সম আন্দোলনৰ পিছত আশীৰ দশকত ডিঙিত গামোছা এখন মেৰিয়াই  য়ামাহা আৰ এক্স ১০০ মটৰ চাইকেলত অহা যোৱা কৰা ডেকাবোৰেই আছিল জাতীয়তাবোধ সম্পন্ন অসমীয়া ডেকাৰ জাক, যাক সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ সদস্য বুলি আমি জানিব পাৰিছিলো৷ সামাজিক কাম কাজৰ আগৰণুৱা কোনো কোনোৱে আৰম্ভ কৰিছিল কৃষিকাৰ্যও৷ কিন্তু চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ বাবে ঘৰ এৰিবলগীয়া হৈছিল ডেকাবোৰে৷ অনা অসমীয়াৰ বাবে ত্ৰাসৰ কাৰণ হৈছিল এই ডেকাবোৰ৷ পলাই থকা ডেকা, গাভৰুহতৰ বাবে অবৰ্ণনীয় দূৰ্ভোগ ভুগিব লগীয়া হৈছিল ঘৰৰ আন সদস্যসকলে৷ সেয়া এক অন্য ইতিহাস৷
শুনিবলৈ পাইছিলো অসম আন্দোলনৰ সময়ত অসমীয়াই ব্যৱসায় বাণিজ্যতো ধৰিছিল লাহে লাহে৷ আনহে নালাগে ধোবা নাপিতৰ কামো কৰিছিল৷ কিন্তু আলফাত থকা জাতীয়তাবাদী আৰু বৈজ্ঞানিক সমাজবাদৰ চিন্তা কৰা ডেকা সকলক বিপ্লৱৰ পথৰ পৰা ভোগৰ পথলৈ আকৰ্ষণ কৰিবৰ বাবে ৰাজনৈতিক পৃষ্ঠপোষকতাত  আৰম্ভণি হ’ল আলফাৰ পৰা ছালফা তৈয়াৰ কৰাৰ আঁচনি৷ এই ছালফা আঁচনিত প্ৰকৃত আলফাৰ সমানে সমানে তিনিআলিৰ গুমতিৰ আগত আড্ডা দিয়া বহু ডেকা  লৰাও ছালফা হ’ল৷ লাভ কৰিলে আত্মসংস্থাপনৰ বাবে দুইলাখকৈ টকা৷ ৰাস্তাত দৌৰিল টাটা ৪০৭৷ খুলিলে পিচিঅ’, ফটোষ্টেটৰ দোকান, কোনো কোনোৱে কাপোৰ, গেলামালতো হাত দিলে৷ কিন্তু কিমান দিনলৈ? ইতিহাসৰ এই কথাবোৰ চৰ্বিত চৰ্বন যেন লাগিলেও কথাবোৰৰ পুনৰাবৃত্তি কৰাৰ কিছু কাৰণ নথকা নহয়৷

৪০৭ৰ দৈনিক দুৰ্ঘটনাৰ খবৰ ওলাবলৈ ধৰিলে, পদূলিয়ে পদূলিয়ে পিচিঅ হ’ল৷ একেটা ব্যৱসায়তে সকলোবোৰ জঁপিয়াই পৰাৰ বাবে গ্ৰাহক শূণ্য হ’ল৷ ৰাস্তাৰ ৪০৭ গেৰেজৰ পৰা নোলোৱা হ’ল লাহে লাহে, পিচিঅ’ৰ দৰ্জা জাপ খাই আহিল৷ আৱেগত আৰম্ভণি কৰা অসম আন্দোলনৰ সময়ৰ সেই ব্যৱসায়- বাণিজ্য নিজৰ হাতলৈ আনিবলৈ লোৱা ডেকা তেজ কৰবাত হেৰাই গ’ল৷ হেৰাই গ’ল চৰকাৰী পৃষ্ঠপোষকতাত জাক পাতি ৰাজ্যৰ অৰ্থনীতিৰ ধ্বজ্জা উৰুৱাব খোজা তেজাল ডেকাবোৰো। ইতিমধ্যেই অসমত খোল খাইছিল বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ থকা সোমৰসৰ বিপণী৷ সুৰাৰ বন্যাত উটি যাব ধৰিলে জাতীয় আৱেগ৷

আৱেগত আৰম্ভণি কৰা অসম আন্দোলনৰ সময়ৰ সেই ব্যৱসায়- বাণিজ্য নিজৰ হাতলৈ আনিবলৈ লোৱা ডেকা তেজ কৰবাত হেৰাই গ’ল৷ হেৰাই গ’ল চৰকাৰী পৃষ্ঠপোষকতাত জাক পাতি ৰাজ্যৰ অৰ্থনীতিৰ ধ্বজ্জা উৰুৱাব খোজা তেজাল ডেকাবোৰো।
সময় সলনি হৈ গৈ থাকিল, শেষ নহল সমস্যাৰ৷ জাতীয় চেতনাত উটি ভাঁহি থাকিল অসমীয়াৰ আৱেগ৷ বিপৰীতে অনা অসমীয়াৰ ভেটি দোপতদোপে সুদৃঢ় হৈ গৈহে থাকিল৷ ফাঁচী বজাৰলৈ গ’লে অসমত আছো যেন এতিয়াও নালাগেই।

কিন্তু ইয়াৰ পাছতো জাতীয় আৱেগত উটি অৰ্থনীতি উদ্ধাৰৰ নিচান উৰিয়েই থাকিল৷ কংগ্ৰেছৰ শাসন আহিল। এইবাৰ জাতীয় আৱেগ নহয়, ৰাষ্ট্ৰীয় ধৰ্মৰে দীক্ষিত হ’ল কিছু লোক। আৰম্ভ হল পঞ্চায়তৰ ঠিকাদাৰী কাম ”ফুড ফ’ৰ ৱৰ্ক।’’ জিন্দাবাদ মূর্দাবাদ কৰা সকলোবোৰ ঠিকাদাৰ হ’ল৷ বহুতে ছাত্ৰ সংগঠনৰ নেতা হোৱাৰ সমানে সমানে চলালে ঠিকাদাৰী৷ নিবনুৱা কিন্তু নকমিল৷ অৰ্থনীতি আৰু জাতি উদ্ধাৰৰ ঠিকাদাৰী আৱেগ কিন্তু নকমিল৷ সমস্যাও নকমিল, আৱেগো নকমিল৷ জাতীয় আৱেগ পণ্য হ’ল। আৱেগ বিক্ৰী হ’ল সংবাদ পত্ৰত।  সেয়া অৱশ্যে আজিও অপৰিৱৰ্তিত। কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদৰ নামত ভেল্কীবাজী, কেতিয়াবা জাতীয়তা বাদৰ নামত। নেতা পালিনেতাৰ আগে পিছে ঘূৰিবৰ বাবে সমস্যা বোৰে সদস্যৰ নাম ল’লে৷ নিবনুৱা থাকিলেহে নেতা অহা যোৱা কৰা সময়ত ৰেলি দীঘলীয়া হ’ব৷ গতিকে নেতাই শাসনৰ নামত নিজৰ চন্দুকৰ ওজন বৃদ্ধি কৰিলে৷

এই আৱেগক লৈয়েই বেপাৰ কৰে ৰাজনৈতিক নেতাই৷ আৱেগ উতলা কথা কৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰে৷ মনোযোগ ইফাল সিফাল কৰিবলৈ এৰি দিয়া হয় একো একোটা অযথা খবৰ৷ সামাজিক মাধ্যমত এই বিষয় বোৰ চৰ্চা হৈ থাকোতেই নিজৰ স্বাৰ্থ পূৰণ কৰি লয় আনে নেদেখাকৈ৷

শেহতীয়াকৈ ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লৈ হৈ ছৈ লগোৱাৰ সময়ত অসমো লকডাউনৰ কবলত পৰিল৷ নেতাই ভাষণ দিলে৷ সামাজিক মাধ্যমবোৰ ভৰি পৰিল নেতাৰ জয়গানেৰে৷ ক’ৰ’নাৰ খবৰৰ সমানে সমানে গেলামাল ডেলিভাৰী এপ, হোৱাটচ্ এপৰ জৰিয়তে ঘৰতে খাদ্য সামগ্ৰী পাব পৰা সুবিধা। লকডাউন বৃদ্ধি হ’ল কিন্তু এই এপৰ দেখাদেখিও কমি আহিল৷ এতিয়া খুচৰিলেহে কেতিয়াবা  এই এপ্ শ্মশান যাত্ৰাৰ লাইনত থিয় হৈ থকা দেখা যায়৷ এই আৱেগ কিহৰ বাবে!!!কিমানদিন চলিব এই আৱেগৰ নাগিনী নৃত্য?

নেতাৰ পিছে পিছে হৈ ছৈ কৰি ফুৰাবোৰো আৱেগতে উৰি ফুৰে৷ চকু থাকিও অন্ধ৷ ব্যক্তি পূজাত বহি নাম পালে ভক্ত৷ সামাজিক সচেতনতাৰ নামত নিজৰ ভৱিষ্যত শেষ কৰি আছে৷

বৰ্তমান সততে সামাজিক মাধ্যমবোৰত ”ভাইৰেল’’হয় কিছুমান খবৰ৷ এদিন বা দুদিন ইমানেই চৰ্চা লাভ কৰে যে এনেকুৱা লাগে যেন এইবাৰ নিশ্চয় কিবা এটা হেস্ত-নেস্ত হ’বই৷ পিছে সেইটো শেষ নহওঁতেই আন এটা নতুন খবৰ নতুন বিতৰ্ক আহি পৰে৷ উজানৰ মাছৰ দৰে সোঁতত সাঁতোৰ মাৰে৷ ফলাফলৰ থৈলাত বিৰাট এটা শূন্য৷

এই আৱেগক লৈয়েই বেপাৰ কৰে ৰাজনৈতিক নেতাই৷ আৱেগ উতলা কথা কৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰে৷ মনোযোগ ইফাল সিফাল কৰিবলৈ এৰি দিয়া হয় একো একোটা অযথা খবৰ৷ সামাজিক মাধ্যমত এই বিষয় বোৰ চৰ্চা হৈ থাকোতেই নিজৰ স্বাৰ্থ পূৰণ কৰি লয় আনে নেদেখাকৈ৷

যুক্তি শূন্য,আৱেগত উতলা অসমীয়া জাতিয়ে বাৰে বাৰে ঠগ খোৱাৰ পাছতো নিজক চিনিবলৈ অথবা স্বাৰ্থসিদ্ধিৰ বাবে নিজক বিক্ৰী কৰিব পৰা সকলোৰ অভিসন্ধি নুবুজিলে৷ কেৱল হয়-হুজুৰ মনোভাৱেৰে যুক্তিৰ নামত নিজক বন্ধকত ৰাখিছে৷ যুক্তিৰে চকু মেলাবৰ বাবে চেষ্টা কৰা সকল হৈ পৰে ঢেৰুৱা ঠাৰি৷
জাতীয় আৱেগেৰে অসম স্বাধীন কৰিবলৈ যোৱা সকল ভাগ ভাগ হ’ল৷ এচাম আগৰ ঠাইতে থাকিল, এচাম ছালফা হ’ল, আন চামে আকৌ আলোচনাৰ নামত ৰাজ আতিথ্যৰ সোৱাদ লৈছে৷ আনফালে এচামে জাতি, মাটি , ভেটি সুৰক্ষা দিয়াৰ আৱেগ সৃষ্টি কৰি ৰাজপাটত বহিল৷ লংকালৈ গৈ এতিয়া ভাও দিছে ৰাৱণৰ৷ ক্ষণিকৰ উন্মাদনাই  অসমৰ মানুহক দীৰ্ঘম্যাদী সমস্যাৰ পৰা  যে নিস্তাৰ নিদিব তাকেহে এই কথাবোৰে স্পষ্ট কৰি আনিছে৷

অসমীয়া মানুহৰ জাতীয়তাবোধ এতিয়াও সেই আৱেগতে ৰৈ থাকিব নেকি বাৰু?

আশীৰ দশকৰ সেই দিন এতিয়া নাই৷ আৰ.এক্স ১০০ও নাই৷ কিন্তু এটা বিষয় সেই তেতিয়াৰ পৰা এতিয়ালৈ লাগিয়ে আছে অসম আৰু অসমীয়াৰ গাত৷ সেয়া হ’ল জাতীয় আৱেগৰ অহেতুক বন্যা৷ আছে উজান মাছৰ দৰে ঢপলিয়াই অহা চাৰিত্ৰিক বৈশিষ্ট্য৷ নাগৰিকত্ব সংশোধনী আইনে কৰি পেলোৱা বহুধাবিভক্ত অসমীয়া সমাজখন ৰক্ষা কৰিবলৈ পুনৰাবৃত্তি হৈছে জাতীয় আৱেগৰ ঢৌ৷  কিন্তুএই আৱেগক লৈ আকৌ আৰম্ভ হৈছে দৰদাম, কিনা- বেচাৰ ৰাজনীতি৷ অসম আৰু অসমীয়াৰ আবেগ ৰাষ্ট্ৰীয়তাবাদ আৰু হিন্দুত্ববাদৰ নামত উটি গৈ কোনখন বৰাক ব্ৰহ্মপুত্ৰত লাগি ধৰেগৈ তাৰ ঠিকনা নাইকিয়া হৈছে৷ সকলো একেদৰেই চলি থাকিব নেকি তাৰমানে?

এতিয়া আহিছে আৰ.এচৰ.এচ আৰু আন হিন্দুত্ববাদী চেতনাৰে সমৃদ্ধ দল সংগঠনৰ নতুন আৱেগ সৃষ্টিৰ কৌশল৷ শংকৰদেৱক বাবা সজাবলৈ বিচৰাসকলে আনি দিয়া ‘ব’ল বম’ সংস্কৃতিত নাচিব ধৰিছো আমি৷ কিন্তু  কেনেকৈ ৰচনা কৰা  হ’ল এই বেহু?

আশীৰ দশকৰ সেই দিন এতিয়া নাই৷ আৰ.এক্স ১০০ও নাই৷ কিন্তু এটা বিষয় সেই তেতিয়াৰ পৰা এতিয়ালৈ লাগিয়ে আছে অসম আৰু অসমীয়াৰ গাত৷ সেয়া হ’ল জাতীয় আৱেগৰ অহেতুক বন্যা৷ আছে উজান মাছৰ দৰে ঢপলিয়াই অহা চাৰিত্ৰিক বৈশিষ্ট্য৷

কংগ্ৰেছৰ শাসনৰ সময়ত আৰ.এচ.এচে অখিল গগৈকে ধৰি অসমৰ জাতীয়তাবাদী শিবিৰৰ লগত সুৰত সুৰ মিলাই দিছপুৰ, দিল্লী দখলৰ বেহু ৰচনা কৰিলে৷ নদীবান্ধ বিৰোধী আন্দোলনৰ পৰা পঞ্চায়তৰ দুৰ্নীতি লৈকে সকলোতে নাগপুৰীয়াৰ নিৰ্দেশত সৰ্প নৃত্য কৰিবলৈ ধৰিলে কংগ্ৰেছ বিৰোধী শিবিৰে৷ গাদী দখলৰ পাছত অসমীয়াই কি পালে তাৰ উত্তৰ প্ৰতিজন সচেতন অসমীয়াৰ চকুৰ সন্মূখত৷

সময় এতিয়াও উকলি যোৱা নাই৷ মহামাৰীৰ প্ৰকোপ হয়তো এদিন কমি আহিব কিন্তু জাতীয় আৱেগ আৰু জাতীয়তাবোধ যাতে পুনৰাই ফুটুকাৰ ফেনত পৰিণত নহয় সেয়া সচেতন অসমীয়াই চিন্তিব লাগিব৷

Previous জুইশাল
Next অসমৰ নাট্য জগতত সহ-অভিনয়ৰ সৃষ্টিকৰ্তা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা