মাৰ মধ্যবিত্তীয় চিন্তা-চৰ্চাবোৰৰ স্বৰূপ কেনেকুৱা? যোৱা ২৭ মে’ত তিনিচুকীয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি.জি.আৰৰ পাঁচ নম্বৰ খাদত কাৰিকৰী বিজুটি ঘটি অহৰহ গেছ নিৰ্গত হবলৈ ধৰিলে৷ গেছৰ লগতে তেলৰ কণিকাই বাঘজান আৰু পাৰ্শ্বৱৰ্তী নতুন ৰঙাগড়া, নতুন গাঁও, কলীয়াপানী, লিম্বুগুৰি মিৰ্জাপুৰ, ন-মতাপুং, হাটীবাট সাপপৰা, গৰিয়াটিং আদি বৃহত্তৰ অঞ্চলটো ছানি ধৰিলে৷ ডিব্ৰু-ছৈখোৱা, মাগুৰি মতাপুং বিলকে ধৰি অঞ্চলটোৰ তৃণভূমিসমূহৰ জৈৱ-বৈচিত্ৰ্যত সাংঘাতিক ধৰণেৰে ক্ষতিগ্ৰস্ত হ’ল৷ কিন্তু অসমত তাৰ সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত হোৱা দেখা নগ’ল৷ কাৰণ ধৰি লোৱা হ’ল বাঘজানত যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছে, সেয়েহে সেয়া বাঘজান আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ সমস্যা৷ ধৰি লোৱা হ’ল সেই দুৰ্ঘটনাটো বাঘজান আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ তথা অইল কৰ্তৃপক্ষৰ অভ্যন্তৰীণ সমস্যা৷ দুই একে মাত মাতিলে—উদাহৰণ- জুৰি বৰা বৰগোহাঞি, ডাঃ নীলাক্ষী চলিহা গগৈ, ভূতত্ত্ববিদ প্ৰদীপ কুমাৰ শইকীয়া ইত্যাদি৷ বাকী গৰিষ্ঠ সংখ্যক জনা বুজা ব্যক্তি নিমাত আৰু নিশ্চূপ হৈ থাকিল৷

কিন্তু অসমত তাৰ সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত হোৱা দেখা নগ’ল৷ কাৰণ ধৰি লোৱা হ’ল বাঘজানত যিহেতু দুৰ্ঘটনাটো সংঘটিত হৈছে, সেয়েহে সেয়া বাঘজান আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ সমস্যা৷ ধৰি লোৱা হ’ল সেই দুৰ্ঘটনাটো বাঘজান আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ তথা অইল কৰ্তৃপক্ষৰ অভ্যন্তৰীণ সমস্যা৷

৯ জুনত অহৰহ গেছ নিৰ্গমণৰ পাৰ্শ্বক্ৰিয়া হিচাপে খাদটোত জুই লাগিল৷ নিমিষতে পুৰি ছাই হৈ গ’ল স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি৷ জুই লগাৰ পিছত অহৰহ কাণ তাল মৰা গুমগুমনিয়ে অঞ্চলটো কঁপাই ৰাখিলে৷ বহু মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ল৷ তাৰ পিছতো একেটা ভূমিকাতে থাকিল অসমৰ মধ্যবিত্তীয় সমাজ৷

বাঘজান পুৰি ছাই হৈ গ’লেও  মধ্যবিত্তই মাত নামাতে কাৰণ সেয়া নিজৰ অঞ্চলত হোৱা নাই৷ সুদূৰ পাণ্ডৱ বিবৰ্জিত বাঘজানত গেছ লিকড্ হওক, জুই লাগক, জৈৱ-বৈচিত্ৰ্য ধ্বংস হওক, মানুহ পশু-পক্ষী, জীৱকুল, তৃণভূমি নিপাত যাওক, কাৰ কি আহে যায়? অইলৰ কাৰিকৰী ব্যৰ্থতাৰ বিৰুদ্ধে কাকোৱেই সৰৱ হৈ উঠা দেখা নগ’ল৷ বাঘজান, গুইজানৰ আশ্ৰয় শিবিৰত শৰণাপন্ন বিপন্ন ৰাইজৰ খবৰ লবলৈ কাৰোৰে আহৰি নহ’ল৷ ১০ জুনৰ নিশাৰে পৰা গোটেই অঞ্চলটোত এক অদ্ভুত ভূ-কম্পণৰ সৃষ্টি হ’ল আৰু এই লেখা যুগুতোৱালৈকে অবিৰত ভাৱে সেই কম্পন চলিয়ে আছে৷ আনকি তিনিচুকীয়া চহৰলৈকে সেই কম্পনৰ প্ৰাৱল্য অনুভূত হৈছে৷ ভূ-কম্পনৰ ফলত বাঘজান, কলীয়াপানী, নতুন ৰঙাগড়া আৰু শেহতীয়াকৈ তিনিচুকীয়া চহৰৰ বৰগুৰি অঞ্চলটো (ঘটনাস্থলীৰ পৰা তেৰ কিঃমিঃ আঁতৰৰ) ঘৰ ফাটিছে, খিৰিকীৰ গ্লাছ ভাঙিছে৷ অথচ মধ্যবিত্তীয় সমাজ নিশ্চূপ, মৌনব্ৰত ভূমিকাত৷

সংযোজন কৰো যে বাঘজানৰ তেলৰ খাদৰপৰা তেল-গেছ নিৰ্গমণ, অগ্নিকাণ্ডৰ ঘটনাৰ পিছৰপৰা সমগ্ৰ অঞ্চলবাসীয়ে সদায়ে নতুন নতুন দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈ আহিছে৷ সমগ্ৰ ঘটনাটোৰ পিছত বাঘজান খাদৰ নিচেই সমীপত বাসস্থান থকা শুক্লেশ্বৰ নেওগ নামৰ ব্যক্তিগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিবলগীয়া হ’ল অথচ মধ্যবিত্তীয় সমাজৰ এতিয়াও গা-লৰা নাই৷ নিশ্চূপ লেখক, কবি, বুদ্ধিজীৱী সমাজ, দল সংগঠন৷

কিন্তু কিয়? বাঘজানৰ সমস্যাটো আঞ্চলিক সমস্যা হিচাপে কিয় ধৰি লোৱা হ’ল? প্ৰান্তীয় সমস্যা বুলি ভবা হ’ল কিয়?

মন কৰিব আমাজনত জুই লাগোতে আমাৰ সচেতন সমাজে সামাজিক মাধ্যমকে ধৰি অন্যান্য মাধ্যমত ‘চেভ আমাজন’ হেচটেগেৰে তোলপাৰ লগাইছিল৷ সেই একেখিনি মানুহেই কিন্তু দিহিং-পাটকাই, ডিব্ৰু-ছৈখোৱা, মাগুৰি মতাপুং বিলৰ ধ্বংসযজ্ঞত নীৰৱ, সম্ৰাট নীৰুৰ ভূমিকা লৈছে৷ গঞা-জ্ঞাতি মৰি গলেও খবৰ নাই কিন্তু আমেৰিকা লণ্ডনৰ মানৱ অধিকাৰক লৈ আমি সোচ্ছাৰ৷ কিয়? কাৰণ দিহিং-পাটকাই, বাঘজান গ্লেমাৰৰ ইচ্ছ্যু নহয়৷ সেই কাৰণতেই নে? নে দিহিং-পাটকাই, বাঘজান ইচ্ছ্যুৱে মুনাফা লুটাৰ সুযোগ নিদিয়ে, আনকি গ্লেমাৰো নিদিয়ে৷

সমগ্ৰ ঘটনাটোৰ পিছত বাঘজান খাদৰ নিচেই সমীপত বাসস্থান থকা শুক্লেশ্বৰ নেওগ নামৰ ব্যক্তিগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিবলগীয়া হ’ল অথচ মধ্যবিত্তীয় সমাজৰ এতিয়াও গা-লৰা নাই৷ নিশ্চূপ লেখক, কবি, বুদ্ধিজীৱী সমাজ, দল সংগঠন৷

একেই প্ৰসংগত আজি কা-বিৰোধী আন্দোলনৰ কাৰাবন্দী অখিল, দেবাংগনা, ধৈৰ্য, বিতু, মানসৰ ক্ষেত্ৰতো দেখা পোৱা গ’ল৷ অখিল গগৈক মানৱ অধিকাৰ উলংঘনেৰে মাহৰ পিছত মাহ কাৰাৰুদ্ধ কৰি ৰখা হৈছে৷ ইটোৰ পিছত সিটোকৈ গোচৰ জাপি দি অন্যায়ভাৱে কণ্ঠৰোধৰ প্ৰচেষ্টা চলোৱা হৈছে৷ কিন্তু অসমৰ মধ্যবিত্তীয় সমাজ এতিয়াও নীৰৱ৷ নিৰুত্তৰ, নিৰুদ্বিগ্ন, উদাসীন৷ বলিউদৰ নেপ’টিজমক লৈ ব্যস্ত৷ মানৱ অধিকাৰ, নাৰী অধিকাৰৰ কথা কোৱাসকলে ভাৰতীয় সেনা বাহিনীৰ কোনোবা পাষণ্ড জোৱানে অসমীয়া যুৱতীৰ শ্লীলতা হৰণ কৰিলে নিমাতে ৰয়৷ হিন্দুত্ববাদী ভাৱত উটি ভাঁহি বিতৰ্ক কৰে ‘বেগমজান’ৰ নামত৷

মন কৰিবলগীয়া যে ‘চেভ আমাজন’, জে.এন.ইউ বা আন্তৰাষ্ট্ৰীয় সমস্যাত মাত মাতিলে অসম পুলিচৰ ৰোষত পৰাৰ সম্ভাৱনা নাথাকে৷ কিন্তু স্থানীয় ইচ্ছ্যুত মাত মাতিলে কাৰোবাৰ ৰোষত পৰাা সম্ভাৱনা থাকে৷ অপ্ৰিয় হ’লেও সত্য যে বাঘজান কাণ্ড, দিহিং-পাটকাই ইত্যাদি ইচ্ছ্যুবিলাক বহুতৰ বাবে সোণৰ কণী পৰা হাঁহ৷ অপ্ৰিয় হলেও সত্য এয়াই যে পুঠি-খলিহনাৰপৰা ৰৌ-বৰালীলৈকে এইবোৰ ইচ্ছ্যুৱে বিভিন্নজনক লাভান্বিত কৰে৷

অতএব অসমৰ বৌদ্ধিক সমাজ, মধ্যবিত্তীয় সমাজৰ স্বৰূপ এয়াই৷ ♦

Previous চাৰিখন শেহতীয়া মালায়ালম চিনেমা
Next ওদালগুৰিত হাতী-মানুহৰ সংঘাত ৰোধৰ অভিনৱ প্ৰয়াস