অসমীয়া লিখিব নজনা পণ্ডিত


‘মোৰ ল’ৰাটোৱে নহয় একদম অসমীয়া নাজানা নহয়…বেটা আংকেলক ৰাইমছ এটা শুনাই দিয়াচোন।’ এনেবোৰ মানুহ আপুনি লগ পাইছে নে জীৱনত? এনেবোৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা এইটোৱেই যে এওঁলোক একৰ পৰা দুই কাহানিও হ’ব নোৱাৰিলে। পৃথিৱীত বাৰু এনে কোনটো জাতি আছে আমাৰ বাহিৰে য’ত মাতৃভাষাটো নজনাৰ বাবে মাক বাপেকে সন্তানক লৈ গৰ্ব কৰে? এতিয়াই আমাৰ এই অৱস্থা। আমাৰ পিছৰ প্ৰজন্মবোৰে বা কি শিকে কি ঠিক? এইবোৰ আচলতে বৰ খং উঠা বস্তু। ছ’ ডেটছ্‌ হুৱাই  মানে মই ক’ব বিচাৰিলে যে দা থিং ইজ্‌ নিচিনাকৈ কথা নক’লেওতো হয়। খিচিৰি অকল সৰস্বতী পূজাত নহ’লে ঠাণ্ডা বতৰত ভাল লাগে, যেতিয়াই তেতিয়াই নহয়। ইমান টান ভাষা নহয় অসমীয়া, ফ্ৰেন্স বা স্পেনিছ নিচিনাকৈ জিভা পাক খোৱা শব্দৰ অদৰকাৰী পয়োভৰ নাই আমাৰ ইয়াত। দীৰ্ঘ ই আৰু হ্ৰস্ব ইৰ পাৰ্থক্যবোৰ অলপ ইফাল সিফাল হ’লেও বৰ বিশেষ কথা নাই। ইয়াৰ পিছতো নতুন প্ৰজন্মই অসমীয়া লিখিব নজনা কথাটো হাস্যকৰ আৰু সমানেই দুখজনক। মই নাজানো মাক দেউতাকবোৰে কি ধৰণে প্ৰতিপালম কৰি ডাঙৰ দীঘল কৰে বা কৰি আহিছে কিন্তু কথাটো হ’ল যে আপুনি অসমীয়া হৈ যদি নিজৰ ল’ৰা বা ছোৱালীক অসমীয়া শিকাব পাৰা নাই তেন্তে আপুনি কৰবাত ব্যৰ্থ হৈছে। 

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous না ও বৈ চা    
Next পুলৱামাৰ পাৰ্শ্ব : ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ যুদ্ধ