জন তাৰকাৰ জীৱনৰ মূল্য হাজাৰ হাজাৰ কৃষকৰ জীৱনতকৈ অধিক! ভাৰতীয় দৰ্শন মতে, আত্মহত্যা মহাপাপ। বহু জনমৰ পুণ্যৰ ফলত হে হেনো মানৱ জীৱন লাভ কৰা হয়। গতিকে তেনে এটা বিৰল জীৱনক নিজ হাতে বিনষ্ট কৰাটোও মহাপাপ। এনে ধৰ্মীয় বিশ্বাসৰ ফলশ্ৰুতিতে আত্মহত্যা কৰা লোকৰ শ্ৰাদ্ধাদিও বৈদিক প্ৰথামতে নিষিদ্ধ। আনকি ভাৰতীয় সমাজত লোকবিশ্বাস মতেও আত্মহত্যা কৰা লোকৰ আত্মাই মুক্তি লাভ নকৰে। আপোনঘাতী হোৱা লোকৰ আত্মাই পৃথিৱীতে ঘূৰি ফুৰে। বহু সময়ত এনে অতৃপ্ত আত্মাই মানুহৰ অন্যায় কৰে বুলিও বহুতো লোকে বিশ্বাস কৰি আহিছে। ভাৰতীয়সকলৰ দৰে প্ৰাচীনকালত গ্ৰীক আৰু ৰোমানসকলেও আত্মহত্যাক এক অনৈতিক কাৰ্য বুলি গণ্য কৰিছিল৷ অৱশ্যে জাপানৰ চ্যেমুৰাইসকলে আত্মহত্যাক প্ৰতিবাদৰ এক পন্থা বুলি বিবেচনা কৰিছিল৷

এক তথ্য মতে, বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত এটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হয়। বিশ্বৰ ভিতৰতে সৰ্বাধিক আত্মহত্যাৰ ঘটনা সংঘটিত হয় ইউৰোপৰ লিথুৱানিয়াত। লিথুৱানিয়াত প্ৰতি বছৰে প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ৪২ জন লোকে আত্মহত্যা কৰে। আনহাতে, গোটেই বিশ্বত বছৰি আত্মহত্যা কৰা দহ লাখ লোকৰ ভিতৰত প্ৰায় ২ লাখ লোক ভাৰতৰ।

গোটেই বিশ্বত বছৰি আত্মহত্যা কৰা দহ লাখ লোকৰ ভিতৰত প্ৰায় ২ লাখ লোক ভাৰতৰ। ভাৰতত আত্মহত্যা কৰা লোকৰ ভিতৰত ১০ শতাংশ কৃষক।

এই সংখ্যা আমেৰিকাত বছৰি ২৭ হাজাৰ আৰু ব্ৰিটেইনত ৩৭ হাজাৰ। গোটেই বিশ্বত অপ্ৰতিৰোধ্য হাৰত বৃদ্ধি হোৱা আত্মহত্যাৰ ঘটনা প্ৰতিৰোধৰ বাবে মানুহক সজাগ কৰি তুলিবলৈ প্ৰতি বছৰে ১০ ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস’ হিচাপে পালন কৰি অহা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি যোৱা চাৰিটা দশকত বিশ্বজুৰি আত্মহত্যাৰ ঘটনা প্ৰায় ৬০ গুণ বৃদ্ধি পাইছে৷ আত্মহত্যা সংঘটিত কৰা লোকসকলৰ ভিতৰত ১৫ ৰ পৰা ৪৪ বছৰ বয়সৰ লোকেই অধিক হোৱা দেখা যায়।

অসমীয়া আত্মহত্যা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ‘চুইচাইড’ৰ উৎপত্তি হৈছিল লেটিন ‘চুইচাইডিয়াম’ৰ শব্দৰ পৰা৷ যাৰ অৰ্থ হ’ল- ‘নিজে নিজকে বধ কৰা বা হত্যা কৰা’৷ চিকিৎসা বিজ্ঞানৰ এক তথ্য অনুসৰি আত্মহত্যা সংঘটিত কৰা লোকসকলৰ মাজত ‘চেৰটনিন’ নামৰ নিউৰ’ট্ৰান্সমিটাৰ দ্ৰব্যৰ অভাৱ হোৱা দেখা গৈছে৷ তেওঁলোকে উদ্ভাৱন কৰি উলিয়াইছে যে, মানৱ দেহৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰত বিশেষ ধৰণৰ এবিধ প্ৰ’টিন থাকে যাক ব্ৰেইন ডিৰাইভদ্ নিউৰ’ট্ৰপিক ফেক্টৰ (BDNF) বুলি কোৱা হয়৷ আত্মহত্যা কৰা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেনে লোকৰ ব্ৰেইন ডিৰাইভদ্ নিউৰ’ট্ৰপিক ফেক্টৰ (BDNF) আৰু চেৰটনিন এই দুয়োটাৰে পৰিমাণ আন আন লোকৰ তুলনাত যথেষ্ট কম৷

Biriyaa article on suicide

আত্মহত্যাৰ এই ভয়াৱহ তথ্যই গোটেই বিশ্ববাসীক স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে। বিশ্বৰ কোনো এখন দেশ আত্মহত্যাৰ দৰে মানসিক বিকাৰৰ পৰা মুক্ত নহয়। ভাৰতৰ দৰে এখন জনবহুল আৰু অৰ্থনৈতিকভাৱে পিছপৰা দেশত দৰিদ্ৰতা আৰু অন্ধবিশ্বাসকে আত্মহত্যাৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত কৰা হয়। কিন্তু আমেৰিকাৰ দৰে উন্নত আৰু ধনী দেশতো বছৰি ২৭ হাজাৰ লোকে আত্মহত্যা কৰে। যিখন দেশত  মনোবৈজ্ঞানিক বা সু-চিকিৎসকৰ কোনো অভাৱ নাই লগতে যিখন দেশৰ নাগৰিকসকল অৰ্থনৈতিকভাৱে জুৰুলা হোৱাৰো কোনো কাৰণ নাই। তেনে এখন দেশৰ নাগৰিকেও জীৱনৰ প্ৰতি মোহভংগ হৈ আত্মহননৰ দৰে কঠিন পথ বাচি লয়। অৰ্থাৎ আত্মহত্যাৰ বাবে অকল দৰিদ্ৰতা দায়ী নহয়। অথচ দৰিদ্ৰতাৰ বোজা কঢ়িয়াই পিঠি কুঁজা হৈ পৰা লোকসকলে জীৱনৰ পৰা মুক্তি বিচাৰি আত্মহত্যা কৰাৰ কথা কোনো কাৰণতে অস্বীকাৰো কৰিব নোৱাৰি।

ভাৰতত আত্মহত্যা কৰা লোকৰ ভিতৰত ১০ শতাংশ কৃষক। ঋণৰ বোজা বহন কৰিব নোৱাৰি বেছিভাগ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা দেখা যায়। যদিওবা আত্মহত্যা এটা মানসিক বিকাৰ হে৷ ইয়াৰ আঁৰত বহুতো কাৰণ নিহিত হৈ থাকে৷ বিভিন্ন পাৰিবাৰিক সমস্যা, ব্যৰ্থ প্ৰেম, পৰীক্ষাত বিফলতা, কোনো লক্ষ্য প্ৰাপ্তিত বাধা বা ব্যৰ্থতা, অপমান, দৰিদ্ৰতা, নিসংগতা, কঠিন ৰোগ আদি বিভিন্ন কাৰকে মানুহক আত্মহত্যা কৰিবলৈ উদগনি যোগায়৷ আত্মহত্যা কৰা ব্যক্তিসকলে আন আন লোকৰ দৰেই স্বাভাৱিক জীৱন অতিবাহিত কৰে৷ তেওঁলোকৰ মাজত কোনো ব্যতিক্ৰমতা দেখা নাযায়৷ কিন্তু জীৱনৰ কোনো এটা ক্ষণত তেওঁলোকে এনে এটা কঠিন স্তৰত উপনীত হয় যে, তাৰ পৰা পৰিত্ৰাণৰ কোনো উপায় বিচাৰি উলিয়াব নোৱাৰি আত্মহত্যাকে সৰ্বোত্তম সমাধানৰ পথ হিচাপে বাচি লয়৷ বহু সময়ত কাল্পনিক ভয়ৰ বশৱৰ্তী হৈয়ো বহু লোকে আত্মহত্যাৰ পথ বাচি লয়৷ মূলত: তিনিটা আৱেগে মানুহক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰে। ভয়, লজ্জা আৰু বিষাদৰ আৱেগে মানুহৰ মনক কুৰুকি কুৰুকি খায় আৰু মানুহে সকলো ফালে অন্ধকাৰ দেখিবলৈ আৰম্ভ কৰে৷ তেনে এক অসহায় অৱস্থাতে মানুহে আৱেগৰ আতিশয্যৰ পৰা পৰিত্ৰাণ বিচাৰি আত্মহত্যাক আকোঁৱালি লৈ পৰিতৃপ্ত হ’ব বিচাৰে৷ আৱেগৰ চূড়ান্ত বিস্ফোৰণৰ সময়ত যদি আত্মহত্যা কৰিবলৈ অধীৰ হোৱা কোনো লোকক কিছুসময়ৰ বাবে বাধা দি ৰাখিব পাৰি বা মনোসংযোগ বিচ্ছিন্ন কৰিব পাৰি তেন্তে বহু আত্মহত্যাৰ ঘটনা প্ৰতিৰোধ কৰিব পৰা যায়৷ কাৰণ বছৰি লাখ লাখ মানুহে আত্মহত্যাৰ প্ৰচেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছতো এটা সুখ আৰু স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰা দেখা যায়৷

আৱেগৰ চূড়ান্ত বিস্ফোৰণৰ সময়ত যদি আত্মহত্যা কৰিবলৈ অধীৰ হোৱা কোনো লোকক কিছুসময়ৰ বাবে বাধা দি ৰাখিব পাৰি বা মনোসংযোগ বিচ্ছিন্ন কৰিব পাৰি তেন্তে বহু আত্মহত্যাৰ ঘটনা প্ৰতিৰোধ কৰিব পৰা যায়৷ কাৰণ বছৰি লাখ লাখ মানুহে আত্মহত্যাৰ প্ৰচেষ্টা কৰি ব্যৰ্থ হোৱাৰ পাছতো এটা সুখ আৰু স্বাচ্ছন্দ্যৰ জীৱন অতিবাহিত কৰা দেখা যায়।

 সাধাৰণ মানুহৰ কথা বাদেই পৃথিৱী বিখ্যাত বহুত লোকেও আত্মহত্যাৰ দৰে ঘৃণনীয় পথ বাচি লৈছে৷ গোটেই বিশ্বত তেনে লোকৰ সংখ্যা একেবাৰে তাকৰ নহয়৷ হিটলাৰৰ দৰে এজন একনায়কত্ববাদী তথা কঠিন মনৰ অদম্য ব্যক্তিয়েও আত্মহত্যা কৰিছিল৷ আন দহজনৰ দৃষ্টিত সকলো ফালেৰে স্বচ্ছল আৰু সফল ব্যক্তিয়েও কিয় আত্মহত্যাৰ আশ্ৰয় ল’বলগীয়া হয় তাৰ কোনো সঠিক কাৰণ মনোবিজ্ঞানে আজিকোপতি নিৰ্ণয় কৰিব পৰা নাই। বিখ্যাত লোকৰ আত্মহত্যাক লৈ চৰ্চাও অধিক হয়। কিন্তু সাম্ভাৱ্য আৰু কাল্পনিক কাৰণৰ হেঁচাত প্ৰকৃত কাৰণবোৰ তল পৰি ৰয়। কিছুদিন পূৰ্বে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ খবৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিককে চুই গৈছিল। সৰ্বত্ৰ চৰ্চিত হৈছিল সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা। লাখ লাখ ভাৰতীয়ই অভিনেতাজনৰ অকাল মৃত্যুত উচুপি উঠিছিল।

এই আত্মহত্যাৰ ঘটনাটোৱে মানুহৰ অন্তৰক  যেনেকৈ জোকাৰি গৈছিল, ঠিক তেনেকৈ দেশত বছৰি সংঘটিত হোৱা ২ লাখ ঘটনাই কিন্তু মানুহৰ অন্তৰ স্পৰ্শ কৰিব নোৱাৰে। কাৰণ এই ২ লাখ লোকৰ ৯৯ শতাংশই সাধাৰণ মানুহ। কিছুমান মানুহৰ আত্মহত্যাই নিজৰ ওচৰ-চুবুৰীয়াকো স্পৰ্শ কৰিব নোৱাৰে। কাৰণ এই সমস্যাৰ ভয়াৱহতাৰ কথা আজিও আমাৰ দেশৰ মানুহে অনুধাৱন কৰিব পৰা নাই। আমাৰ দৈনন্দিন জীৱন-যাপনত প্ৰভাৱ পেলোৱা বহু লোক আমাৰ চকুৰ সন্মূখৰ পৰা আঁতৰি গ’লেও আমি দুখ অনুভৱ নকৰো। অথচ আমাৰ জীৱনত কোনো প্ৰভাৱ পেলাব নোৱাৰা লোকৰ বাবে আমি দুখ কৰো। মানুহৰ এনে মানসিকতাৰ বাবেই বিচ্ছিন্নতা আৰু নি:সংগতাই গা কৰি উঠাত আত্মহত্যাৰ হাৰ দিনকদিনে বৃদ্ধি পাইছে।

 চিকিৎসা বিজ্ঞানৰ এক তথ্য অনুসৰি আত্মহত্যা সংঘটিত কৰা লোকসকলৰ মাজত ‘চেৰটনিন’ নামৰ নিউৰট্ৰান্সমিটাৰ দ্ৰব্যৰ অভাৱ হোৱা দেখা গৈছে৷

ওচৰ-পাজৰৰ মানুহৰ বা আত্মীয়-স্বজনৰ সমস্যাবোৰ বুজি সমাধানৰ পথ দেখুৱাই দিয়াত আমি ব্যৰ্থ হৈছোঁ। আধুনিক হোৱাৰ লগে লগে আমি বেছি আত্মকেন্দ্ৰিক হৈ পৰিছো। ভাৰত এখন কৃষিপ্ৰধান দেশ। অধিকাংশ লোকৰ জীৱিকা কৃষিকেন্দ্ৰিক। কৃষকৰ লগত জড়িত সমস্যাবোৰৰ আলোচনা নকৰি আমি সামাজিক মাধ্যমত চীন আৰু আমেৰিকাৰ কথা আলোচনা কৰোঁ, ৰাজনৈতিক দলৰ ভূমিকাক লৈ কাজিয়া কৰোঁ নাইবা নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থক লৈয়ে আমি আত্মতৃপ্তিত মজি থাকোঁ। এক তথ্য অনুসৰি, ২০১৬ চনত ভাৰতত ১১,৩৭৯ জন কৃষকে আত্মহত্যা কৰিছে। অৰ্থাৎ গড় হিচাপত ২০১৬ বৰ্ষত প্রতি মাহে ৯৯৮ জন, প্ৰতিদিনে ৩১ জন আৰু প্রতি ৪৬ মিনিটত ১ জন কৃষকে আত্মহত্যা কৰিছে। এই সংখ্যা ২০১৪ চনত ১২,৩৬০ জন আৰু ২০১৫ চনত ১২,৬০২ জন আছিল। কৃষকৰ আত্মহত্যাৰ শীৰ্ষত স্থান লাভ কৰিছে মহাৰাষ্ট্রই। মহাৰাষ্ট্ৰত ২০১৩ ৰ পৰা ২০১৮ চনৰ ভিতৰত ১৫,৩৫৬ জন কৃষকে আত্মহত্যা কৰিছে। কৃষকৰ আত্মহত্যাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে কর্ণাটক। কৰ্ণাটকত ২০১৬ চনত মুঠ ২,০৭৯ আৰু ২০১৫ চনত ১,৫৬৯ জন কৃষকে আত্মহত্যা কৰিছে। কৰ্ণাটকৰ প্রতিৱেশী

Indian Farmer

ৰাষ্ট্র তেলেঙ্গানাত ২০১৬ চনত কৃষকৰ আত্মহত্যাৰ সংখ্যা আছিল ৬৪৫। আনহাতে পশ্চিমবঙ্গত ২০১৬ চনত কৃষকৰ আত্মহত্যাৰ কোনো তথ্য পোৱা হোৱা নাই। অৱশ্যে অসমত কৃষকৰ আত্মহত্যাৰ হাৰ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ তুলনাত যথেষ্ট কম। কৃষি কাৰ্যত হোৱা ব্যয়ৰ অনুপাতে বিভিন্ন প্ৰতিকূল বতৰৰ বাবে আয় অধিক নোহোৱাৰ ফলত আমাৰ দেশৰ বহু কৃষকৰ অৱস্থা শোচনীয় হৈ পৰে। বহুত কৃষকে ঋণ লৈ কৃষি কাৰ্য সমাপন কৰিবলগীয়া হয়। ফলস্বৰূপে সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰি পাছত লাজ আৰু ভয়ৰ বশৱৰ্তী হৈ উপায়হীন হৈ আত্মহত্যাৰ পথ বাচি লোৱা দেখা যায়। অসমৰ ক্ষুদ্ৰ কৃষকৰ ক্ষেত্ৰতো সেই একে সমস্যা দেখা যায়। সময়ত ঋণ পৰিশোধ কৰিব নোৱাাৰি কৃষকে নিৰুপায় হৈ আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়। কৃষকসকলৰ আত্মহত্যাৰ ঘটনাই সময়ত বাতৰিৰ শিৰোনাম দখল কৰে ঠিকেই, কিন্তু কিছুদিন পাছতে পাহৰণিৰ অতল গহ্বৰত পৰি মানসপটৰ পৰা চিৰদিনৰ বাবে মচ খাই যায়। কৃষকৰ আত্মহত্যাৰ ঘটনাৰ আঁৰত থকা সঁচা অথচ তিতা কথাবোৰ কোনোদিনে পোহৰলৈ নাহে। বছৰ বছৰ ধৰি সমস্যা সমস্যা হৈয়ে ৰৈ যায়। অসমত প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত বানপানীৰ কবলত শ শ বিঘা কৃষিভূমি বিনষ্ট হয়। উপায়ন্তৰ হৈ কিছুমান কৃষকে আত্মহত্যাও কৰে। কিন্তু এনেবোৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি নাহে কোনো ৰজাঘৰীয়া।নিৰৱ হৈ ৰয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। তাৰ বিপৰীতে বলিউডৰ কোনো তাৰকাই আত্মহত্যা কৰিলে দেশত তোলপাৰ লাগে। লক্ষ লক্ষ জনতাই আৱেগত উথলি উঠে। কাৰণ আজিৰ পুঁজিবাদৰ যুগত হাজাৰ হাজাৰ উপান্তৰ কৃষকৰ জীৱনতকৈ এজন তাৰকাৰ জীৱনৰ মূল্য অধিক!■

Previous পেলেষ্টাইনৰ কথাৰে এটা আশংকা
Next অসম চৰকাৰৰ কৃষি-ভুমি হস্তান্তৰৰ সিদ্ধান্ত: লাভান্বিত কৰিব উদ্যোগপতি-বণিয়াক