছে।

জীয়াই থকাটো তেওঁৰ বাবে বিলাসিতা নহয়। অতি সাধাৰণভাৱে এই সময়ক লৈ তেওঁ জীৱনটো যাপন অথবা উদ্‌যাপন কৰিব খোজে। তেওঁৰ এই জীয়াই থকাৰ তাড়নাত সৃষ্টি হৈছে এনে কিছু ছবি, য’ত সহজেই নাৰীৰ মনস্তত্ব আৰু এই নিসৰ্গৰ বৰ্ণমালা খোদিত হৈছে।

প্ৰকৃতি বিষয়ক লৈ ছবি আঁকি ভালপোৱা নাথৰ এইখন দ্বিতীয় একক চিত্ৰ প্ৰদৰ্শনী।যোৱা ৬ ফেব্ৰুৱাৰীত প্ৰদৰ্শনীখন উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য্যশিল্পী বীৰেন সিংহই। উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে শিল্পী আমিনুল হক আৰু সঞ্জীৱ গোঁহাই বৰুৱা।প্ৰদৰ্শনীখন অহা ১২ ফেব্ৰুৱাৰীত সামৰণি পৰিব। উল্লেখযোগ্য যে, প্ৰকৃতি, নাৰী আৰু নাৰীৰ মনস্তত্ব, আৱেগক লৈ এক্ৰিলিক, পানী ৰং আৰু পেঞ্চিল মাধ্যমত  অংকিত ছবিসমূহে বহন কৰিছে নান্দনিকতা। নিসৰ্গৰ সেই ৰহস্যময়তাৰে গছ, ফুল, চৰাই, হাবিয়নি পথৰ মাজত ছাঁ-পোহৰৰ ঘনঘোৰ কথাবোৰ পোনপটীয়া অথবা আৱেগগধুৰ বিমূৰ্ত।

আনহাতে নাৰীৰ আৱেগ আৰু মনস্তত্বত ক্ৰিয়া কৰি থকা বহুবোৰ ৰহস্য, জটিলতা, সৰলতা, কাৰুণ্য আৰু একাকীত্বক কৌশলী সুষমাৰে অন্তৰ্ভেদী যোৱাকৈ পোহৰলৈ আনিছে শিল্পী বন্দনা নাথে। একোটা ছন্দবদ্ধ কবিতাৰ লেখীয়াকৈ ছবিসমূহ আগবাঢ়িছে, কিন্তু ই ব্যাকৰগতভাৱে স্থিৰ হৈ থকা নাই, শিল্পীৰ ভাৱৰ স্বাধীনতাৰ দৰেই ছবিসমুহ নিজৰ নিজৰ ঠাইত স্বাভিমানী আৰু স্বাধীন ৰূপ লৈছে, আৰু তাতেই শিল্পীৰ সাৰ্থকতা। ইতিমধ্যে ছবিসমূহে দৰ্শকৰ সমাদৰ পাইছে। চিত্ৰৰসিক দৰ্শকে এই ছবিৰ পটত বিচাৰি পাইছে নিজক।নিজৰ ছবি আৰু ছবিৰ মাজত নিজক কঢ়িয়াই লৈ ফুৰা শিল্পী বন্দনা নাথে বিৰিয়াৰ আগত কয়- নিজৰ সময়খিনিক লৈ যাতে জীয়াই থাকিব পাৰো তাৰবাবে মই ছবি আঁকো। মোৰ ছবিৰে আন মানুহেও যাতে জীৱনক লৈ জীয়াই থাকিব পাৰে তাৰবাবে মই চেষ্টা কৰিছো। তেওঁ লগতে সংযোজন কৰি কয়- প্ৰকৃতি মোৰ প্ৰিয় বিষয়, প্ৰকৃতিৰ মাজতেই নিজক বিচাৰি পাওঁ, সেইদৰে নাৰীৰ মনস্তত্বক লৈ বুজিব খোজো এই পৃথিৱীৰ ৰহস্য। 

 

নি ৰা

বিৰিয়াৰ শিল্প বিশ্লেষক

Previous সে উ জী  ত ন য়া!
Next ৰাজনীতি এক প্ৰফেচন হোৱা উচিত