ভাৰত ৰত্ন’ বিষয়ক লৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গেই গণশিল্পী ভূপেন হাজৰিকাক ‘গায়ক’ বুলি তাচ্ছিল্যসুচক যি টিপ্পনী আগবঢ়াইছে, ইয়াৰ দ্বাৰা দলটোৰ  বহূচাৰিতা আৰু সংস্কাৰহীনতাৰ কথাই পুনৰবাৰ প্ৰমাণিত হ’ল।ইয়াৰ পূৰ্বেও কংগ্ৰেছ ক্ষমতাসীন হৈ থকা কালত দ্বিগ্বীজয় সিং নামৰ সংস্কাৰহীন নেতাজনে অসম সম্পৰ্কত কেতবোৰ অপমানসূচক মন্তব্য আগবঢ়াই থৈছে।অসম আৰু অসমীয়াৰ স্বাভিমান ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ প্ৰসংগলৈ টানি আনি খৰ্গেই আগবঢ়োৱা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কিয় দ্বিধা কৰিছে সি সহজেই অনুমেয়।আচলতে অসমীয়া জাতীয়তাবাদক লৈ শেহতীয়াকৈ সৰৱ দলটোৱে ইয়াৰ বিৰোধ কৰি নিজৰ সঁচা জাতীয়তাবাদৰ পৰিচয় দিব পাৰিব লাগিছিল।হাইকামাণ্ডমুখী দলটোৰ এই অসহায় অৱস্থা বৰ পুতৌলগা।ইফালে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই লৈ প্ৰতিক্ৰিয়া বেকত কৰি কংগ্ৰেছৰ স্বৰূপ ইতিমধ্যে উদঙাই দিছে।বিজেপিয়ে ভোট বেংক আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ সপক্ষত নিজৰ পিনে সমৰ্থন আদায় কৰিবলৈ ভাৰত ৰত্ন প্ৰদানেৰে ভূপেন হাজৰিকাক লৈ আৱেগৰ ৰাজনীতি কৰা বুলি ৰাজ্যব্যাপি চৰ্চা চলাৰ সময়তে চল চাই কঠীয়া পৰা কংগ্ৰেছেও ৰাইজৰ মতৰ সপক্ষত থাকি বিজেপিক সমালোচনা কৰাৰ সময়তে খৰ্গেৰ হৈ ওকালতি কাৰিবলৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছী নেতা গগৈয়ে স্বীকাৰ কৰিলে যে, ৰাজনৈতিক মত পাৰ্থক্য থকা বাবে আৰু ভোট বেংক নষ্ট হোৱাৰ ভয়ত কংগ্ৰেছে ভূপেন হাজৰিকাক ভাৰত ৰত্ন নিদিলে।এনে নিকৃষ্ট ৰাজনীতি যে এই ৰাজনৈতিক দলসমূহে কোনো অনায়াসে কৰিব পাৰে আৰু জনতাৰ আৱেগক লৈ যে হেতালি খেলিব পাৰে সি আকৌ এবাৰ স্পষ্ট হৈ পৰিল। ভাৰত ৰত্ন সন্মান আগবঢ়াই ভূপেন হাজৰিকাৰ নামত যি ৰাজনীতিৰ পাতনি বিজেপি আৰু কংগ্ৰেছে মেলিছে ইয়াৰ দ্বাৰা অসমীয়াৰ হিয়াৰ আমঠু ভূপেন দাক পাৰেপ্ৰকাৰে অপমান হে কৰিলে, এই অপমান অসমীয়াৰ স্বাভিমানক লৈ কৰা অপমান। সেয়ে নাগৰিকত্ব (সংশোধনী) বিধেয়ক প্ৰসংগত বিজেপিৰ সমানেই কংগ্ৰেছৰ স্থিতিও সন্দেহজনকেই নহয়, চিধা কথাত তেৰাসৱ বাংলাদেশী প্ৰেমী। 

 

সম্পাদক

✉ editor@biriyaa.com

Previous অপাৰেচন অল ক্লিয়েৰ-এ বিধ্বস্ত কৰা ভাৰত-ভূটান সীমান্তৰ  খৈৰাণিত  হস্তী অনুকূল পৰ্য্যটনৰ নৱ্যৰূপ
Next এথিক্সৰ ঠিকা কোনে লৈ থৈছে?

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে