তিথি দেব ভৱ ৷ অতিথি আদৰাত অসমীয়া লোকৰ বিশ্বজুৰি সুনাম আছে৷ কথা আছে যে, ঘৰলৈ শত্ৰু আহিলেও সেই শত্ৰুক আদৰিবলৈ কৃপণালি নকৰে অসম তথা অসমীয়ই৷ ইতিহাসত অসমীয়া জাতিৰ এই অতিথিপৰায়ণতাই যুগান্তজুৰি বিশ্বত সুনাম ৰক্ষা কৰি আহিছে ৷ কিন্তু সেই অতিথি যদি কালনাগ হৈ  ডিঙিত খোঁট মাৰিবলৈকে অহা বুলি সন্দেহ হয়, তেন্তে সেই অতিথিক কি কৰা উচিত?

১৪৪ ধাৰা আৰু নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো তেওঁক আদৰা হ’ল ক’লা পতাকাৰে৷ চৰকাৰী বাহিনীয়ে বাৰম্বাৰ জনতাৰ ক্ষোভক আওকাণ কৰাৰ প্ৰতিফল কি পায়, সেয়া সময়ত হয়তো দেখা পোৱা যাব৷

দুদিনীয়া ভ্ৰমণসুচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই  ভ্ৰমণে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে ইতিমধ্যে জোকাৰি গ’ল ৷ ক্ষোভৰ জুইৰ মাজেৰে তেওঁ ভৰি দিলে অসমত৷ ১৪৪ ধাৰা আৰু নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো তেওঁক আদৰা হ’ল ক’লা পতাকাৰে৷ চৰকাৰী বাহিনীয়ে বাৰম্বাৰ জনতাৰ ক্ষোভক আওকাণ কৰাৰ প্ৰতিফল কি পায়, সেয়া সময়ত হয়তো দেখা পোৱা যাব৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসম আজি জ্বলিছে৷ অসম নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আজি জ্বলন্ত অগ্নিকুণ্ডলৈ ৰূপান্তৰিত হ’বলৈ গৈ আছে৷ তাৰপিছতো প্ৰধান মন্ত্ৰীগৰাকীয়ে চাংসাৰিৰ বিশাল জনসভাত সদম্ভে কৈ দিব পাৰে যে, হিন্দু বাংলাদেশী তেওঁ আনিবই৷ তেওঁ ট্টিপ্পনী কৰিলে সংবাদমাধ্যমক৷ জনসভাৰ সঁচা খবৰ হেনো সংবাদমাধ্যমে প্ৰকাশ নকৰে৷ প্ৰধান মন্ত্ৰী গৰাকীৰ এই ধৰনৰ তুচ্ছতাচ্ছিল্যই আচলতে কি সুচাইছে? ক্ৰমাৎ যেন বিজেপি বাহিনী ভয়ংকৰভাবে গণবিৰোধী হবলৈ গৈ আছে৷ গণতান্তিক দেশ এখনত জনতাৰ ক্ষোভ আৰু অস্তিত্বহীনতাৰ যি শংকা, সেই শংকাক যেন এই চৰকাৰখনে ক্ষণিকৰ বাবে হলেও মূল্য দিব বিচৰা নাই ৷ কালি গুৱাহাটী মহানগৰীত যুদ্ধসদৃশ পৰিবেশৰ সুচনা হল৷ বিভিন্ন দল সংগঠন ১৪৪ ধাৰাৰ মাজতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলাই গ’ল ক’লা পতাকাৰ জোৰ। ২০১৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত ছুনামিৰ সৃষ্টি কৰা প্ৰধান মন্ত্ৰীগৰাকীক গ’ বে’ক ধ্বনি দিয়া হ’ল৷ সমুখ সমৰত যেন জনতা আৰু চৰকাৰ৷ তেন্তে ভবিষ্ৎ কি হ’ব অসমৰ? এফালে জনতাৰ সীমাহীন ক্ষোভৰ প্ৰকাশ আৰু আনফালে নাচোৰবান্দা চৰকাৰ৷  ডিঙিৰ সিৰ ফুলাই হিমন্ত বিশ্ব শৰ্মাই আজিৰ জনসভাৰ  জনসমুদ্ৰৰ ভয় দেখুওৱাবৰ চেষ্টা কৰিলে৷ অসমবাসীৰ বাবে সেয়াই হ’ব হয়তো বিড়ম্বনা৷ বাহিৰৰ অতিথি আদৰিবলৈ তেন্তে সাজু হ’ব লাগে অসমীয়া৷ নহ’লে হেনো ৰক্ষা নহ’ব জাতি মাটি ভেটি৷ ৰক্ষা নহ’ব খিলঞ্জীয়াৰ অস্তিত্ব৷ উন্নয়নৰ টোপ দি, কথাৰ ফুলজাৰি মাৰি কিম্বা দমন নিপীড়ন কৰি হ’লেও অস্তিত্ব ৰক্ষাৰ ঠিকাদাৰী বাহিনীত যেন বিজেপি চৰকাৰ ৷ জ্বলা জুইত ঘিউ ঢলা সদৃশ প্ৰধান মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভবিষ্যৎ অসমৰ বাবে কি বতৰা বহন কৰে সেয়া প্ৰতিগৰাকী অসম তথা অসমীয়াক ভাল পোৱা লোকে সুস্থ বিবেচনাৰে চিন্তা কৰা উচিত৷ জোঁৰ পুৰি ইতিমধ্যে হাত পাইছেই ৷ 

 

বিৰিয়াৰ সাঁউৰি
Previous ক'লা পতাকাবোৰে কি বুজাইছে?
Next ৰেডিঅ’ জ্ঞানমালিনী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অগ্ৰণী পদক্ষেপ