বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ শুনিলো। অসম চুক্তি ৰূপায়ণ আৰু অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা স্থিতি বিশেষকৈ চুক্তিৰ ৫ নং দফা এন আৰ চিৰ যোগেদি কাৰ্য্যকৰী কৰা আৰু ৬ নং দফাৰ বাবে সমিতি গঠন কৰাৰ কথা যেনেদৰে উপস্থাপন কৰিছে সাধাৰণ ৰাইজ পতিয়ন যাব। ছ’চিয়েল মিডিয়াতো মুখ্যমন্ত্ৰী সোণোৱালৰ ভাষণ সম্প্ৰচাৰ কৰা হৈছে। ৰাইজে চাই ভালেই পাব।

কথা হ’ল সোণোৱালে বুজি পোৱা কথাটো মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ জোৰাম থাংগা, মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ স্বয়ং বিজেপি নেতৃত্বই বুজি পোৱা নাই কিয়?

https://biriyaa.com/

সোণোৱালে কৈছে, অসমৰ মানুহে ভয় খোৱাৰ কোনো কাৰণ নাই আৰু হিন্দু মুছলমান সকলোৱে মিলাপ্ৰীতিৰে শংকৰ-মাধৱ-আজান ফকীৰৰ দেশত থাকিব পাৰিব। মুখ্যমন্ত্ৰীজনৰ এই ভাষণ নিৰ্বাচনকেন্দ্ৰিক নে আন্তৰিকতাৰে ভৰা সেই কথা একেষাৰে কৈ দিব নোৱাৰি। তেখেতে সকলো মন্ত্ৰী-বিধায়ক আন্তৰিকতাৰে কাম কৰিবৰ বাবে আহ্বান জনাইছে। কিন্তু কথা হ’ল সোণোৱালে বুজি পোৱা কথাটো মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ জোৰাম থাংগা, মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ স্বয়ং বিজেপি নেতৃত্বই বুজি পোৱা নাই কিয়? সোণোৱালৰ একালৰ সতীৰ্থ সমুজ্জ্বল ভট্টাচাৰ্য্য ইমান বেঙা নে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্য্যকৰী অসমৰ স্বাৰ্থত কৰিব বিচৰা কথাটো হৃদয়ংগম কৰিব পৰা নাই।

https://biriyaa.com/

সেই কথা সময়লৈ থলো। আজি বিধানসভা উত্তপ্ত হ’ল। কংগ্ৰেছ আৰু অগপৰ দুটা বিশেষ পইণ্ট অব অৰ্ডাৰক লৈ। কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ এজন মন্ত্ৰী  (নক’লেও হ’ব সেইজন হিমন্ত বিশ্ব শৰ্মা) সাৰদা কেলেংকাৰিত জড়িত আৰু সেই বিষয়ে সদনত আলোচনা হ’ব লাগে। অধ্যক্ষই অনুমতি দিয়ে কেনেকৈ? কংগ্ৰেছী বিধায়কসকল সদন ত্যাগ কৰিবলৈ বাধ্য হ’ল। আন এটা বিষয়ত প্ৰশ্ন কৰিলে অগপই।

কিন্তু বিধানসভালৈ গ’ল যদিও মন্ত্ৰী হিমন্তই আজি সাংবাদিকৰ গা এৰি চলিলে।

https://biriyaa.com/
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কথাই প্ৰতি তেঁও অসম চুক্তি স্বাক্ষৰকাৰী বুলি ক’বলৈ ধৰিলে। অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পাটোৱাৰীক উভতি ধৰি আপুনি মিথ্যাচাৰী, চুক্তি স্বাক্ষৰকাৰী নহয় বুলি কোৱাৰ লগতে পাটোৱাৰীয়ে অসম চুক্তি ৰূপায়ণত চৰকাৰৰ সদিচ্ছা থকাৰ কথা বিভ্ৰান্তিমূলক বুলি সদন ত্যাগ কৰে। বিধানসভাত সকলোৱে আশা কৰিছিল বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিবৃতি দিব। চিবিআইৰ সাৰদা কেলেংকাৰী সন্দৰ্ভত তেখেতক জেৰা কৰিছিল বুলি কংগ্ৰেছে কৰা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰীজনে আত্মপক্ষ সমৰ্থন কৰিব।
কিন্তু বিধানসভালৈ গ’ল যদিও মন্ত্ৰী হিমন্তই আজি সাংবাদিকৰ গা এৰি চলিলে।   ক্ৰমশঃ
বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous মানৱৰ সুৰক্ষা কৱচ মানৱ অধিকাৰ আইন 
Next আপুনি এজন যোদ্ধা : পৰীক্ষাৰ বতৰতেই ষ্ট্ৰেছক জীৱনীশক্তি কৰি তোলক

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে