স্বৰ্গত এখন সভা বহিছে। সভাখনত স্বনামধন্য শিল্পীবোৰ যেনে দ্যোতি, আভা, ৰূপেন, বগেনৰ মিটিং। মিটিংৰ উদ্দেশ্য হ’ল ‘শিল্পী’ শব্দটোৰ এটা সঠিক অৰ্থ নিৰুপণ কৰা। দ্যোতিয়ে মাইক লৈ নিজৰ ভাষণ আৰম্ভ কৰিলে : “হেৰা সৰ্বজন, ওৰে জীৱন আমি সংগ্ৰাম কৰি কৰি কৰ্ম কৰিলো। আমাৰ পুণ্যভূমিখনক জাতিস্কাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলো। এতিয়া দেখিছো যে শিল্পীৰ সংগ্ৰামৰ ঠাই লৈছে ইউটিউব আৰু ইনষ্টাগ্ৰামে। গানবোৰ উদ্দেশ্যবিহীন হ’ল। সুৰবোৰ তেনেই সাধাৰণ হৈ পৰিল। অ‍ামাৰ সময়ত আমাক আনে শিল্পী বুলিছিল। এতিয়া নিজেই গান এটা উলিয়াই, টক শ্ব’ত দুটা কথা কৈ নিজেই নিজক ‘শিল্পী’ টেগ এটা দি লৈ মানুহবোৰ চলি আছে। এনেবোৰ হোৱাতো নিশ্চয় আই মাতৃৰ বাবে সুখবৰ নহয়। সেয়েহে আমি আজি ‘শিল্পী’ মানে কি তাকেই জনাম বুলি ভাবিছো…”

https://biriyaa.com/

পিছৰ ভাষণটোত ৰূপেনে ক’লে : “গীতবোৰ বৰ অদ্ভুত ধৰণৰ হ’ল। মোৰ খং উঠে। কিন্তু খং উঠিলেও কৰিমনো কি? সেইকাৰণে ভাবিছো ‘শিল্পী’ মানেনো কি তাকেই বুজাম। খঙতে বুজাম”

মিটিংৰ শেষত খঙতে সকলোৱে ‘শিল্পী’ মানে কি এইটো ক’লে : যি গোটাই গোটাই শিল এটা পি খাব পাৰে তেওঁ হে শিল্পী! বিবৃতি এখনত স্বাক্ষৰ কৰি মাতৃভূমিলৈ পঠিয়াই দিলে। খা বাপ্পেকে লাগিল এতিয়া হুৱা দুৱা। শিল এটা পি খাব পৰাটো কম কথা নে? বহুতৰ এইটো কৰিবলৈ যাওঁতে দাঁত ভাগি শেষ হ’ল, কিছুমানে শিল খাব লাগিব বুলি ভয়তে গান গাবলৈয়ে বাদ দিলে। প্ৰকৃত শিল্পী সকলে এলদা এলদা শিল গিলি নিজকে প্ৰমাণ কৰিলে আৰু এনেকৈয়ে আমাৰ সংগীত সমাজখন নিকা হৈ পৰিল। এতিয়া গানবোৰ গান হ’ল আৰু আনবোৰলৈ মানুহে কাণ নিদিয়া হ’ল।  

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous গুৱা চালি মেল! 
Next মধ্যবিত্তৰ দুমুখীয়া সমাজ সচেতনতাৰ কেতিয়াবা অন্ত পৰিবনে?