ৰাজ্যত বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে অনুকূল পৰিৱেশ গঠনৰ উদ্দেশ্যৰে প্ৰদান কৰি অহা ৰাজ্যিক বিজ্ঞান বঁটাৰ ২০১৯ চনৰ প্ৰাপকসকলৰ নাম আজি ঘোষণা কৰা হয়।

ড০ ভূপেন্দ্ৰ নাথ গোস্বামী

এই বৰ্ষত বৈজ্ঞানিক উৎকৰ্ষতাৰ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হৈছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা বিজয়ী প্ৰথিতযশা বতৰবিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীলৈ। পুনেস্থিত ভাৰতীয় ক্ৰান্তীয় বতৰবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে গুৰুদায়িত্ব পালন কৰি অহা ড০ গোস্বামীৰ মৌচুমী জলবায়ু সম্পৰ্কীয় গৱেষণা তথা ভাৰত মহাসাগৰে ভাৰতীয় উপমহাদেশীয় জলবায়ুত পেলোৱা প্ৰভাৱ সম্পৰ্কে কৰা আৱিস্কাৰক ভাৰতীয় বতৰ বিজ্ঞানত এক নতুন বাটকটীয়া হিচাপে গণ্য কৰা হয়। উল্লেখ্য যে, বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানতো দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা ড০ গোস্বামী বৰ্তমান কটন বিশ্ববিদ্যালয়ত এছইআৰবি ফেল’ হিচাপে কৰ্মৰত। ভাৰত মহাসাগৰৰ দ্বিমেৰু প্ৰকৃতিক পোনপ্ৰথমবাৰলৈ আৱিস্কাৰ কৰাৰ কৃতিত্বৰে বিভূষিত ড০ গোস্বামীয়ে দেশৰ কেওখন বিজ্ঞান একাডেমীৰো ফেল’ হিচাপে স্বীকৃতি লাভ কৰিছে।

ড০ মনষিতা বৰা

অন্যহাতে, নতুন প্ৰজন্মক বৈজ্ঞানিক গৱেষণাৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে প্ৰদান কৰা ৰাজ্যিক যুৱ বিজ্ঞানীৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগৰ সহকাৰি অধ্যাপিকা ড০ মনষিতা বৰা।  শৈক্ষিক তথা গৱেষণা জীৱনত যথেষ্ট পাৰদৰ্শিতাৰ চানেকি দিয়া ড০ বৰাৰ  কেবাখনো গৱেষণা পত্ৰ  আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে।

ড০ গোস্বামীৰ মৌচুমী জলবায়ু সম্পৰ্কীয় গৱেষণা তথা ভাৰত মহাসাগৰে ভাৰতীয় উপমহাদেশীয় জলবায়ুত পেলোৱা প্ৰভাৱ সম্পৰ্কে কৰা আৱিস্কাৰক ভাৰতীয় বতৰ বিজ্ঞানত এক নতুন বাটকটীয়া হিচাপে গণ্য কৰা হয়। 

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে ২০১৭ চনৰে পৰা দি অহা এই বঁটাৰ অধীনত বিজ্ঞান জনপ্ৰিয়কৰণ তথা প্ৰসাৰত ব্ৰতী ৰাজ্যিক সংস্থাৰ বঁটাৰে এইবাৰ বিভূষিত কৰা হৈছে যোৰহাটস্থিত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (পূৰ্বৰ আৰ আৰ এল, এতিয়াৰ নেইষ্ট)ক। উল্লেখ্য যে, অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৱৰে অগ্ৰণী বিজ্ঞান প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠাৰ দিনৰে পৰা ১৩০ টাতকৈও অধিক নতুন প্ৰযুক্তি, প্ৰায় ৪৮ টা আন্তৰ্জাতিক পেটেণ্ট, ৩২১ টা ৰাষ্ট্ৰীয় পেটেন্ট লাভ কৰাৰ ওপৰিও, বিভিন্ন উদ্ভাৱনেৰে অঞ্চলটোৰ মুঠ ৩০,০০০ টাকৈও অধিক জনজাতীয় পৰিয়ালক জীৱিকাৰ ক্ষেত্ৰত সহায় কৰিবলৈ সক্ষম হৈছে।

উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড০ অৰূপ কুমাৰ মিশ্ৰই এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা তথ্য অনুসৰি অহা ৫ মাৰ্চ, ২০১৯ তাৰিখে, গুৱাহাটীত থকা অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত আয়োজিত হ’বলগীয়া এক ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। উল্লেখ্য যে, এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত মাণ্ডলিক ভিত্তিত আয়োজিত কাৰ্য্যসূচীত পাৰদৰ্শিতা দেখুওৱা শিশুসকলকো পুৰস্কৃত কৰা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ কৰা হৈছে।

বিৰিয়াৰ সাঁউৰি
Previous দাফাদাৰ!
Next বিজ্ঞান চৰ্চা