স্বৰ্গত ভূপেন দাৰ স্বগতোক্তি


https://biriyaa.com/

ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ, অম্বিকাগিৰিয়ে কথা পাতি আছে। বিষয় না না। মাজে মাজে তিনিওৰে খং উঠে। অসমত কি চলি আছে তেওঁলোকৰ খবৰ আছে। অথচ তেওঁলোক উপায়হীন, নিৰ্বিকাৰ। কোনোবা এজন মন্ত্ৰীক গালি পাৰি পৰ্ব চলোঁতেই দূৰৰ পৰা বিষ্ণু ৰাভাই চিঞৰি একপ্ৰকাৰ দৌৰি অহা দি ভূপেন হাজৰিকাৰ কাষলৈ আহিল। “ঐ ভূপেন ঐ…. তোক ভাৰত ৰত্ন দিছে নহয় চৰকাৰে! মই এইমাত্ৰ নিউজ লাইভ চাই আহিছো। বাহ বাহ! ব’ল কিবা খুৱাবি আমাক”।

জ্যোতিপ্ৰসাদে তেতিয়া বিষ্ণু ৰাভাক কাষলৈ লৈ গৈ ক’লে : “তাৰ মন ভাল নহয় বৰ এটা।
সি ৰাজনীতিখিনি বুজি পাইছে…তাৰ নামটো যে ব্যৱহাৰ কৰা হৈছে বেলেগ উদ্দেশ্যত সেইটো বুজি পাইছে। তাক অলপ অকলে এৰা…”।

ভূপেন হাজৰিকাই গম পাইছো বুলি কৈ আৰু একো নক’লে। জ্যোতিপ্ৰসাদে তেতিয়া বিষ্ণু ৰাভাক কাষলৈ লৈ গৈ ক’লে : “তাৰ মন ভাল নহয় বৰ এটা। সি ৰাজনীতিখিনি বুজি পাইছে…তাৰ নামটো যে ব্যৱহাৰ কৰা হৈছে বেলেগ উদ্দেশ্যত সেইটো বুজি পাইছে। তাক অলপ অকলে এৰা…”।

বিষ্ণু ৰাভাই তেতিয়া হাঁহি হাঁহি ক’লে : “আৰে মই কি ৰাজনীতি নুবুজো?ময়োতো এম.এল.এ আছিলো তাৰ নিচিনাকৈ। ময়ো দেখিছো দিয়াচোন ৰাজনীতি। আৰু এই পঘা বান্ধি মানুহে টানি নিয়া মানুহটোতকৈ মানসিক আৰু শাৰীৰিক অত্যাচাৰ কি আৰু ভালকৈ কোনে বুজিব? আৰ.চি.পি.আই কৰাৰ দিনৰ পৰাই এপিজমেন্ট পলিটিক্স দেখি আহিছো। ভূপেন তই চিন্তা কৰি নাথাক। অল ইজ ৱেল!”। অম্বিকাগিৰিয়ে তেতিয়া ক’লে : “ভূপেন, ডেকা অসমীয়াই হাজাৰ মোবাইল টিপক…. বন্দো কি ছন্দেৰেৰ অৰ্থ এদিন নহয় এদিন বুজিব। তেজ যিমান যি নহ’লেও অসমীয়া”। বিষ্ণু, জ্যোতি, অম্বিকাগিৰি আঁতৰি গ’ল। ভূপেন দাই এতিয়া পায়চাৰি কৰি আছে। অকলে, নিৰলে। তেওঁ স্বগতোক্তি কৰিছে : “হে মোৰ মৰমৰ অসমীয়া ডেকা গাভৰু….পাহৰি নাযাবা আছে যে শতৰু…. মই নাথাকিলেও মোৰ গানবোৰ আছে…নিতৌ অসমীক সেৱা যি যাচে…বুজি লোৱা কিঞ্চিত মন প্ৰাণ খুলি…. য’তে ত’তে লুকাই আছে ভাও ধৰা কুলি…সাৱধান…সাৱধান!”

সা য় ন্ত ন শ ই কী য়া

চিন্তা উদ্ৰেককাৰী ব্যংগৰে পঢ়ুৱৈক আকৰ্ষণ কৰা  অসমৰ নতুন প্ৰজন্মৰ এগৰাকী ব্যংগ লেখকৰ লগতে ৰাজনৈতিক বিশ্লেষক আৰু কুইজমাষ্টাৰ। বিৰিয়াৰ পাঠকৰ বাবে শইকীয়াৰ নিয়মীয়া ব্যংগৰ শিতান - 'শুনা শুনা সৰ্বজন'।

Previous জন গণ মন অধিনায়ক?
Next কোলাৰ এৰি বোকোচালৈ মেলা হাত আৰু বিছিন্নতাবাদ

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে