শিল্পৰ নিলামী!


Biriyaa article on art auction

জীৱনকালত ‌ ভিনচেণ্ট‌ ‌ভেন‌ ‌গ’ঘৰ‌ ‌মাথোঁ‌ ‌এখনেই‌ ‌পেইণ্টিং‌ ‌বিক্ৰী‌ ‌হৈছিল। সেয়াও‌ ‌আছিল‌ ‌নিজ‌ ‌ভাতৃৰ‌ ‌যৎপৰোনাস্তি‌ ‌চেষ্টাৰ‌ মূৰকত। পাইছিল‌ ‌সামান্য‌ ‌কেইটামান‌ ‌ডলাৰ। জীৱনৰ‌ ‌৩৭‌ ‌টা‌ ‌বসন্ত‌ ‌চৰম‌ ‌দৰিদ্ৰতা‌ ‌আৰু‌ ‌মানসিক‌ ‌অসন্তুলনতাৰ‌ ‌ছত্ৰছায়াৰে‌ ‌পাৰ‌ ‌হৈছিল‌ ‌তেওঁৰ ‌নিজৰ‌ ‌জীৱন। পোৱা‌ ‌নাছিল‌ ‌কোনো‌ ‌স্বীকৃতি‌, ‌পোৱা‌ ‌নাছিল‌ ‌কাৰো‌ ‌বদান্যতা। আছিল‌ ‌সীমাহীন‌ ‌যন্ত্ৰণাদগ্ধ‌ ‌জীৱন‌ ‌আৰু‌ ‌ভয়ংকৰ‌ এক  ‌অসহায়বোধ। শেষত‌ ‌কি‌ ‌হ’ল?


দৰিদ্ৰতা‌ ‌আৰু‌ ‌জীৱনৰ‌ ‌সংশয়ৰ‌ ‌ফেৰেঙনিত‌ ‌অতিষ্ঠ‌ ‌হৈ ‌‌আজি‌ ‌কোনো‌ ‌মূল্যৰেই‌ ‌কিনিব‌ ‌নোৱাৰা‌ ‌নিজৰ‌ ‌মুৰটোতে‌ ‌দিলে‌ ‌গুলীয়াই। সৰ্বকালৰ‌ ‌মহান‌ ‌শিল্পী‌ ‌ভিনচেণ্ট‌ ‌ভেন‌ ‌গ’ঘৰ‌ ‌জীৱনৰ‌ ‌শেষ‌ ‌পৰিণতি‌ ‌সেয়াই‌ ‌আছিল- আত্মহত্যা। শতিকাৰ‌ ‌শেষত‌ ‌বিলিয়ন‌ ‌ডলাৰ‌ ‌মূল্যত‌ ‌বিক্ৰী‌ ‌হয়‌ ‌গ’ঘৰ‌ ‌ছবি। অভিজাত‌ক ‌সকলৰ‌ ‌প্ৰাসাদ কিম্বা ‌অট্টালিকাৰ‌ ‌মধ্যস্থলত‌ ‌থকা‌ ‌ৰঙীন‌ ‌ৱালত‌ ‌ওলমি‌ ‌থাকে‌  গ’ঘৰ ‌’দ্যা‌ ‌পটেট’‌ ‌ইটাৰচ্’‌। কোনোবা‌ ‌অৰ্ধনাঙঠ‌ ‌হিপ্পী‌ ‌নাইবা‌ ‌প্লেব’য়ৰ‌ ‌বাহুত‌ ‌’টাটু’‌ ‌কৰা‌ ‌থাকে‌ ‌ভিনচেণ্টৰ‌ ‌ক্ষুধাৰ্ত‌ ‌মুখায়ৱৰ‌ ‌চেল্ফপট্ৰেইট। অ’‌ ‌মোৰ‌ ‌নিৰ্বোধ‌ ‌ভিনচেণ্ট‌ ‌ভেন‌ ‌গ’ঘ- চিফিলিছ‌ ‌আৰু‌ ‌বুলেটৰ‌ ‌বাহিৰে‌ ‌একোৱেই‌ ‌দিব‌ ‌নোৱাৰিলো‌ ‌আমি‌ ‌তোমাক। নিলামৰ‌ ‌বজাৰত‌ ‌বৰ‌ ‌দাম‌ ‌উঠিছে‌ ‌তোমাৰ‌ ‌ছবিৰ‌ ‌ভিনচেণ্ট। তোমাৰ‌ ‌নামত‌ ‌আজি‌ ‌গোটেই‌ ‌বিশ্বকেই‌ ‌যেন‌ ‌নিলাম‌ ‌কৰি‌ ‌দিম। ‌ ‌

দীৰ্ঘদিনৰ‌ ‌পৰা এই‌ ‌বিশ্বত‌ ‌এনেদৰেই ‌ ‌চলি‌ ‌আহিছে‌ ‌সকলো। শিল্প‌ ‌আৰু‌ ‌সংগ্ৰামৰ‌ ‌নামত‌ ‌আপোচ‌ ‌আৰু‌ ‌গোলামী‌ ‌নকৰা সকলোক‌ ‌নিক্ষেপ‌ ‌কৰা‌ ‌হৈছে‌ ‌হয়‌ ‌পোতাশাললৈ ‌নহয়‌ ‌বিতাড়ন‌ ‌কৰা‌ ‌হৈছে‌ ‌স্বদেশৰ‌ ‌পৰা‌ ‌নহয়তো‌ তেওঁলোকৰ  ‌সৃষ্টিৰাজিক‌ ‌উপলুঙা‌ ‌বা‌ ‌কোনোধৰণৰ‌ ‌মূল্য‌ ‌নিদি‌য়াকৈ‌ ‌মানসিকভাৱে‌ হত্যা কৰি ‌তিল‌ ‌তিলকৈ‌ ‌ঠেলি‌ ‌দিয়া ‌ ‌হৈছে‌ ‌মৃত্যুৰ‌ ‌দুৱাৰদলিলৈকে। ‌ক’ব‌ ‌পাৰি‌ ‌কাফকাৰ‌ ‌কথা।


জীৱনৰ‌ ‌শেষ‌ ‌সময়ত‌ ‌সাংঘাতিকভাৱে ‌ ‌মানসিক‌ ‌হতাশাত‌ ‌ভুগিছিল‌ ‌কাফকা‌। নিজৰ‌ ‌সৃষ্টিৰাজিক‌ ‌লৈ‌ ‌নিজেই‌ ‌একধৰণৰ‌ ‌অসন্তুষ্টিত‌ ‌ভুগিছিল‌ ‌’মেটামৰফচিচ’ ‌ৰ‌ ‌গল্পকাৰজনে। ‌কাফকাৰ‌ ‌সাহিত্যকৰ্মক‌ ‌সেই‌ ‌সময়ৰ‌ ‌সুধী‌ ‌সমাজখনে‌ ‌কোনো‌ ‌ধৰণৰ‌ ‌স্বীকৃতি‌ ‌প্ৰদান‌ ‌কৰাৰ‌ ‌পৰা‌ ‌বিৰত‌ ‌আছিল। ‌ ‌সেইকাৰণেই‌ ‌তেওঁ‌ ‌সংগী ‌মেস্ক‌ ‌ব্ৰডক‌ ‌নিজৰ‌ ‌সমস্ত‌ ‌সৃষ্টিৰাজি‌- গল্প‌ ‌উপন্যাস‌ ‌সমূহক‌ ‌জ্বলাই‌ ‌দিবলৈ‌ ‌অনুৰোধ‌ ‌কৰিছিল। ‌‌কিন্তু‌ ‌সৌভাগ্য‌ ‌যে‌, ‌‌ মেস্ক‌ ‌ব্ৰডে‌ ‌সেই‌ ‌জ্বলাই‌ ‌দিয়া‌ ‌কামটো‌ ‌নকৰিলে‌, ‌নহ’লে‌ ‌হয়তো‌ ‌আজিৰ‌ ‌বিশ্বৰ‌ ‌মানুহে‌ ‌কাফকাৰ‌ ‌দৰে ‌ ‌মহান‌ ‌লিখক‌ ‌এজনক‌ ‌চিনিয়েই‌ ‌নাপালেহেঁতেন। ‌অচিনাকি‌ ‌হৈ‌ ‌থাকিলেহেঁতেন‌ ‌যাদুকৰী‌ ‌বাস্তৱতাবাদৰ‌ ‌পৃথিৱীখনৰ‌ ‌সৈতে। ‌ ‌কল্পনা‌ ‌কৰক- কিমান‌ ‌যন্ত্ৰণা‌ ‌আৰু‌ ‌নৈৰাশ্যৰ‌ ‌মুখামুখি‌ ‌হোৱাৰ‌ ‌পিছত‌ ‌এগৰাকী‌ ‌লিখকে‌ ‌নিজৰ‌ ‌সৃষ্টিৰাজিক‌ ‌জ্বলাই‌ ‌দিয়াৰ‌ ‌কথা‌ ‌চিন্তা‌ ‌কৰিব‌ ‌পাৰে‌‌? সেই‌ ‌যন্ত্ৰণাৰ‌ ‌ভৰ‌ ‌কিমান‌ ‌হ’ব‌ ‌পাৰে‌ ‌বাৰু? ‌ ‌জীৱনকালত‌ ‌কাফকাইও‌ ‌নাপালে‌ ‌এগৰাকী‌ ‌সাহিত্যিক‌ ‌হিচাপে‌ ‌বৌদ্ধিক‌ ‌সমাজখনৰ‌ ‌পৰা‌ ‌স্বীকৃতি। ‌ ‌কিন্তু‌ ‌মৃত্যুৰ‌ ‌পিছত‌ ‌তেওঁলোকক‌ ‌আমি‌ ‌তুলি‌ ‌ধৰিছো‌ ‌মূৰৰ‌ ‌ওপৰত‌ ‌আৰু‌ ‌আৰম্ভ‌ ‌কৰিছো‌ ‌ব্যৱসায়‌‌, মেলি‌ ‌দিছো‌ ‌নিলামৰ‌ ‌বজাৰ। ‌ ‌

‌ ‌

 

এই লাইক কমেণ্ট আৰু শ্বেয়াৰৰ দুনীয়াত কি বিক্ৰী হয় অধিকতৰভাৱে? কোনো বিপ্লৱী কবিৰ কবিতা? চিত্ৰশিল্পীৰ পেইন্টিং নে কোনো শিল্পী(?)ৰ অশ্লীল গালিৰ ভাইৰেল ভিডিঅবোৰ? সকলো পণ্য হোৱাৰ পিছতো কোনো অখ্যাত বাঁহীবাদক শিল্পীৰ জীৰ্ণ পঁজাত মৃত্যু হয় অনাহাৰে। গোলমী কৰিব নোৱাৰা চিত্ৰশিল্পীৰ জহি খহি যায় পঁজা। কিমানক প্ৰতাৰণা কৰিছো আমি, কিমানক এলাগী কৰি তিল-তিলকৈ ঠেলি দিছো মৃত্যুৰ মুখলৈ। তাৰ হিচাপ নাই। কিন্তু তাৰ পিচতো এচাম অন্তঃসাৰশূণ্য ব্যক্তিৰ বিভাজনকামী কথাত ভোল গৈ আমি বাৰম্বাৰ দুৰলৈ ঠেলি দিছো প্ৰতিভাধৰ লোকসকলক
‌‌

আমাৰ‌ ‌অসমতো‌ ‌সেই‌ ‌এলাগী‌ ‌মানুহবোৰৰ‌ ‌সংখ্যা‌ ‌কম‌ ‌নহয়। ‌ ‌এখন‌ ‌দীঘল‌ ‌তালিকাই‌ ‌হৈ‌ ‌যাব‌ ‌এই‌ ‌এলাগী‌ ‌মানুহবোৰৰ‌ ‌সংখ্যাৰে। ‌ ‌তাৰ‌ ‌মাজৰে‌ ‌দুগৰাকী‌ ‌মানৰ‌ ‌কথা‌ ‌ক’বই‌ ‌লাগিব। কমিউনিষ্ট‌ ‌বিষ্ণু‌ ‌ৰাভাক‌ ‌‌‌ ‌শিকলিৰে ‌বান্ধি‌ ৰাজপথেৰে  টানি  ‌লৈ‌ ‌যোৱা‌ ‌হৈছিল। ‌ ‌নিৰ্ধাৰণ‌ ‌কৰা‌ ‌হৈছিল‌ ‌ৰাভাৰ‌ ‌মূৰৰ‌ ‌মূল্য। ‌ ‌কাৰণ‌ ‌তেওঁ‌ ‌শিল্প,‌ সংগ্ৰাম‌ ‌আৰু‌ ‌জনতাৰ‌ ‌হকে‌ ‌থিয়‌ ‌দিছিল‌ ‌ৰাজপথত, মাত‌ ‌মাতিছিল‌ ‌বনুৱা‌ ‌হজুৱাৰ‌ ‌হ’কে। ‌গোটেই‌ ‌জীৱনটো‌ ‌শিল্প‌ ‌আৰু‌‌ সাধাৰণ‌ ‌জনতাৰ‌ ‌হকে‌ ‌মাত‌ ‌মাতি‌ ‌যোৱা‌ ‌বিষ্ণুৰাভাক‌ ‌আমি‌ ‌কি‌ ‌দিলো‌ ‌শেষত?এটা‌ ‌উপাধি৷ কলাগুৰু।

তাৰপিছত‌ প্ৰতি‌ ‌বছৰে‌ ২০‌ ‌জুনৰ‌ ‌দিনটোত‌ ‌’পৰজনমৰ‌ ‌শুভলগনত’ ‌গাই‌ ‌তেওঁক‌ ‌পাহৰি‌ ‌থাকো‌। সি‌ ‌লাগিলে‌ ‌চৰকাৰী‌ ‌পৃষ্ঠপোষকতাতেই‌ ‌হওক‌ ‌নাইবা‌ ‌কোনো‌ ‌বেচৰকাৰী‌ ‌অনুষ্ঠানে‌ ‌আয়োজন‌ ‌কৰা‌ ‌সাংস্কৃতিক‌ ‌অনুষ্ঠানতেই‌ ‌হওক। ‌আমি‌ ‌ৰাভাক‌ ‌প্ৰতিষ্ঠা‌ ‌কৰিব‌ ‌বিচাৰো‌ ‌প্ৰেম‌ ‌বিৰহৰ‌ ‌গান‌ ‌গোৱা‌ ‌এগৰাকী‌ ‌গায়ক‌ ‌আৰু‌ তাণ্ডৱ‌ ‌নৃত্য‌ ‌কৰা‌ ‌এগৰাকী‌ ‌নৃত্যশিল্পী‌ ‌হিচাপে। ‌এই‌ ‌’আইৰণি’‌‌টোৱে‌ ‌আমাৰ‌ ‌অসমীয়া‌ ‌সমাজখনক‌ ‌দ্বিধাগ্ৰস্ত‌ ‌কৰি‌ ‌ৰাখিছে‌ ‌বহু‌ ‌যুগ‌ ‌ধৰি‌। ৰাভাক‌ ‌অসমীয়া‌ ‌মধ্যবিত্তৰ‌ ‌সমাজখনে‌ ‌সদায় এলাগী‌ ‌কৰি‌ ‌কোনোবা‌ ‌এচুকত‌ ‌থৈ‌ ‌দিব‌ ‌বিচাৰে। মধ্যবিত্ত‌ ‌আৰু‌ ‌শাসকপক্ষই‌ ‌ৰাভাৰ‌ ‌সৈনিক‌ ‌শিল্পী‌ ‌চৰিত্ৰটোৰ‌ ‌সলনি‌ ‌প্ৰতিষ্ঠা‌ ‌কৰি‌ ‌আহিছে‌ ‌এগৰাকী‌ ‌প্ৰেম‌ ‌বিৰহৰ‌ ‌গীত‌ ‌কবিতা‌ ‌লিখা‌ ‌মানুহ‌ ‌হিচাপে। ইয়াৰ‌ ‌অন্তৰালত‌ ‌নিহিত‌ ‌হৈ‌ ‌আছে‌ ‌শাসক‌ ‌আৰু‌ ‌মধ্যবিত্ত‌চামৰ‌ ‌এক‌ ‌ভয়। কিজানি ‌ ‌নতুন‌ ‌চামৰ‌ ‌মাজত‌ ‌ৰাভাৰ‌ ‌বিপ্লৱী‌ ‌চৰিত্ৰটোৰ‌ ‌
প্ৰতিফলন ‌‌ঘটি‌ ‌ওফৰাই‌ ‌পেলায় ‌ ‌পুঁজিপতি‌ ‌আৰু‌ ‌কৰ্পৰেট‌ ‌গোষ্ঠীৰ‌ ‌শাসন, ওফৰাই‌ ‌দিয়ে‌ ‌মধ্যবিত্তৰ‌ ‌ভণ্ডামিবোৰ। ভয়‌ ‌ৰাভাৰ‌ ‌চিন্তা‌ ‌আৰু‌ ‌শ্ৰেণী-চেতনাকলৈ। ‌ ‌নহ’লে‌ ‌জানো‌ ‌অসম‌ ‌সাহিত্য‌ ‌সভাৰ‌ ‌দৰে‌ ‌সংগঠনে‌ ‌উলাই‌ ‌কৰে‌ ‌চলে‌ ‌ৰাভাক? ‌আজিৰ‌ ‌এই‌ ‌হিন্দুত্ববাদী‌ ‌চিন্তা‌ ‌চেতনাই‌ ‌পোখা‌ ‌মেলা‌ ‌সমাজত‌ ‌ৰাভাৰ‌ ‌শ্ৰেণীহীন‌ ‌সমাজবাদী‌ ‌আদৰ্শ‌ ‌নিশ্চয়কৈ‌ ‌ভয়ৰ‌ ‌কাৰণ। সেয়েহে‌ ‌হয়তো‌ ‌ৰাভাৰ‌ ‌নামতো‌ ‌নিলামৰ‌ ‌বজাৰ‌ ‌মেলি‌ ‌শিল্প‌ ‌আৰু‌ ‌পেইণ্টিঙৰ‌ ‌নামত‌ ‌এচামে‌ ‌কৰিব‌ ‌পাৰে‌ ‌বহুৱালি। ‌ ‌
বিষ্ণুৰাভাৰ দৰে মহান সংগ্ৰামী শিল্পী এগৰাকী অসমত জন্ম লৈ অসমীয়া জাতিৰ হ’কে আজীৱন যুঁজ দি গৈছিল অথচ আমি কদৰ কৰিব নাজিনিলো তেওঁক। অকল বিষ্ণুৰাভাকেই নে? উদাহৰণ অজস্ৰ আছে। ব্ৰজ শৰ্মাৰ কৰ্মৰাজি আৰু চিন্তাক তুলি ধৰা হৈছেনে অসম আৰু অসমীয়াৰ মাজত? তেওঁৰ সংগ্ৰামী সত্বা, শিল্পৰ প্ৰতি তেওঁৰ আকুণ্ঠ সমৰ্পণক আমি হৃদয়ঙ্গম কৰিছোনে? নাই, ব্ৰজ শৰ্মাও সদায় উপেক্ষিত হৈয়েই ৰ’ল।

এইক্ষেত্ৰত চৰকাৰী বিভাগে কিবা দায়িত্ব পালন কৰা উচিত নাছিল জানো? বছৰেকৰ অন্তত প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰিয়ে আমি সামৰিছো দায়িত্ব। গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ কথা নকলে জানো হ’ব। উপেক্ষিত সকলৰ তালিকাত ভট্টদেৱো অন্যতম। পুঁজিবাদৰ এই পণ্য পৃথিৱীত নীলামৰ বজাৰ মেলি এটা তথাকথিত ‘টক শ্ব’ পাতি কৰিব পাৰিমনে বিষ্ণুৰাভা-জ্যেতিপ্ৰসাদৰ  সঠিক মুল্যায়ণ৷ অম্বিকাগিৰি,পুৰুষোত্তম দাস, গোকুল পাঠক, নীলপৱন বৰুৱা, শোভা ব্ৰহ্ম,- আদি বহুজনক লৈ কৰিবলগা ভালেখিনিয়ে আছে এতিয়ালৈ৷

এই লাইক কমেণ্ট আৰু শ্বেয়াৰৰ দুনীয়াত কি বিক্ৰী হয় অধিকতৰভাৱে? কোনো বিপ্লৱী কবিৰ কবিতা? চিত্ৰশিল্পীৰ পেইন্টিং নে কোনো শিল্পী(?)ৰ অশ্লীল গালিৰ ভাইৰেল ভিডিঅবোৰ? সকলো পণ্য হোৱাৰ পিছতো কোনো অখ্যাত বাঁহীবাদক শিল্পীৰ জীৰ্ণ পঁজাত মৃত্যু হয় অনাহাৰে। গোলমী কৰিব নোৱাৰা চিত্ৰশিল্পীৰ জহি খহি যায় পঁজা। কিমানক প্ৰতাৰণা কৰিছো আমি, কিমানক এলাগী কৰি তিল-তিলকৈ ঠেলি দিছো মৃত্যুৰ মুখলৈ। তাৰ হিচাপ নাই। কিন্তু তাৰ পিচতো এচাম অন্তঃসাৰশূণ্য ব্যক্তিৰ বিভাজনকামী কথাত ভোল গৈ আমি বাৰম্বাৰ দুৰলৈ ঠেলি দিছো প্ৰতিভাধৰ লোকসকলক। শিল্প-কলা-সংস্কৃতিৰ মোল নুবুজাসকলৰ হাততে এৰি দিছো ভাল বেয়াৰ মাপকাঠি কৰাৰ তুলাচনী। অকল ব্যক্তি ক্ষেত্ৰতেই নহয় জাতিটোৰ বাবেও ই দুৰ্ভাগ্যজনক। সাম্প্ৰতিক সময়ত শিল্পীৰ সংজ্ঞাও যেন সলনি হৈ পৰিছে৷ মঞ্চত নাচি-বাগি গান গাব পৰাজনেই যেন শিল্পী৷ মুক্ত বজাৰ অৰ্থনীতি আৰু কাৰিকৰী চমকৰ কৃপাত কল্পনাতীতভাৱে সলনি হৈ পৰিছে শিল্প আৰু শিল্পীৰ সংজ্ঞা৷ আচল নকলৰ দোমাজাত পৰি শিল্পৰসিকসকল  হৈ পৰিছে বিভ্ৰান্ত৷ ইয়াৰ ফলত ক্ষতি হৈছে সৎ সাধনাৰে শিল্পকৰ্মৰ লগত নিমজ্জিত এচাম প্ৰকৃত সাধকৰ৷■ 

Previous তাপসৰ সোঁৱৰণত
Next কৰ'না ভাইৰাছ নে বিতৰ্ক?