কৌ মূৰ দাঙি উঠিব নেকি উত্তৰ-পুৰ্বাঞ্চলৰ জনগোষ্ঠীয় সংঘাটে? উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য অৰুণাচলৰ যোৱা দুদিনৰ ঘটনাৱলীয়ে তাৰেই ইংগিত বহন কৰিছে নেকি৷ নাগৰিকত্ব (সংশোধনী) বিধেয়কক লৈ চলি থকা সংগ্ৰাম প্ৰতিবাদৰ মাজতে পুনৰবাৰ অৰুণাচল উত্তপ্ত হৈ পৰিছে৷ ৰাজ্যখনৰ ৰাজধানী চহৰখনকে ধৰি অন্যান্য অঞ্চলত  যোৱা দুদিনত ঘটি যোৱা ঘটনাৱলীয়ে পুনৰবাৰ প্ৰমাণ কৰিব গৈ আছে ভূমিপূত্ৰৰ অস্তিত্বৰ সংকটৰ বেদনা আৰু তাৰ বহিৰ্প্ৰকাশক৷ কেন্দ্ৰীয় চৰকাৰৰ জোৰ-জুলুমকৈ জাপি দিব খোজা নীতিৰ বাবেই আজি জ্বলন্ত অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হৈছে সুৰ্য্য উদয় হোৱা ৰাজ্যখন৷ অৰুণাচলৰ বহিৰাগত জনজাতি লোকসকলক (মুঠ ছটা )স্হানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ(পি আৰ চি)প্ৰদান কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন হৈছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ৷

Photo credit: India today

উল্লেখ্য যে, অৰুণাচলত বসবাস কৰি অহা স্হানীয় জনজাতি লোকৰ উপৰিও  দেউৰী, সোণোৱাল-কছাৰী, মৰাণ, আদিবাসী, মিচিং আদি জনজাতি লোকসকলে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে৷ এইসকল লোকে দীৰ্ঘদিনৰ পৰা পি আৰ চি দাবী কৰি আহিছে৷  শিক্ষা, চাকৰি আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা স্হানীয় বসবাসকাৰীৰ প্ৰমাণ পত্ৰৰ বাবে জনাই অহা দাবীক অৰুণাচলৰ অন্যান্য জনজাতি লোকসকলে মানি লোৱা নাই৷ ৰাজ্যখনৰ জনজাতি লোকসকলে শংকিত হৈ পৰিছে যে, এইসকল লোকক পি আৰ চি প্ৰদান কৰিলে  ৰাজ্যখনলৈ অ-জনজাতি লোকৰ অবাধ প্ৰব্ৰজন ঘটিব আৰু শেষত ভাষা-সংস্কৃতিকে ধৰি ভৌগোলিক ক্ষেত্ৰতো ই ব্যাপক প্ৰভাৱ পেলাব৷ অৰুণাচল চৰকাৰে প্ৰবীণ ৰাজনৈতিক নেতা, ছাত্ৰনেতা আৰু বিভিন্ন সম্প্ৰদায়ৰ  ব্যক্তিৰ দ্বাৰা গঠন কৰি দিয়া ‘জইন্ট হাই পাৱাৰ কমিটি'(জে এইচ পি চি)ৰ সিদ্ধান্ত মানি লবলৈ অস্বীকাৰ কৰিছে৷ এই কমিটিয়ে পি আৰ চি প্ৰদানৰ বিষয়টোত ভুল বাখ্যা দাঙি ধৰা বুলি অভিযোগ আনিছে৷ চৰকাৰে গঠন কৰি দিয়া এই উচ্চস্তৰীয় কমিটিক মানি লোৱা নাই ৰাজ্যৰ ১৮ টাকৈ সংগঠনে৷ কেন্দ্ৰীয় চৰকাৰৰ এই জনজাতি বিৰোধী নীতিৰ প্ৰতিবাদ জনাই ১৮ সংগঠন মিলিত হৈ পি আৰ চি বাতিলৰ দাবীত ৪৮ ঘন্টা বন্ধ ঘোষণা কৰে৷

অৰুণাচলৰ বহিৰাগত জনজাতি লোকসকলক (মুঠ ছটা )স্হানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ(পি আৰ চি)প্ৰদান কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ গৈ প্ৰতিবাদৰ সন্মুখীন হৈছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ৷

যোৱা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচী ৪৮ ঘন্টা পাৰ হোৱাৰ পিচতো স্তব্ধ হোৱা নাই৷ প্ৰতিবাদকাৰীসকলে ব্যাপকভাবে হিংসাত্মক কাৰ্য্যযকলাপেৰে পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ বাতৰি পোৱা গৈছে৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যান বাহন জ্বলাই দিয়া হৈছে৷ ইটানগৰত অনুষ্ঠিত হ’ব লগা ছবি মহোৎসৱত ভাগ ল’বলৈ অহা শিল্পী, কলা-কুশলীকো আক্ৰমণ কৰা হৈছে৷ তেওঁলোকৰ যান বাহনৰ লগতে বাদ্যযন্ত্ৰৰো যথেষ্ট ক্ষতিসাধন কৰা বুলি বাতৰিত প্ৰকাশ৷ এই আক্ৰমণৰ পৰা সাৰি যোৱা নাই সংবাদ মাধ্যমৰ লোকো৷ প্ৰতিবাদকাৰীৰ এই  হিংসাত্মক কাৰ্য্যকলাপে পণবন্দী কৰি ৰাখিছে জনতাক৷

ইতিমধ্যে, গুলিচালনাৰ ঘটনাত এজন প্ৰতিবাদকাৰীৰ প্ৰাণ হানি হোৱাৰ লগতে কেবাজনো  লোক আহত হৈছে৷ অৰণাচলৰ এই অগ্নিগৰ্ভা পৰিস্থিতিৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচলৰ লোকসকলক শান্তি সম্প্ৰীতি  বৰ্তাই ৰখাৰ আহ্‌বান জনাইছে৷ ৰাজ্যচৰকাৰে  ইতিমধ্যে জাৰি কৰিছে সান্ধ্য আইন, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা৷ পৰিস্থিতিৰ যাতে অধিক অবনতি নঘটে চৰকাৰে তাৰ বাবে যথেষ্ট সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে ঠাই বিশেষে সেনাই ফ্লেগমাৰ্চো কৰিছে। পি আৰ চিৰ ক্ষেত্ৰত চৰকাৰে পূৰ্বতে লোৱা সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিবৰ হ’ল। অৰুণাচলী জনতাৰ ক্ষোভ আৰু দ্ৰোহক এইমুহূৰ্তত অৱজ্ঞা কৰা মানে পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে।

 অসমত প্ৰতিবাদ

ইফালে, অৰুণাচলী প্ৰতিবাদকাৰীয়ে অসমৰ পৰা যোৱা সংগীত শিল্পী আৰু কলা-কুশলীৰ দলৰ বাহন আৰু বদ্যযন্ত্ৰ জ্ব্লাই দিয়া কাৰ্য্যক তীব্ৰ নিন্দা কৰিছে অসমৰ শিল্পীসমাজে। আমন্ত্ৰিত শিল্পী দলৰ ওপৰত কৰা এই আক্ৰমণক সহজভাৱে ল’ব পৰা অসমৰ ৰাইজে। কোনোধৰণৰ বাচ-বিচাৰ নোহোৱাকৈ প্ৰতিবাদকাৰীয়ে চলোৱা এই আক্ৰমণে অতি কষ্টৰে বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি ঐয়াঙে-দৈয়াঙে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি ফুৰা শিল্পী, কলা-কুশলীসকলক ক্ষোভিত আৰু হতাশ কৰি তুলিছে। অন্যদিশে, অৰুণাচলৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰতিবাদকাৰীসকলে শিল্পীসকলক ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ আহ্বান জনাইছিল। অৱশ্যে এই লৈ আপত্তি কৰিছে অসমৰ শিল্পীসমাজে। আজি এই দুষ্কাৰ্য্যৰ প্ৰতিবাদত গুৱাহাটীত শিল্পীসমাজে মিছিলেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই দুষ্কাৰ্য্যক নিন্দা কৰে। 

 

বিৰিয়াৰ সাঁউৰি
Previous খাদ্য আৰু কৃষি সংস্থাৰ প্ৰতিবেদন: খাদ্য নিৰাপত্তালৈ ভাবুকি সমগ্ৰ বিশ্বতে
Next স্বতন্ত্রতা প্রাপ্তিৰ প্ৰথম খােজ