সম আন্দোলন আৰু তাৰপিছৰ সময়খিনিত অসম বন্ধ আমি বহুত দেখা পালোঁ। অসম বন্ধই অসমৰ বেছিভাগ ৰাইজক আমুৱাইছে। তাৰপিছতো কিন্তু আন্দোলনৰ গুৰুত্ব চাই ৰাইজে অসম বন্ধ মানিও লৈছে। কিন্তু এই বন্ধত জৰুৰীকালীন সেৱাবোৰ ৰেহাই দিয়া হয়। সিদিনা অসম বন্ধৰ কিছু সমৰ্থকে দুগৰাকী ডাক্তৰক কৰ্তব্যলৈ গৈ থকা অৱস্থাত শাৰীৰিক ভাৱে আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ গাড়ীখনৰো ক্ষতি সাধন কৰে । এয়া গৰিহণাৰ যোগ্য।

এনে আচৰণে আন্দোলনটোক সহায় কৰাৰ সলনি ক্ষতিহে কৰে। ৰাইজ অসন্তুষ্ট হৈ আন্দোলনৰ পৰা আঁতৰি অহাৰ সম্ভাৱনা থাকে। যিকোনো আন্দোলনৰ ক্ষেত্ৰতে নেতাসকলৰ দায়িত্ব বহুত বেছি। সমৰ্থক সকলক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। নহলে ভুৱা আন্দোলনকাৰী মাজত সোমাই আন্দোলনক বদনাম কৰাৰ ভয় থাকে।

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous গুৱাহাটীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহাৰ আহ্বান- এখনো আসনত নিজিকাব বিজেপিক
Next সে উ জী  ত ন য়া!