অসম বন্ধ


মাৰ অসমৰ বাবে অসম আন্দোলনে কিছুমান বস্তু দি থৈ গ’ল। বঙাইগাওঁ শোধনাগাৰ, তেজপুৰ বিশ্ববিদ্যালয়, আই.আই.টি গুৱাহাটী, অশোক পেপাৰ মিলৰ কথা বাৰু ৰাইজে জানে। কিন্তু দ্ব্যৰ্থহীনভাৱে মই এইটো ক’ব খোজো যে, অসম আন্দোলনৰ আটাইতকৈ ডাঙৰ অৱদান হ’ল ‘অসম বন্ধ’। মহাৰাষ্ট্ৰত শিৱ সেনা বা এম.এন.এচ এ বন্ধ দিলে সমগ্ৰ ৰাজ্য বন্ধ হয়, পঞ্জাবত শিৰোমণি আকালি দল বা খালিষ্টানিবোৰে আহ্বান কৰিলে আগতে বন্ধ হৈছিল। কিন্তু অসম এই ক্ষেত্ৰত ব্যতিক্ৰম। আমাৰ ইয়াৰ বন্ধবোৰৰ আটাইতকৈ ডাঙৰ বেনিফিট এইটোৱেই যে আমাৰ ইয়াত তুমি বা ময়ো বন্ধ দিব পাৰো। কোনো সংগঠন নালাগে, কোনো পূৰ্ব জাননি নালাগে, কোনো পাৰ্মিশ্বন নালাগে। অকল এটা দৃঢ় মন লাগে যে আজি মই অসমখন বন্ধ কৰিমেই। হাতত লাঠি এদাল লৈ টং টং কৰি দোকানৰ শ্বাটাৰত তিনিবাৰ মান মাৰি দিয়ক আৰু দহ মিনিটৰ ভিতৰত চুবুৰিৰ সকলো দোকান-পোহাৰ বন্ধ। সাধাৰণ ৰাইজৰ বাবে ইয়াতকৈ আৰু শক্তিশালী উপাদান কি হ’ব পাৰে আপুনিয়ে কওকচোন? মই ভাবি থৈছো কাইলৈ মই অসম বন্ধ দিম। কাৰণ মোৰ পেটটো ভাল হৈ থকা নাই। মোৰ পেট বিষোৱাৰ চেলু লৈ কাইলৈ অসম বন্ধ দিম ‘সদৌ অসম বদহজমি সন্থা’ৰ বেনাৰত। সহযোগ কৰিব বুলি আশা ৰাখিলো। সহযোগ নকৰিলে টায়াৰ জ্বলাম। কথা সিমানেই। 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous ভূপেন হাজৰিকা- এজ্‌ আই নিউ হিম
Next ৰিজাল্ট