“আকৌ নতুন প্ৰভাত হ’ব/ কালৰাত্ৰি-এ নাথাকিব/ নিউ নিউ কৰা ফেঁচাৰ চিঞৰ/ শিয়ালৰ ৰাৱ আঁতৰিব“
যথাৰ্থতেই মানুহৰ শিল্পী, জনতাৰ শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা উভতি নহাৰ বাটেৰে, উলতি নহাৰ প্ৰতিশ্ৰুতিৰে আমাৰ মাজৰ পৰা আঁতৰি গ’ল যদিও তেওঁৰ অনন্য কৰ্মজীৱনেৰে দি থৈ গ’ল অনন্য উদাহৰণ৷
আহিম বুলি আহিন আহিলেই৷ আহিনৰ সুগন্ধিয়ে আমোলমোলাই চৌদিশ ৰজনজনাই যোৱাৰ লগে লগে আমাৰ মনলৈ যেন সাহসৰ অফুৰন্ত শকতি আহি গ’ল৷ সেই শকতি ভয়ক জয় কৰাৰ, সেই শকতি অসততাক জয় কৰাৰ সেই শকতি কলুষতাক জয় কৰাৰ৷
আহিনৰ শেৱালি ফুলৰ সুগন্ধিৰ সতে বতাহত ভাঁহি আহিছে প্ৰতিবাদী কণ্ঠৰ প্ৰতীক জয়ন্ত হাজৰিকাৰ সেই চিনাকি সুৰ “আকৌ নতুন প্ৰভাত হব”— হাৰমনিয়ামৰ ৰীডত আঙুলি বুলাই তেওঁ যেন আকৌ নতুন প্ৰভাতৰ সপোন দেখিছে৷ সময়ৰ লেখেৰে পুৰণি হলেও সেই সুৰ, সেই কণ্ঠ, এতিয়াও প্ৰণোচ্ছল৷ কাৰণ সেই সুৰ আৰু কণ্ঠই জিনিব পাৰিছিল সময়, জিনিব পাৰিছিল হৃদয়৷ এক অমোঘ সংগ্ৰামৰ প্ৰতীক জয়ন্ত হাজৰিকাই অবধাৰিত ভাবে সীমাৰ পৰিধি ভাঙি শত শহস্ৰ জনৰ হৃদয়ত এতিয়াও সংগীতৰ নিভাজ খণিকৰ হিচাপে সাৰে আছে প্ৰতিপল৷ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই যাক মৰমতে “ৰাণা ভাইটি“ বুলি মাতিছিল, তেৱেই শিল্পী জয়ন্ত হাজৰিকা৷ ২০ ছেপ্টেম্বৰ দিনটোৱেই অমৰ শিল্পী ৰাণা ওৰফে জয়ন্ত হাজৰিকাৰ জন্ম দিন৷ ১৯৪৩ চনৰ এই দিনটোতেই জনগণৰ শিল্পী, সময়ৰ কথা কোৱা শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল মঙলদৈত৷ প্ৰতিটো মুহূৰ্ত তীব্ৰ প্ৰত্যাহ্বান আৰু সময় ধুমুহাৰ সতে বিৰামহীন ভাৱে বলিষ্ঠ খোজেৰে সংগীত সাধনা কৰা নিভাঁজ শিল্পী জয়ন্ত হাজৰিকাই জীৱনৰ মাথোঁ ৩৪টা বসন্ত গৰকি অনাকাংক্ষিত ভাবে আমাৰ মাজৰ পৰা আঁতৰি যাব লগা হৈছিল৷ অৱশ্যে বয়সৰ জোখতকৈ কামৰ জোখেৰে এইগৰাকী অনন্য প্ৰতিভাধৰ শিল্পীয়ে ৰাখি থৈ গৈছে অলেখ সোণালী চিহ্ন৷
“GUN“ৰ সলনি “গান“এৰে বৃহত্তৰ অসমীয়া সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ সাঁকো গঢ়িব খোজা জয়ন্ত হাজৰিকাই নিজৰ দেহৰ তেজ আৰু ঘাম একাকাৰ কৰি ১৯৭৭ চনত গঢ়ি তুলিছিল “সুৰ বাহিনী ৷ ’’সেই সময়ৰ বান বিধস্ত অসমীয়া ৰাইজক সহায় কৰাৰ উদ্দেশ্যে গোলাঘাটৰ বাকৰিৰ পৰাই আৰম্ভ কৰিছিল “সুৰ বাহিনী“ৰ অমসৃণ যাত্ৰা৷ ৰাজপথত গীতৰ লহৰ তুলি বানাক্ৰান্ত অসমীয়া ৰাইজৰ কাৰণে এপইচা দুপইচা কৈ গঢ়িছিল আৰ্থিক পুঁজি৷ সেইদৰে ঢোলৰ যাদুকৰ মঘাই ওজাৰ চিকিৎসাৰ কাৰণে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে ১৯৭৭ চনৰ ১৩ আগষ্টত সুৰ বাহিনী লৈ জয়ন্ত হাজৰিকা উপস্থিত হৈছিল ডিব্ৰুগড়ত৷ আৰম্ভণিতে সুৰ বাহিনীক লৈ সন্দেহ আৰু উৎকণ্ঠা জাগিছিল সাধাৰণ ৰাইজৰ মনত৷ পিছে জনতাৰ বাবে গীত গোৱা জয়ন্ত হাজৰিকাই সন্দেহৰ আৱৰণ গুচাই ৰাজপথত মাইক্ৰফোনটো হাতত লৈ কৈছিল–“মই কথা কম৷ কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে৷ মই গীত গাবলৈ ওলাই আহিছো ৰাজপথলৈ, মঞ্চলৈ নহয়৷ মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত সদায় থিয় দিয়া৷ সংস্কৃতিৰ নামত দুস্কৃতিৰ পোহাৰ মেলা সকলক সুৰ বাহিনীয়ে বাধা দিব–গীতেৰে, সুৰেৰে৷’’ সঁচাকৈয়ে, এগৰাকী শিল্পীৰ বাবে ইয়াতকৈ আৰু মহৎ কৰ্মই বা কি হ’ব পাৰে? এইগৰাকী শিল্পী জীৱনৰ মাত্ৰ ৯ বছৰ বয়সতে অন্যতম জ্যেষ্ঠ ভাতৃ নৃপেন হাজৰিকাৰ এটা গীতত সুৰ সৃষ্টি কৰি স্বকীয় শিল্পী সত্ত্বাৰ পৰিচয় দিয়া জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা ৰ আঙুলিত ধৰিয়েই এদিন আৰম্ভ কৰিয়েই কৰিছিল সংগীতৰ কণ্টকাকীৰ্ণ যাত্ৰা পথ৷ এইচ.এম.ভি ৰেকৰ্ডছত প্ৰথম বাণীবদ্ধ হৈছিল জয়ন্ত হাজৰিকাৰ দুটি গীত৷ —“আগলি বতাহে কপালে কলৰে পাত“ আৰু “কৃষ্ণচূড়া কৃষ্ণচূড়া৷“ উল্লেখ্য যে নিজ ঘৰত বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাকে ধৰি তেখেতৰ ককায়েক বাইদেৱেকৰ লগত এক সুন্দৰ সাংস্কৃতিক পৰিবেশ পাইছিল৷ সৰু কালতেই শিল্পী গৰাকীয়ে লগ গাইছিল বিপ্লবী, সৈনিক-শিল্পী বিষ্ণু ৰাভাক৷ বিষ্ণু ৰাভাক লগ পাই তেখেতৰ পৰা যথেষ্ট পৰিমাণে প্ৰেৰণা লাভ কৰিছিল আৰু তেখেতক আদৰ্শ পুৰুষ হিচাপে গ্ৰহণ কৰিছিল৷ ইয়াৰ পিছতেই ভাৰতীয় গণ নাট্য সংঘৰ লগত জড়িত হৈ হেমাংগ বিশ্বাস, বলৰাজ চাহনী, ব্ৰজেন বৰুৱা, সুমিত্ৰা মিত্ৰ, সলীল চৌধুৰী আদি বিখ্যাত গণশিল্পী সকলৰ সংস্পৰ্শলৈ আহে আৰু তেওঁলোকৰ আদৰ্শৰেই নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িছিল৷
উল্লেখ্য যে তথ্য চিত্ৰ কৰিহে তেওঁ বেছি আনন্দ লাভ কৰিছিল৷ মঞ্চ নাটৰ সংগীত পৰিচালনা কৰিও তেখেতে ভাল পাইছিল৷ তেখেতে সংগীত পৰিচালনা কৰা প্ৰথম নাট আছিল বিখ্যাত প্ৰগতিশীল নাট্যকাৰ অৰুণ শৰ্মা ৰচিত “জিন্তী৷“ সেই সময়ত তেওঁ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী৷ ৰেডিঅত গোৱা তেখেতৰ প্ৰথম গীত আছিল “অ অসমৰে ৰাইজ মুকুতিৰ সেনানী আজি সাজ”
তাৰ পাছত আৰু যেন থমকি ৰব লগা হোৱা নাছিল ভূপেন দাৰ মৰমৰ ভাইটি “ৰাণা৷“ ১৯৬৩ চনত “মণিৰাম দেৱান“ বোলছবি খনত শ্যামল মিত্ৰৰ সৈতে তেওঁ একেলগে নেপথ্য গায়ক হিচাপে পৰিবেশন কৰিছিল “সোণৰ বৰণ পাখিৰে তোৰ“ শীৰ্ষক গীতটো৷ তদুপৰি “লটিঘটি“ “ফাগুণী“ “চিকমিক বিজুলী“কে ধৰি আন কেইবাখনো বোলছবিৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰা জয়ন্ত হাজৰিকাই “বনৰীয়া ফুল“, “নিয়তি“, “বৃষ্টি“, “ধৰ্মকাই“, “নতুন আশা“ আদি বোলছবিৰ সংগীত পৰিচালনাৰ দৰ কঠিন কামো কৰিছিল৷ আহি আহি এটা সময়ত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী অন্যতম, অপ্ৰতিদন্দী তথা জনপ্ৰিয় শিল্পী হিচাপে সুখ্যাতি অৰ্জন কৰা জয়ন্ত হাজৰিকাই নটসূৰ্য ফণী শৰ্মাৰ বিখ্যাত “চিৰাজ“, প্ৰফুল্ল বৰাৰ “বান“ মঞ্চ নাটকৰো সংগীত পৰিচালনা কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ অসমীয়া ভাষাত বহু অমৰ গীতৰ সৃষ্টিৰে সমসাময়িক অসমীয়া সংগীতৰ ইতিহাসত এক সোণালী অধ্যায় সংযোজন কৰা অমৰ শিল্পী জয়ন্ত হাজৰিকাই অসমৰ থলুৱা আৰু পশ্চিমীয়া সুৰৰ অনুপম সংমিশ্ৰণেৰে অসমীয়া সংগীতৰ ধাৰালৈ লৈ আহিছিল এক নতুন অধ্যায়৷ কিন্তু অতীতৰ এইগৰাকী জয়ন্ত হাজৰিকাৰ বৰ্তমান সময়ত প্ৰাসংগিকতা থাকিলনে? সময়ে অৱশ্যে এই প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থকা নাই৷ অন্তহীন সমস্যা, দুখ-যাতনা অথবা বেজাৰত অসমী আই যেতিয়া দিশহাৰা হৈ পৰে তেতিয়াই আমাৰ সৰলমনা ভাৱনাত তগবগাই উঠে আন বহুতো ছবিৰ দৰে জয়ন্ত হাজৰিকাৰ ছবি৷ বিপদৰ সময়ত ৰাইজৰ কাষত ঠিয় হবলৈ হাজাৰজন জয়ন্ত হাজৰিকা আগবাঢ়ি আহক আমাক সান্ত্বনাৰ বাণীৰে, প্ৰতিশ্ৰুতিৰ সুৰেৰে অভয় বাণী লৈ৷ টোপনি নহা অসমীয়াৰ কপালত সান্ত্বনাৰ হাত বুলাই দিবলৈ আন কোনো নাহিলেও অন্ততঃ জয়ন্ত হাজৰিকা আহক প্ৰেৰণাৰ উৎস হৈ৷ মাটি-পানী-বায়ু আৰু অসমীয়াৰ আবেগ চেতনাৰে সম্পৃক্ত অমৰ শিল্পী গৰাকীয়ে যথাৰ্থতেই গাইছিল৷
“মই মিলি যাম এই দেশৰ ধূলিত / মিলি যাম এই সাৰুৱা মাটিত / মিলি যাম মই পাহাৰে-ভৈয়ামে / সেউজী সেউজী সেউজী হৈ ৷ ’’
এৰা, এই অসম দেশৰ ধূলি-বালি, আকাশে-বতাহে, পাহাৰে-ভৈয়ামে এতিয়াও অতন্দ্ৰ প্ৰহৰী হৈ সাৰে আছে জয়ন্ত হাজৰিকা৷ এদিন হয়তো নিজৰ জীৱনৰ ওপৰতেই অভিমান কৰি অজান সূৰ্যোদয়ৰ লক্ষ্যৰে কোনোবা দিগন্ত বিহীন ঠিকনা লৈ তেওঁ চিৰ দিনৰ বাবে গুছি গৈছিল৷ কিন্তু আমাৰ আপোন শিল্পী জয়ন্ত হাজৰিকাই যুগ যুগ ধৰি এৰাব নোৱাৰাকৈ বৰ্তমানক সম্বৃদ্ধ কৰি থৈ গৈছে৷ মানুহৰ বাবেই তেওঁ হাতত হাৰমনিয়ামটো লৈ অৰঙে দৰঙে গীত গাই ফুৰিছিল৷ সেই বাবেই মানুহ থাকে মানে, সমাজ থাকে মানে, জাতি থাকে মানে, দেশ থাকে মানে জীয়াই থাকিব জয়ন্ত হাজৰিকাৰ কথা, সুৰ অথবা গীতবোৰ৷
“মই যি বাটেৰে ওলালো আজি /
নাহো উলটি /মই ন পথেৰে /
জ্যোতিৰে পথিক /ফুৰো বিচাৰি৷ ’’
সঁচাকৈয়ে সেই কালজয়ী কথা-সুৰ অথবা যাদুকৰী কণ্ঠক সুঁৱৰি ২০ ছেপ্টেম্বৰৰ পবিত্ৰ জন্ম দিনটোত জয়ন্ত হাজৰিকাক আনুষ্ঠানিকভাৱে সোঁৱৰি, শ্ৰদ্ধা নিবেদন কৰে ৰাজ্যৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান “সুৰ সন্ধান“এ৷ ইয়াৰোপৰি সম্প্ৰতি অসমৰ চুকে-কোণে জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস তথা তেখেতৰ কৰ্মৰাজীৰ বিশ্লেষণ আৰম্ভ হৈছে৷ গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তি স্থলীতেই প্ৰতি বছৰে সুৰ সন্ধানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আপোনা শিল্পী গৰাকীক সোঁৱৰে৷ স্বাভাৱিকতে জয়ন্ত হাজৰিকাৰ পবিত্ৰ জন্ম দিনটোৱে বাৰে বাৰে আজুঁৰি আনে কঠিন প্ৰশ্ন৷
আজিৰ শিল্পীয়ে জয়ন্ত হাজৰিকাৰ পদাংক অনুসৰণ কৰিব পাৰিবনে? আজি দেখা গৈছে এছাম শিল্পী নামধাৰী গায়ক-গায়িকাই বাট এৰি অবাটে খোজ কাঢ়িব লাগিছে৷ সংস্কৃতিৰ নামত অপসংস্কৃতিৰ পোহাৰ মেলিছে৷ সেয়ে এতিয়া খুবেই জৰুৰী হৈ পৰিছে অপসংস্কৃতিৰ পৰা উদ্ধাৰ কৰিবলৈ, জাতিধ্বংসী কৰ্মকাণ্ডৰ পৰা ৰক্ষা কৰিবলৈ কালজয়ী শিল্পী জয়ন্ত হাজৰিকাৰ নিচিনা শিল্পীৰ৷ অৱশ্যে এটি আশাৰ বতৰা যে অতি সম্প্ৰতি উদীয়মান এচাম গায়ক-গায়িকা আগবাঢ়ি আহিছে জয়ন্ত হাজৰিকাৰ গীতৰ অনুশীলন আৰু মূল্যাংকন কৰিবলৈ৷ তেওঁলোকে জয়ন্ত হাজৰিকাৰ গীত সুন্দৰকৈ গাবলৈ আৰম্ভ কৰিছে৷ —নিজৰ কাৰণে ভাবিবলৈ আহৰি নথকা কালজয়ী শিল্পী জয়ন্ত হাজৰিকাই সঠিকভাৱেই প্ৰাণ ঢালি গাইছিল সেই গান
“আনৰ কাৰণে জীৱন শলিতা /
কিমান জলাবা আৰু /
আৰু কিমান বাকী আছে /
আনৰ কাৰণে কলিজাৰ তেজ /
কিমান ঢালিবা আৰু /
আৰু কিমান বাকী আছে ’’ ♦